পাণ্ডুৰাংগ বমন কানে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাণ্ডুৰাং বমন কানে
জন্ম ৭ মে, ১৮৮০ চন
পৰশুৰাম, ৰত্নগিৰি জিলা, মহাৰাষ্ট্ৰ
মৃত্যু ১৯৭২
পেচা শিক্ষক,অধ্যাপক,উপাচাৰ্য্য,
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ, শিক্ষাৰ স্নাতক, আইনৰ স্নাতকোত্তৰ
উল্লেখযোগ্য বঁটা ভাৰত ৰত্ন (১৯৬৩)

পাণ্ডুৰাংগ বমন কানে(ইংৰাজী: Pandurang Vaman Kane) (১৮৭৫-১৯৫০) ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২ চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ শলাগ লৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। তেওঁ বোম্বাই বিশ্ববিদ্যালয়উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বোম্বাই বিশ্ববিদ্যালয়ৰ দ্বাৰা তেওঁক বিশিষ্ট সদস্য (ফেল) সন্মানেৰে সন্মানিত কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ে তেওঁলৈ ডক্টৰ অব লিটাৰেচাৰ উপাধি প্ৰদান কৰিছিল।[1]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

পাণ্ডুৰং বমন কানেৰ ১৮৮০ চনৰ ৭ মে তাৰিখে মহাৰাষ্ট্ৰৰত্নগিৰি জিলাৰ পৰশুৰাম গাঁৱত জন্ম হয়। তেওঁৰ পিতাকৰ নাম বমন ৰাৱ। কানে নামে তেওঁলোকৰ বংশ পৰিচিত।[1]

শিক্ষা জীৱন[সম্পাদনা কৰক]

পাণ্ডুৰং বমন কানেয়ে মিছনাৰী স্কুল এখনৰ পৰা সৰুকালৰ শিক্ষা গ্ৰহণ কৰে। ১৮৯১ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়, ১৯০১ চনত স্নাতক পাঠ্যক্ৰমৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯০৩ চনত তেওঁ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ উত্তীৰ্ণ হয় বি. এড আৰু আইনৰ সৰ্বোচ্চ ডিগ্ৰী আইন স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পৰীক্ষাত।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

পাণ্ডুৰং বমন কানেয়ে ৰত্নগিৰিত শিক্ষকতাৰে কৰ্মজীৱনত আৰম্ভ কৰিছিল। ৰত্নগিৰিৰ পিছত বোম্বাই এলফিনষ্টন স্কুলতো শিক্ষকতা কৰিছিল। পিছত তেওঁ শিক্ষকতা এৰি, বোম্বাই হাইকোৰ্টত ওকালতি কৰিছিল। তেওঁ চৰকাৰী আইন কলেজতো অধ্যাপনা কৰিছিল কিছুদিন। অকল আইননতে নহয়, সাহিত্য-ভূগোল আদি বিষয়তো তেওঁৰ অগাধ জ্ঞান আছিল। অলঙ্কাৰ সাহিত্যৰ ইতিহাস লিখি তেওঁ সোণৰ পদক লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল। মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন কাৰ্যও তেওঁৰ দ্বাৰাই সম্পাদিত হৈছিল। কানেৰ জীৱনৰ উজ্জল স্বাক্ষৰ হল-ধৰ্মশাস্ত্ৰৰ ইতিহাস। এই শাস্ত্ৰ পাঁচটা খণ্ডত সমাপ্ত হৈছিল। সংস্কৃত ধৰ্মশাস্ত্ৰৰ এই বুৰঞ্জীখন ভাৰতবৰ্ষৰ এক গৌৰৱোজ্জল স্বাক্ষৰ আছিল। তেওঁৰ ১৯৪২ চনত বোম্বাই চৰাকৰে তেওঁক পাণ্ডিত্যৰ চিন স্বৰূপে তেওঁলৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ে ডক্টৰ অব লিটাৰেচাৰ, বোম্বাই বিশ্ববিদ্যালয়ে বিশিষ্ট সদস্য (ফেল) সন্মান যাঁচিছিল। ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৪৮ চনত পেৰিচত বহা প্ৰাচ্য বিদ্যাৰ আন্তৰাষ্ট্ৰীয় পৰিষদ যোগদান কৰাৰ উপৰিও তেওঁ ইস্তাম্বুল আৰু কেম্ব্ৰিজত বহা এই পৰিষদত যোগদান কৰিছিল। ১৯৫৯ চনৰ পৰা ভাৰত চৰকাৰে তেওঁক ভাৰত-বিদ্যাৰ ৰাষ্ট্ৰীয় অধ্যাপক হিচাপে নিযুক্ত কৰিছিল। স্ত্ৰী শিক্ষা বিস্তাৰ, বিধৱা বিবাহ প্ৰচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে কানেয়ে আহোপুৰুষাৰ্থ চেষ্টা অব্যহত ৰাখিছিল। পণ্ঢৰপুৰৰ বিটঠল মন্দিৰত মূৰৰ চুলি খুৰোৱা, মহিলাক মন্দিৰত সোমাব নিদিছিল আৰু তাৰ গণপতি উত্সৱত ব্ৰাহ্মণ সভাই হৰিজনসকলক যোগ কৰিবলৈ নিদিছিল। কিন্তু কানেয়ে এই কামৰ তীব্ৰ বিৰোধীতা কৰি এনে নীতি খণ্ডন কৰিবলৈ সক্ষম হৈছিল।[1]

পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

পাণ্ডুৰং বমন কানেয়ে ১৯৭২ চনত ইহলীলা সম্বৰণ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৪৩,৪৪.