পানী দিহিং অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary)
মানচিত্ৰত পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary)ৰ অৱস্থিতি
অসমত পানী দিহিং অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান শিৱসাগৰ জিলা, অসম, ভাৰত
নিকটতম চহৰ Sivasagar
স্থানাংক 27°7′19″N 94°35′47″E / 27.12194°N 94.59639°E / 27.12194; 94.59639স্থানাংক: 27°7′19″N 94°35′47″E / 27.12194°N 94.59639°E / 27.12194; 94.59639[1]
ক্ষেত্ৰফল ৩৩.৯৩ km2 (১৩.১০ sq mi)
প্ৰতিস্থা ১৯৯৬
গভাৰ্নিং বডী Department of Environment & Forests, Assam

পানী দিহিং অভয়াৰণ্য (ইংৰাজী: Pani Dihing Wildlife Sanctuary ) অসমশিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷[2]

ইতিহাস[সম্পাদনা কৰক]

এই বনাঞ্চলখনক অসম চৰকাৰএ ১৯৯৬ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৯৯ চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়ে৷ [3]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

পানী দিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰ জিলাৰ প্ৰায় ৬০-৭০ বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত হৈ আছে৷ ইয়াৰে ৩৩.৯৩ বৰ্গ কিলোমিটাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গণ্য কৰা হৈছে৷[4] এই বনাঞ্চলখনৰ উত্তৰ-পশ্চিম দিশত ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে দিচাং নৈ বৈ গৈছে৷ [3]

বতৰ[সম্পাদনা কৰক]

পানী দিহিং অভয়াৰণ্যৰ বতৰ সেমেকা ক্ৰান্তীয় (moist tropical)৷ বছৰি গড় তাপমাত্ৰা সৰ্বনিম্ন ৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্ব্বোচ্চ প্ৰায় ৩৫ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হয়৷[5] বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ৩২০০ মিমি আৰু আপেক্ষিক আৰ্দ্ৰতা (relative humidity) ৬৫-৮৫% হোৱা দেখা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

উদ্ভিদকুল[সম্পাদনা কৰক]

এই বনাঞ্চল বিশেষকৈ জলজ উদ্ভিদ আৰু ঘাঁহনিৰে পৰিপূৰ্ণ৷

প্ৰাণীকুল[সম্পাদনা কৰক]

স্তন্যপায়ী প্ৰাণী[সম্পাদনা কৰক]

অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, বন-ৰৌ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, ছাগলী পহু, শিয়াল, শৰপহু, সুগৰী পহু, হলৌ বান্দৰ

চৰাই-চিৰিকটি[সম্পাদনা কৰক]

প্ৰায় ২৬৭ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়৷ ইয়াৰে ৭০ বিধ মান পৰিভ্ৰমণকাৰী চৰাই বুলি তথ্য পোৱা গৈছে৷[6] এই চৰাই সমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল- কাঠ শালিকা, কামচৰাই, কিকি হাঁহ, কুটুম চৰাই, আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া, হাইঠা, উকাহ, উলূম’ৰা, ক'লা আকুহী বগ, কণামুছৰি, কনুৱা, কাকৈশিৰা, কুলি, কুৰুলী ফেঁচা, কুৰুৱা, কেঁচুখাটী, কেতেকী, কৈলাঙী, কোকলোঙা, ক’লা টুনি, খন্তীয়া হাঁহ, চাকৈ-চকোৱা, চাতক, চিলনী, গাং শালিকা, কমলা-বুকুৰ হাইঠা, কলীমূৰী হাঁহ, কাকলি হাঁহ, গো-বগ,ঘিলা হাঁহ, চুটীয়া শালিকা, বিহুৱতী চৰাই, বুলবুলি, বৰ বগ, বৰটোকোলা, বৰবালি বগুৱা, দলপুঙা,দলমৰা, দহিকতৰা, দিনকণা, দীঘলনেজী, দেওৰাজ হাঁহ, দৈকলা, বৰমূগী হাঁহ, শৰালি, বৰহাইঠা ইত্যাদি৷ [7][8]

ভাবুকি[সম্পাদনা কৰক]

জৈৱবৈচিত্ৰৰে সমৃদ্ধ এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ প্ৰধান সংকট হৈ পৰিছে চোৰাং চিকাৰ আৰু অভয়াৰণ্যৰ ভিতৰত বেআইনীভাৱে গৰু চৰোৱা,মাছ ধৰা ইত্যাদি কাৰ্য্য৷ [6][9]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "Pani Dihing Wildlife Wildlife Sanctuary". Wikimapia.org. http://wikimapia.org/17463341/Panidihing-Wildlife-Sanctuary। আহৰণ কৰা হৈছে: 2013-06-19. 
  2. "Department of Environment & Forests (Government of Assam)". online.assam.gov.in. http://online.assam.gov.in/wild-life-sanctuaries। আহৰণ কৰা হৈছে: 2013-06-19. 
  3. 3.0 3.1 "Panidihing–A Paradise of Birds North east diary". Yojana. August 2013. http://yojana.gov.in/topstory_details.asp?storyid=470। আহৰণ কৰা হৈছে: 9 August 2013. 
  4. http://enajori.com/wildlife/sanctuaries/pani-dihing-wildlife-sanctuary/
  5. http://enajori.com/wildlife/sanctuaries/pani-dihing-wildlife-sanctuary/
  6. 6.0 6.1 "Plan to rid reserve of cattle, poachers". The Telegraph. 28 September 2010. http://www.telegraphindia.com/1100928/jsp/northeast/story_12985828.jsp। আহৰণ কৰা হৈছে: 9 August 2013. 
  7. "Wildlife on lens for a cause". The Telegraph. 13 July 2013. http://www.telegraphindia.com/1130713/jsp/northeast/story_17110277.jsp#.UgUFJ9JHLns। আহৰণ কৰা হৈছে: 9 August 2013. 
  8. "Around 40 White-rumped Vultures sighted in Panidihing Sanctuary in Assam". http://www.conservationindia.org/news/around-40-white-rumped-vultures-sighted-in-panidihing-sanctuary-in-assam। আহৰণ কৰা হৈছে: 9 August 2013. 
  9. "Beastly tales from Panidihing - Poachers, villagers poison birds in Sivasagar sanctuary for meat". The Telegraph. 6 November 2002. http://www.telegraphindia.com/1021106/asp/northeast/story_1357584.asp। আহৰণ কৰা হৈছে: 9 August 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]