পাবলো পিকাছো

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
পাবলো পিকাছো

১৯৬২ চনত পাবলো পিকাছো
নাম পাবলো ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছো[1]
জন্ম ২৫ অক্টোবৰ, ১৮৮১
মালাগা, স্পেইন
মৃত্যু ৮ এপ্ৰিল, ১৯৭৩
মৌগিন্‌ছ, ফ্ৰান্স
দেশ স্পেনীয়
পেচা চিত্ৰ, নক্সা, ভাস্কৰ্য্য,চেৰামিক্‌ছ
প্ৰশিক্ষণ জ’ছ ৰুইজ ৱাই ব্লাছক’ (পিতৃ),
ৰিয়েল একাডেমীয়া ডে আৰ্টছ ডে ছান ফাৰ্নাণ্ড’
বিপ্লৱ কিউবিজম
কৰ্মৰাজী লা ডেম’ইচেলেছ ডি এভিগন’ন (1907)
গুৱেৰ্নিকা (১৯৩৭)
দা ৱিপিং ৱ’মে’ন (1937)

পাবলো ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছো বা চমুকৈ পাবলো পিকাছো (২৫ অক্টোবৰ, ১৮৮১- ৮ এপ্ৰিল, ১৯৭৩) আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটাইছিল। কিউবিজম বিপ্লৱৰ এজন সহ-প্ৰতিষ্ঠাপক হিছাপে আৰু বিভিন্ন শৈলীৰ বিকাশ তথা প্ৰসাৰৰ বাবে তেওঁ জনাজাত।[2][3] তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত কিউবিজমৰ প্ৰভাৱ থকা লা ডেম’ইচেলেছ ডি এভিগন’ন আৰু গুৱেৰ্নিকা উল্লেখযোগ্য।

পিকাছো, হেনৰী মেটিছ আৰু মাৰ্চেল দুচাঁক বিংশ শতিকাৰ প্ৰথমভাগত প্লাষ্টিক কলাৰ বৈপ্লৱিক বিকাশ ঘটোৱা তিনিজন শিল্পী বুলি কোৱা হয় যি চিত্ৰশিল্প, ভাস্কৰ্য, প্ৰিণ্টমেকিং আৰু চেৰামিক্‌ছৰ জগতলৈ আমূল পৰিৱৰ্তন আনিছিল।[4][5][6][7]

ডন জ'ছ ৰুইজ ব্লাস্ক' আৰু মাৰিয়া পিকাছো লোপেজৰ প্ৰথম সন্তান পিকাছোয়ে সৰুকালৰেপৰাই চিত্ৰকলাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। প্ৰথম অৱস্থাত বাস্তৱিক ৰূপৰ ছবি অঁকাৰ পিছত বেলেগ বেলেগ তত্ত্ব, কৌশল আৰু ভাৱৰ ফলস্বৰূপে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই তেওঁৰ শৈলী সলনি হ’বলৈ ধৰে। চিত্ৰকলা আৰু ভাস্কৰ্য্যশিল্পৰ জগতত তেওঁৰ বৈপ্লৱিক কৃতিত্বৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰে আৰু বিংশ শতিকাৰ এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিছাপে প্ৰতিষ্ঠা লাভ কৰে।


সূচী

[সম্পাদনা কৰক] পাদটীকা

[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] বহিঃ সংযোগ

[সম্পাদনা কৰক] ৰচনা

[সম্পাদনা কৰক] সংগ্ৰহালয়

Musée Picasso, Paris, (Hotel Salé, 1659)
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত