পাৰ্বতী প্ৰসাদ বৰুৱা
| পাৰ্বতী প্ৰসাদ বৰুৱা | |
|---|---|
| জন্ম | ১৯ আগষ্ট, ১৯০৪ শিৱসাগৰ, অসম |
| মৃত্যু | ৭ জুন, ১৯৬৪ |
| পেচা | কবি, গীতিকাৰ, নাট্যকাৰ |
| ভাষা | অসমীয়া |
| দাম্পত্যসংগী | পদ্মা কুমাৰী |
| ৱেবছাইট | http://www.geetikavi.com/ |
পাৰ্বতী প্ৰসাদ বৰুৱা অসমৰ এগৰাকী স্বনামন্য সাহিত্যিক। তেওঁ একেধাৰে কবি, গীতকাৰ তথা নাট্যকাৰ আছিল।
সূচী |
[সম্পাদনা কৰক] প্ৰাৰম্ভিক জীৱন
অসমীয়া গীতি-কবিতাৰ স্ৰষ্টা পাৰ্বতী প্ৰসাদ বৰুৱাৰ ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত জন্ম হয় ৷ তেখেতৰ পিতৃ আছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃ হিমলা দেৱী । ১৯২১ চনত কটন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ প্ৰতি আকৰ্ষিত হয় আৰু তাৰ পিছতে তেওঁৰ মনত সংগীত সাধনাৰ সপোনটোৱে পোখা মেলে৷ ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু সেই সময়তে শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ পাতনি মেলে৷ পিছলৈ বাগিচাৰ কামত কৰ্মজীৱন আৰম্ভ কৰে৷
[সম্পাদনা কৰক] সাহিত্যকৰ্ম
শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰে৷ অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতী প্ৰসাদে ৰচিছিল ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি গীতৰ পুথি৷ গীত ৰচনাৰ উপৰিও ১৯৪০ চনত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ নিৰ্মাণ কৰে৷ তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্বতী সংগীত" বুলি কোৱা হয় ।
[সম্পাদনা কৰক] মৃত্যু
১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে৷