পুৰুষোত্তম দাস টেণ্ডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুৰুষোত্তম দাস টেণ্ডন
জন্ম ১ আগষ্ট, ১৮৮২
প্ৰয়াগ।
মৃত্যু জুলাই, ১৯৬২
পেচা উকীল, মন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ,সম্পাদক, পাঞ্জাৱ নেশ্যনেল বেংক
ভাষা তামিল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ, স্নাতক আইন
উল্লেখযোগ্য বঁটা ভাৰত-ৰত্ন বঁটা (১৯৬১)
ৰাজৰ্ষি উপাধি
সেৱাৰ প্ৰতিমূৰ্ত্তি সন্মান
ডক্টৰেট উপাধি

পুৰুষোত্তম দাস টেণ্ডন (হিন্দী: पुरुषोत्तम दास टंडन ; ইংৰাজী: Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল[1]গোৰখপুৰ সাধু সমাজৰ পৰা ৰাজৰ্ষি উপাধিৰে সন্মানিত হৈছিল তেওঁ। প্ৰয়াগ বিদ্যাপীঠ তেওঁৰ জীৱনৰ অমূল্য অৱদান আছিল, এইখনেই পাছলৈ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মৰ্য্যদাৰ শিক্ষানুষ্ঠান--হিন্দী সাহিত্য সন্মিলন বা হিন্দী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাইছিল।[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

পুৰুষোত্তম দাস টেণ্ডনৰ জন্ম হয় ১৮৮২ চনৰ এক আগষ্টত, প্ৰয়াগ নামে ঠাইত[1]। তেওঁৰ পিতাকৰ নাম শালিকৰাৰ্ম টেণ্ডন। তেওঁ প্ৰাথমিক শিক্ষা ঘৰতে মৌলবী এজনৰ তলত লাভ কৰিছিল। ১৮৯৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯০২ চনত তেওঁ স্নাতক আৰু ১৯০৬ চনত স্নাতক আইন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে ১৯০৭ চনত তেওঁ স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। মহাবিদ্যালয়ত পঢ়া কালছোৱাত, তেওঁৰ খেলা-ধুলাৰ প্ৰতি অত্যন্ত ৰাপ আছিল। তেওঁৰ ডবা খেলাতো খুব নিচা আছিল। এই খেলৰ নিচাৰ বাবে তেওঁ এবাৰ পৰীক্ষাতো বিফল হবলগীয়া হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সত্যবাদী, কৰ্ম নিপুণ আৰু আত্মসন্মান বোধেৰে উজ্বল ব্যক্তি আছিল[1]

কৰ্ম-জীৱন[সম্পাদনা কৰক]

পুৰুষোত্তম দাস টেণ্ডনে তেওঁৰ কৰ্ম জীৱনৰ পাতনি মেলে এলাহাবাদ উচ্চ ন্যায়লয়ত ওকালতি কৰি। তেওঁৰ ওকালতি জীৱনত মিছা আৰু জাল মোকৰ্দমাক প্ৰশ্ৰয় দিয়া নাছিল। তেওঁ এলাহাবাদৰ পৌৰসভাৰ চেয়াৰমেন আছিল, সেই সময়ত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল লক্ষ্ণৌৰ পৰা এলাহাবাদলৈ আহিছিল, এলাহাবাদলৈ গৱৰ্ণৰ আহিলে গৱৰ্ণমেণ্ট হাউছৰ মাজত থকা পুখুৰীটো গৱৰ্ণয়ে গা-ধোৱাৰ সুবিধাৰ কাৰণে পানীৰে পৰিপূৰ্ণ কৰি দিয়াৰ নিয়ম আছিল। কিন্তু সেইসময়ত চহৰত পানীৰ বৰ হাহাকাৰ আছিল, জনসাধাৰণে এটুপী পানীৰ বাবে আতুৰ হৈ আছিল, সেয়ে পুৰুষোত্তম দাস টেণ্ডনে গৱৰ্ণৰৰ চেক্ৰেটাৰীক জনালে যে বৰ্তমানৰ জনসাধাৰণৰ পানীৰ নাটনিৰ সময়ত তেওঁ গৱৰ্ণৰে গা-ধোৱাৰ নামত এটুপি পানীও মঞ্জুৰ কৰিব নোৱাৰে। তেওঁ সদায় জনসাধাৰণৰ স্বাৰ্থক আগস্থান দিছিল, যাৰ এনে ত্যাগৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৬১ চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। তেওঁ মদন মোহন মালব্যৰ কাৰণে কিছুদিন পঞ্জাবনাভা নামৰ দেশীয় ৰাজ্যৰ আইন মন্ত্ৰী হিচাপে কাম কৰিব লগিয়া হৈছিল। কিন্তু ১৯১৯ চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিভীষিকা ৰূপ দেখি, তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। ১৯২১, ১৯৩২,১৯৪১ আৰু ১৯৪২ চনৰ আন্দোলনত সক্ৰিয় হৈ পৰাৰ বাবে তেওঁ কেইবা বছৰো কাৰাবৰণ খাতিব লগীয়া হৈছিল[1]। ১৮৯৯ চনত তেওঁ কংগ্ৰেছত যোগদান কৰি, ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ বিধান সভালৈ ১৯৩৭ চনত আৰু ১৯৪৬ চনত দুবাৰ সদস্য নিৰ্বাচিত হৈছিল আৰু পাছলৈ তেওঁ বিধান সভাৰ অধ্যক্ষ হৈছিল। বিধান সভাত তেওঁ মাতৃ-ভাষাৰ মাধ্যমেৰে কাম কৰাত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ হিন্দী ভাষাক ৰাষ্ট্ৰৰ একতা স্থাপনৰ বাবে ৰাষ্ট্ৰভাষা কৰাত গুৰি ধৰিছিল। তেওঁক কাশী আৰু এলাহাবাদ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছিল। গোৰখপুৰ সাধু সমাজে সন্মান যাঁচিছিল ৰাজৰ্ষি উপাধিৰে আৰু মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. ভাৰত-ৰত্ন বঁটা[2], (১৯৬১)
  2. ৰাজৰ্ষি উপাধি
  3. সেৱাৰ প্ৰতিমূৰ্ত্তি
  4. ডক্টৰেট সন্মান

মৃত্যু[সম্পাদনা কৰক]

পুৰুষোত্তম দাস টেণ্ডনৰ ১৯৬২ চনৰ জুলাই মাহত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি হয়[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৩৬, ৩৭. 
  2. "Padma & Bharat Ratna Awards Directory (1954-2007)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 26 November 2010. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]