পূৰবী বৰমুদৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূৰবী বৰমুদৈ
জন্ম ৮ মে', ১৯৫০ চন
দেউৰীগাঁও, তেজপুৰ, অসম
মৃত্যু ১৫ জুলাই, ২০১৯
গুৱাহাটী (GMCH)
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ, ১৯৭৩


পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখৰ সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা[1] আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখে[3] তেজপুৰ চহৰৰ দেউৰী গাঁৱত[4]। পিতৃ প্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। চন্দ্ৰনাথ তামুলী এগৰাকী শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিতা।[4]

১৯৬৭ চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[5] গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে।

প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। বৰমুদৈৰ গল্পই ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। [4]

পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০০ চনত তেখেতৰ দ্বিতীয়খন উপন্যাস 'বাঘশাল, বাঘজাল আৰু মানুহ' প্ৰকাশ পায়। ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস।[4]

২০০৫ চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰৱী বৰমুদৈ বিবাহ পাশত আবদ্ধ হয়।[4] আনন্দ বৰমুদৈ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ইংৰাজী বিভাগৰ অধ্যাপক।[7]

২০০৬ চনৰ ২৬ মে'ত বৰমুদৈ গুৰুতৰভাৱে অসুস্থ হৈ তিনি মাহ চিকিৎসাধীন হৈ কটাবলগীয়া হৈছিল।[4]

পূৰবী বৰমুদৈৰ গল্প-উপন্যাসত অসমৰ গ্ৰামীণ লোকজীৱনৰ আভাস দেখা যায় সেই লোকজীৱনৰ আহে-আঁহে সোমাই থকা নিৰ্ভাজ প্ৰকৃতিৰ সুন্দৰতা আৰু ভয়ংকৰতা তেওঁৰ কেইবাটাও সাৰ্থক গল্প-উপন্যাসৰ উপজীব্য। কল্পনাতকৈ বাস্তৱৰ ওপৰতে নিৰ্ভৰশীল বাবে বৰমুদৈয়ে গল্প-উপন্যাস ৰচনাত স্বতঃস্ফূৰ্ততাত বিশ্বাস নকৰে। সেয়ে তেওঁৰ উপন্যাস গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯), শান্তনুকুলনন্দন (২০০৫) আৰু গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত এটা আলিবাটৰ কথাৰ কাহিনী নিৰ্মাণৰ আঁৰত ঔপন্যাসিকাৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ চিন স্পষ্ট।[8]

প্ৰকাশিত কৰ্মৰাজি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

উপন্যাসিকা[সম্পাদনা কৰক]

গল্প-সংকলন[সম্পাদনা কৰক]

  • শীতৰ কুঁৱলী (১৯৭৭)
  • হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প (২০১৪)
  • অৱশেষত বৰষুণ (২০১৬)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, প্ৰথম খণ্ড (২০০২)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, দ্বিতীয় খণ্ড (২০০৮)
  • পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, তৃতীয় খণ্ড (২০১৫)

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. অৰিন্দম বৰকটকী (ছেপ্তেম্বৰ ২০১৯). গৰীয়সী. দ্বাদশ সংখ্যা. pp. ১৬. 
  3. Ripunjoy Das, Stilwell facts, served with a dash of fiction - Sahitya Akademi Award winner Purobi Bormudoi to write her next novel on the historic road, The Telegraph, 29-12-2007, আহৰণ কৰা তাৰিখ ০১-০১-২০১২
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 ৰবীন ভূঞা, পূৰৱী বৰমুদৈলৈ অসম উপত্যকা বঁটা, আমাৰ অসম, ০১-০১-২০১২
  5. "দৰং কলেজৰ ৱেবছাইট". Archived from the original on 2011-10-04. https://web.archive.org/web/20111004065945/http://www.darrangcollege.org/past_glory.html। আহৰণ কৰা হৈছে: 2012-01-01. 
  6. 6.0 6.1 সাহিত্য একাডেমী বঁটা প্ৰাপকৰ তালিকা[সংযোগবিহীন উৎস]
  7. মোৰ বাবে এয়া ৰাইজৰ আশীৰ্বাদঃ পূৰৱী বৰমুদৈ, আমাৰ অসম, ০১-০১-২০১২
  8. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ-২০০৬, পৃষ্ঠা-২৫২