প্ৰচলিত মুদ্ৰা (চলাৰ্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থনীতিপ্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ বেংক জমা (কেতিয়াবা জমা অৰ্থমুদ্ৰা বোলা হয়)ৰে গঠিত হয়, যাৰ মালিকানা ধনাদেশ (চেক), ডেবিট কাৰ্ড, বা অৰ্থমুদ্ৰা হস্তান্তৰৰ অন্য মাধ্যমেৰে হস্তান্তৰ কৰিব পাৰি। জমা অৰ্থমুদ্ৰা আৰু প্ৰচলিত মুদ্ৰা দুয়োটাই আদায়ৰ উপায় হিচাপে গ্ৰহণযোগ্য হোৱা হেতুকে ইহঁতক অৰ্থমুদ্ৰা বুলি গণ্য কৰা হয়।

মুদ্ৰা বিনিময়ৰ প্ৰতীক

প্ৰচলিত মুদ্ৰা ৰূপে অৰ্থমুদ্ৰাই মানৱ সভ্যতাত প্ৰায় ১০,০০০ BCEৰ পৰাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে, নিহিত মূল্যৰ মোহৰ (সোণ বা ৰূপ)য়েই মান আছিল। প্ৰায় সকলো আধুনিক অৰ্থমূদ্ৰাতন্ত্ৰই ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা (fiat money)ৰ ওপৰত ভিত্তিশীল - চৰকাৰী আজ্ঞা (ৰাজ-আজ্ঞা)ৰ বলতে আধুনিক প্ৰচলিত মুদ্ৰাই মূল্য লাভ কৰে। সাধাৰণতে, চৰকাৰে 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ঘোষণা কৰে (নিদৰ্শন স্বৰূপে, কেন্দ্ৰীয় বেংকে উলিয়াই দিয়া কাগজী মুদ্ৰা আৰু মোহৰ/মুদ্ৰা)। ফলস্বৰূপে, 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক ৰাজহুৱা বা ব্যক্তিগত সকলো ঋণ পৰিশোধৰ উপায় হিচাপে গ্ৰহণ নকৰাটো আইন বিৰুদ্ধ।

ইতিহাস[সম্পাদনা কৰক]

আদিম প্ৰচলিত মুদ্ৰা

প্ৰচলিত মুদ্ৰাই 2000 BC ৰ আষে-পাষে সংঘটিত হোৱা দুটা মৌলিক অভিযোজনৰ পৰা ক্ৰমবিকাশ লাভ কৰে। মূলতে অৰ্থমুদ্ৰা প্ৰাপ্তিৰ এটা প্ৰকাৰ আছিল যি প্ৰাচীন কালৰ Mesopotamia(তেতিয়াৰ প্ৰাচীন ইজিপ্ত)ৰ Sumerৰ দেৱালয়ৰ ভঁৰালসমূহত সাঁচি ৰখা শস্যক প্ৰতিনিধিত্ব কৰিছিল।

মজুত মূল্যক প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন ধাতু আৰু পণ্যসমূহক প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন প্ৰতীক ব্যৱহৃত হোৱা প্ৰচলিত মুদ্ৰাৰ এই প্ৰথম পৰ্যায়টোৱে Fertile Crescentত ১৫০০ বছৰৰো অধিককাল বেপাৰ-বাণিজ্যৰ ভিত্তি গঢ়ি তুলিছিল।

টংকন

এই পৰ্যায়ত প্ৰচলিত মুদ্ৰা হিচাপে ব্যৱহৃত ধাতুবিধ নিজেই মূল্যৰ ভঁৰাল হিচাপে পৰিগণিত হৈছিলঃ প্ৰথমতে ৰূপ, পৰৱৰ্তী পৰ্যায়ত ৰূপ আৰু সোণ দুয়োবিধ, আৰু এটা সময়ত তামৰ মিশ্ৰিত ধাতুৰ ব্যৱহাৰ হৈছিল। আজিকালি আমি তাম আৰু অন্যান্য পৰিশোধিত ধাতুৰ মুদ্ৰা ব্যৱহাৰ কৰো।

টংকন ব্যৱহৃত হোৱা অধিকসংখ্যক বৃহত্তৰ অৰ্থনীতিত তাম, ৰূপ আৰু সোণে মুদ্ৰাৰ তিনিটা স্তৰ গঠন কৰিছিল। সোণৰ মুদ্ৰাসমূহক বুজন পৰিমাণৰ ক্ৰয়-বিক্ৰয়, সামৰিক খৰচ আদায় আৰু ৰাষ্ট্ৰৰ কাৰ্যপ্ৰণালীত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ৰূপৰ মুদ্ৰাসমূহক মধ্যমীয়া আকাৰৰ লেনদেন সমূহৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি ৰূপৰ মুদ্ৰাসমূহ কৰৰ বাবে হিচাপৰ একক, দেয়, চুক্তি আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ আনুগত্য আদায়ৰৰ বাবে ব্যৱহৃত হৈছিল। ঠিক সেইদৰে তামৰ মুদ্ৰাসমূহে সাধাৰণ লেনদেনৰ টংকনক প্ৰতিনিধিত্ব কৰিছিল। এই ব্যৱস্থা Mahajanapadasৰ দিনৰেপৰা প্ৰাচীন ভাৰতত প্ৰচলিত আছিল।

কাগজী অৰ্থমুদ্ৰা

প্ৰাক্-আধুনিক চীনত ধাৰ আৰু হাজাৰটা তামৰ মুদ্ৰা বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা দূৰীকৰণৰ বাবে এটা সুবিধাজনক বিনিময়ৰ মাধ্যম প্ৰচাৰৰ প্ৰয়োজনীয়তাই কাগজী অৰ্থমুদ্ৰাৰ সূচনা কৰিছিল। এই কাগজী অৰ্থমুদ্ৰাকে আজিৰ দিনত সকলোৱে বেংক নোট বা কাগজী টকা হিচাপে জনা যায়।

বেংক নোট বা অধিকোষ-পত্ৰৰ যুগ

এখন অধিকোষ-পত্ৰ (যুক্তৰাষ্ট্ৰ আৰু কানাডাত সাধাৰণতে মূল্য-পত্ৰ(bill) বুলি জনা যায়) হৈছে প্ৰচলিত মুদ্ৰাৰ এটা প্ৰকাৰ, আৰু সাধাৰণতে বিভিন্ন অধিকাৰ-ক্ষেত্ৰত বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সৈতে অধিকোষ-পত্ৰই সকলো অৰ্থমুদ্ৰাৰ নগদ ৰূপটো গঠন কৰে। অষ্ট্ৰেলিয়াCommonwealth Scientific and Industrial Research Organisationয়ে ১৯৮০ চনত বিশ্বৰ প্ৰথম polymer currency সৃষ্টি কৰে আৰু ইয়াক ১৯৮৮ চনত ৰাষ্ট্ৰৰ দ্বিশতবাৰ্ষিকী উত্সৱত প্ৰচালনৰ কাৰণে গ্ৰহণ কৰা হয়। এতিয়া ২২ খনমান দেশত ব্যৱহৃত polymer currencyয়ে অধিকোষ-পত্ৰৰ আয়ুস নাটকীয়ভাৱে বঢ়োৱাৰ লগতে জালিয়াতিও ৰোধ কৰে।

আধুনিক প্ৰচলিত মুদ্ৰা[সম্পাদনা কৰক]

সাম্প্ৰতিকভাৱে, International Organization for Standardizationনে প্ৰচলিত মুদ্ৰাক ব্যাখ্যা কৰিবলৈ এটা ত্ৰি-বৰ্ণৰ সাংকেতিক পদ্ধতি (ISO 4217) ৰ সূচনা কৰিলে যাৰদ্বাৰা ডলাৰ বা ফ্ৰাঙ্ক বুলি কোৱা বহুসংখ্যক ভিন্ন মূল্যৰ প্ৰচলিত মুদ্ৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভ্ৰান্তি দূৰ হয়। উদাহৰণস্বৰূপে, এই পদ্ধতি অনুসৰি যুক্তৰাষ্ট্ৰৰ প্ৰচলিত মুদ্ৰাক বিশ্বব্যাপী USDৰে বুজোৱা হয়।

নিয়ন্ত্ৰণ আৰু মুদ্ৰণ[সম্পাদনা কৰক]

বহুলভাৱে, নিজ প্ৰচালন ক্ষেত্ৰখনত মুদ্ৰা আৰু কাগজী টকা (ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা)ৰ নিৰ্গমণত এটা কেন্দ্ৰীয় বেংকৰ একচেটীয়া নিয়ন্ত্ৰণ থাকে। কেন্দ্ৰীয় বেংকে বেংকৰ(credit)দ্বাৰা প্ৰচলিত মুদ্ৰাৰ প্ৰকাশন বা সৃষ্টি বিত্তীয়/আৰ্থিক নীতি (monetary policy)ৰ জৰিয়তে নিজৰ নিয়ন্ত্ৰণত ৰাখে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. ^ Bernstein, Peter (2008) [1965]. "Chapters 4–5". A Primer on Money, Banking and Gold (3rd ed.). Hoboken, NJ: Wiley. ISBN 978-0-470-28758-3. OCLC 233484849
  2. ^ Deardorff, Prof. Alan V. (2008). "Deardorff's Glossary of International Economics". Department of Economics, University of Michigan. Retrieved 2008-07-12.
  3. ^ Black, Henry Campbell (1910). "A Law Dictionary Containing Definitions Of The Terms And Phrases Of American And English Jurisprudence, Ancient And Modern", page 494. West Publishing Co. Black’s Law Dictionary defines the word "fiat" to mean "a short order or warrant of a Judge or magistrate directing some act to be done; an authority issuing from some competent source for the doing of some legal act"
  4. ^ Banaji, Jairus (2007). "Islam, the Mediterranean and the Rise of Capitalism". Historical Materialism (Brill Publishers) 15 (1): 47–74. doi:10.1163/156920607X171591. ISSN 1465-4466. OCLC 440360743. Retrieved August 28, 2010.
  5. ^ Lopez, Robert Sabatino; Raymond, Irving Woodworth; Constable, Olivia Remie (2001) [1955]. Medieval trade in the Mediterranean world: Illustrative documents. Records of Western civilization.; Records of civilization, sources and studies, no. 52. New York: Columbia University Press. ISBN 0231123574. OCLC 466877309
  6. ^ Turk, James; Rubino, John (2007) [2004]. The collapse of the dollar and how to profit from it: Make a fortune by investing in gold and other hard assets. (Paperback ed.). New York: Doubleday. pp. 43 of 252. ISBN 9780385512244. OCLC 192055959
  7. ^ "CARICOM Single Market (CSM) ratified! – Caribbean leaders sign formal document". Jamaica Gleaner (Kingston, Jamaica: The Gleaner Company Limited). January 31, 2006. OCLC 50239830. Retrieved August 30, 2010.