প্ৰভু দেৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰভু দেবাৰ পৰা পুনঃনিৰ্দেশিত)


প্ৰভু দেৱা
জন্ম প্ৰভু দেৱা সুন্দৰম
৩ এপ্ৰিল, ১৯৭৩ (৫০ বছৰ)
মহীশূৰ, কৰ্ণাটক, ভাৰত
পেচা অভিনেতা, পৰিচালক, নৃত্য কৰিঅ'গ্ৰাফাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৮—বৰ্তমান
দাম্পত্যসঙ্গী ৰামলাঠ (১৯৯৫–২০১০)
আত্মীয়-স্বজন ৰাজু সুন্দৰম (ভাতৃ)
নগেন্দ্ৰ প্ৰসাদ (ভাতৃ)

প্ৰভু দেৱা (কন্নড়: ಪ್ರಭುದೇವ, তামিল: பிரபுதேவா, তেলেগু: ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে। তেখেতে বৰ্তমানলৈকে শ্ৰেষ্ট কৰিঅ'গ্ৰাফৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে; অনুৰাগীৰ মাজত তেওঁ 'ভাৰতীয় মাইকেল জেকচন' নামেৰে প্ৰসিদ্ধ। ১৯৯০ আৰু ২০০০ চনৰ প্ৰথম ভাগত তেখেতে বহুকেইখন ছবিত অভিনয়েৰে ছবি জগতত প্ৰৱেশ কৰিছিল, পিছত ২০০৫ চনত তেখেতে তেলুগু ছবি 'Nuvvostanante Nenoddantana' পৰিচালনা কৰে। তেতিয়াৰ পৰাই তেওঁ তেলুগু, হিন্দী, আৰু তামিল ছবি পৰিচালনা কৰিবলৈ ধৰে। 'শংকৰদাদা জিন্দাবাদ' (২০০৭), 'ৱানটেড' (২০০৯), 'ৰাউড়ি ৰাথোৰ' (২০১২) আৰু 'আৰ... ৰাজকুমাৰ' (২০১৩) আদি হৈছে তেখেতে পৰিচালনা কৰা কিছুমান জনপ্ৰিয় ছবি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]