প্ৰস্তুতি পৰাশৰ
| প্ৰস্তুতি পৰাশৰ | |
|---|---|
![]() প্ৰস্তুতি পৰাশৰ |
|
| জন্ম | ১৫ ডিচেম্বৰ মালৌ আলি, যোৰহাট জিলা |
| নাগৰিকত্ব | |
| শিক্ষা | জগন্নাথ বৰুৱা মহাবিদ্যালয় |
| পেচা | অভিনেত্ৰী |
| ধৰ্ম | |
| পিতৃ-মাতৃ | বিজয় চন্দ্ৰ শৰ্মা (পিতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ অভিনেত্ৰী (ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪, ২০০১-০২ বৰ্ষ) |
প্ৰস্তুতি পৰাশৰ (ইংৰাজী: Prastuti Parashar) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী[1] তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে।
২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনিত হৈছিল।
সূচী |
জন্ম আৰু শিক্ষা [সম্পাদনা কৰক]
প্ৰস্তুতি পৰাশৰৰ জন্ম হয় যোৰহাট জিলাৰ মালৌ আলিত।[2] পিতৃৰ নাম বিজয় চন্দ্ৰ শৰ্মা।[2] তেওঁ স্কুলীয়া শিক্ষা যোৰহাট বাল্য ভৱনত গ্ৰহণ কৰিছিল। তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[2]
অভিনয় জীৱন [সম্পাদনা কৰক]
প্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।[3] প্ৰস্তুতি পৰাশৰে অভিনয় কৰা বোলছবি খনৰ নাম হৈছে মহাৰথী।
বঁটা আৰু সন্মান [সম্পাদনা কৰক]
- ২০০১-০২ বৰ্ষত গুণ গুণ গানে গানেৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
- ২০০৮-০৯ বৰ্ষৰ মুনলাইট এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈ মনোনয়ন লাভ কৰিছিল।[4]
চলচ্চিত্ৰপঞ্জী [সম্পাদনা কৰক]
বোলছবি [সম্পাদনা কৰক]
- মহাৰথী
- তুমি মোৰ মাথো মোৰ
- আছেনে কোনোবা হিয়াত
- প্ৰিয়া অ’ প্ৰিয়া
- এই মৰম তোমাৰ বাবে
- গুণ গুণ গানে গানে
- জখম
- প্ৰেম আৰু প্ৰেম
- জীৱন নদীৰ দুটি পাৰ
- চুৰেন চোৰৰ পুতেক
- বাৰুদ
- দীনবন্ধু
- ৰামধেনু
- ৰং
- মী এণ্ড মাই ছিষ্টাৰ[3]
দূৰদৰ্শন [সম্পাদনা কৰক]
প্ৰস্তুতি পৰাশৰে দূৰদৰ্শনৰ কেইবাখনো ছিৰিয়েলটো অভিনয় কৰিছে।[3]
- বৰ্ণালী
- নিশাৰ নায়ক
- চক্ৰবেহু
- মহানগৰ
- মেজৰ চাহাব
- জোনাকত শিহৰণ
- বিন্দাছ
নাটক [সম্পাদনা কৰক]
প্ৰস্তুতি পৰাশৰে প্ৰায় ৩০-৩৫খন মান নাটকত অভিনয় কৰিছে।[3] ইয়াৰ উপৰিও তেওঁ ভ্ৰাম্যমান জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে: ৰূপালীম, নিমাতী কইনা, আশংকাৰ দিন ৰাতি, সপোনৰ বৃন্দাবন, অষ্টৰাগ ইত্যাদি।[3]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "Pre-Christmas cake festival under way". The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2211/city07। আহৰণ কৰা হৈছে: 3 May 2012.
- ↑ 2.0 2.1 2.2 "প্ৰস্তুতি পৰাশৰৰ বিষয়ে". http://www.rupaliparda.com/english/who's-who/prastuti.htm। আহৰণ কৰা হৈছে: November 03, 2012.
- ↑ 3.0 3.1 3.2 3.3 3.4 "প্ৰস্তুতি পৰাশৰৰ চলচ্চিত্ৰপঞ্জী". http://www.rupaliparda.com/english/who's-who/prastuti.htm। আহৰণ কৰা হৈছে: November 03, 2012.
- ↑ "Moonlight awards". The Assam Tribune. http://assamtribune.com/mar1309/rv.html। আহৰণ কৰা হৈছে: 3 May 2012.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- ৰূপালী পৰ্দাত প্ৰস্তুতি পৰাশৰৰ বিষয়ে
- প্ৰস্তুতি পৰাশৰৰ সম্পৰ্কীয় তথ্য আৰু ভিডিঅ’ আদি digplanet.com’ত
|
||||||||||||||||||||||||||
