পৰাগ কুমাৰ দাস
| পৰাগ কুমাৰ দাস | |
|---|---|
পৰাগ কুমাৰ দাসৰ প্ৰতিকৃতি |
|
| জন্ম | ২৪ ফেব্ৰুৱাৰী, ১৯৬১ ছিলং |
| মৃত্যু | ১৭ মে', ১৯৯৬ গুৱাহাটী, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সাংবাদিক বাতৰি কাকতৰ সম্পাদক মানৱ অধিকাৰ কৰ্মী |
| পিতৃ-মাতৃ | অনুপমা দাস (মাতৃ) |
পৰাগ কুমাৰ দাস (জ. ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃ. ১৭ মে, ১৯৯৬[1]) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক[2][3][4], সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা[5][6]। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ "মানৱ অধিকাৰ সংগ্ৰাম সমিতি" (MASS)ৰো প্ৰতিষ্ঠাপক নেতা আছিল[4][7]। তাৰ আগতে তেওঁ "গুৱাহাটী ষ্টক এক্সচেঞ্জ"ত প্ৰৱন্ধক হিচাপে কাম কৰিছিল।
১৯৯৬ চনত ছালফাই তেওঁক হত্যা কৰে[2][3][4][5][6][7]।
সূচী |
[সম্পাদনা কৰক] চমু জীৱনী
পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল ছিলঙত, ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰপৰা এখেতে ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্ ইকন্মিকছ'-ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]
১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰৱন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰপৰা পদত্যাগ কৰি 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিয়ে।[1]
পৰাগ কুমাৰ দাস পূৰবী দাসৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ দুই পুত্ৰ কন্যা আছে।
আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দি ছেণ্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰপৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক। ইয়াৰ পাছতে তেখেতে 'অসমীয়া প্ৰতিদিব' কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।[1]
১৯৯৬ চনৰ ১৭ মেৰ দিনা গুৱাহাটীৰ ৰাজগড় পথৰ 'অসম জাতীয় বিদ্যালয়'ৰ সম্মুখত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হয়।[1]
[সম্পাদনা কৰক] চৰকাৰী ৰোষ
১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ক্ৰমে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন" আৰু "টাডা" আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেখেতৰ ৰছিত 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ব ঘোষণা কৰি বাজেয়াপ্ত কৰে।[1]
[সম্পাদনা কৰক] সামাজিক জীৱন
১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে "মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। "উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতি"ৰ সচিব প্ৰধান আছিল। ক্ৰমে ১৯৯২ আৰু ১৯৯৪ চনত গঠিত "বাক্ স্বাধীনতা সংগ্ৰাম সমিতি" আৰু "গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি"ৰ সক্ৰিয় নেতা আছিল।[1]
[সম্পাদনা কৰক] হত্যা
১৯৯৬ চনৰ ১৭ মে' তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত পৰাগ কুমাৰ দাসক হত্যা কৰা হয়[2][3][4][5][6][7]। এই কাৰ্যত চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী[2][5]। তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ তোলে[5]।
[সম্পাদনা কৰক] বিচাৰ
২০০১ চনত চি.বি.আই.এ আলফাৰ আত্মসমৰ্পণ কৰা সদস্য চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলা আৰু চেচন আদালতত চাৰ্জশ্বিট দাখিল কৰে। চি.বি.আই.য়ে চাৰ্কশ্বিট দাখিল কৰাৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তক হত্যা কৰা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰে। সন্দেহৰ আৱৰ্তত থকা আন দুজন ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণৰ অভাৱত চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল[2][4][5]। একমাত্ৰ জীৱিত অভিযুক্ত আছিল মৃদুল ফুকন[5]। কিন্তু তেৰ বছৰৰ পিছত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে উপযুক্ত প্ৰমাণৰ অভাৱত অভিযুক্তক দোষমুক্ত বুলি ৰায় দিয়ে[2][4][5][6][7]।
[সম্পাদনা কৰক] MASSৰ প্ৰতিক্ৰিয়া
মানৱ অধিকাৰ কৰ্মীসকলৰ মতে অভিযুক্তসকলক নিৰ্দোষী সাব্যস্ত কৰিবলৈ আৰু বিষয়টোত চৰকাৰৰ ভূমিকা ঢাকিবলৈ প্ৰধান সাক্ষীসকলক সোধপোচ কৰা হোৱা নাছিল, কিছুমানক ভীতিগ্ৰস্ত কৰা হৈছিল আৰু প্ৰাসংগিক সাক্ষ্য-প্ৰমাণসমূহ নষ্ট কৰা হৈছিল[5]। তিনিজন অভিযুক্তৰ ইতিমধ্যেই মৃত্যু ঘটিছিল[3][5][7]। মানৱ অধিকাৰ কৰ্মী, মিডিয়া, বন্ধু আৰু দাসৰ পৰিয়ালৰ লোক সকলোৱেই ইয়াক চি.বি.আই. আৰু ন্যায়ালয়ৰ প্ৰতাৰণা বুলি ক'ব খোজে[6]। MASS'ৰ নেতা লাচিত বৰদলৈএ এই ৰায়ৰ ওপৰত তেওঁৰ হতাশা ব্যক্ত কৰি কয় যে MASSএ উচ্চ ন্যায়ালয়ৰ ওচৰ চাপি হত্যাৰ বলি হোৱা কৰ্মীজনৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰি যাব[7]।
[সম্পাদনা কৰক] আৰু চাওক
[সম্পাদনা কৰক] প্ৰকাশিত কিতাপ
- ছাংলট ফেন্লা
- স্বাধীনতাৰ প্ৰস্তাৱ
- নিযিদ্ধ কলম আৰু অন্যান্য
- আমি যি কথা কৈছিলো (অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে ৰছিত)
- ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি
- মোক স্বাধীনতা লাগে
- স্বাধীন অসমৰ অৰ্থনীতি
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 পিছৰ বেটুপাত, জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী, প্ৰথম খণ্ড, সম্পাদনাঃ উদয়াদিত্য ভৰালী, দ্বিতীয় প্ৰকাশ -১৯৯৬ (সুলভ মূল্যৰ সংস্কৰণ), উদাংশ্ৰি প্ৰকাশন, গুৱাহাটী,
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 Al-Ahmed, Saikh Md Sabah (2009-08-04). "Parag Das murder verdict: bleeding Fourth Estate". The Assam Tribune. http://www.assamtribune.com/scripts/details.asp?id=aug0409/edit2. Retrieved 2009-09-27.
- ↑ 3.0 3.1 3.2 3.3 Kashyap, Samudra Gupta (2009-07-30). "Assam, editor murder, CBI, main accused". indianexpress.com. http://www.indianexpress.com/news/assam-editors-murder-cbi-under-scanner/495921/. Retrieved 2009-09-27.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 /VFF%20demands%20retrial%20of%20Parag%20Das%20killer.htm "VFF demands retrial of Parag Das killer". Voices For Freedom. http://www.voicesforfreedom.org /VFF%20demands%20retrial%20of%20Parag%20Das%20killer.htm. Retrieved 2009-09-27.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 5.8 5.9 Borborah, Sanjay (2009-07-28). "13 Years After: Waiting for Justice in the Parag Das Assassination Case". assam.org. http://www.assam.org/news/13-years-after-waiting-justice-parag-das-assassination-case. Retrieved 2009-09-27.
- ↑ 6.0 6.1 6.2 6.3 6.4 "Prime accused in the Parag Das murder case acquitted". Assam Times. 2009-07-28. http://www.assamtimes.org/hot-news/3238.html. Retrieved 2009-09-27.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 "Parag Das murder suspect acquitted; Assam bandh on Thursday". newkerela.com. 2009-07-28. http://www.newkerala.com/nkfullnews-1-81797.html. Retrieved 2009-09-27.