পৰিবেশ অধ্যয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যিবিলাক ভৌতিক আৰু জৈৱিক কাৰকে জীৱৰ উদৱৰ্তন (Survival), বৃদ্ধি (Growth) আৰু বৰ্ধন (Development)ত প্ৰভাৱ পেলায় তাক একেলগে পৰিবেশ বুলি কোৱা হয় (মেক নউটন আৰু উলফ ১৯৭৯)৷ পৰিবেশৰ অৰ্থ হ’ল আমাৰ চৌপাশ৷ ফৰাচী শব্দ ‘Environ’ৰ পৰাই ইংৰাজী ‘Environment’ শব্দৰ উৎপত্তি হৈছে৷ ইংৰাজীত ‘Environment’শব্দৰ অৰ্থ হ’ল ‘ Surround’ অৰ্থাৎ চৌপাশ। প্ৰাকৃতিক আৰু সুশৃংখলভাবে জীৱনচক্ৰ অতিবাহিত কৰাৰ কাৰনে যিবিলাক কাৰক বা উপাদানে চাৰিওফালে আগুৰি থাকি জীৱক প্ৰভাৱান্বিত কৰে তাকেই পৰিবেশ বুলি কোৱা হয়৷ আন জীৱৰ তুলনাত মানুহৰ বাবে পৰিবেশৰ পৰিসৰ অতি ব্যাপক হয়। বাস্তব্যবিদ্যা (Ecology) আৰু পৰিবেশ অধ্যয়ন (Environmental studies)ক এটাক আনটোৰ অনুৰূপ শব্দ বুলি কোৱা হয়। প্ৰকৃততে বাস্তব্যবিদ্যা পৰিবেশ অধ্যয়নৰ অন্তৰ্গত এক শৃঙ্খলাবদ্ধ ভাগ৷ বৰ্তমান আধুনিক ধাৰনা মতে মানৱ সমাজৰ আৰ্থ সামাজিক দিশটোকো পৰিবেশ অধ্যয়নৰ অন্তৰ্গত সামৰি লোৱা হৈছে৷ আমাৰ চাৰিওপিনে থকা সকলো জৈৱ আৰু অজৈৱ সম্পদবোৰ তথা সিহঁতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কই হ'ল পৰিবেশ অধ্যয়ন৷ সেইবাবে সমাজবিজ্ঞানৰ পৰা আদি কৰি বিজ্ঞানৰ সকলোবোৰ ভাগ এই পৰিবেশ বিজ্ঞানৰ অন্তৰ্গত। [1]

পৰিবেশৰ প্ৰকাৰ[সম্পাদনা কৰক]

পৰিবেশক দুই ধৰণে অধ্যয়ন কৰিব পাৰি – প্ৰাকৃতিক পৰিবেশ আৰু মানৱ সৃষ্ট পৰিবেশ৷ বায়ু,পানী,মাটি,অৰণ্য,বন্যপ্ৰাণী ইত্যাদিক লৈ প্ৰাকৃতিক পৰিবেশ গঠিত৷ আনহাতে পৰিবেশ ক্ৰিয়া,ঘৰ-দুৱাৰ,প্ৰযুক্তি বিদ্যা,যাতায়ত,উপযোগিতা,সংস্থাপন ইত্যাদি লৈ মানৱ সৃষ্ট পৰিবেশ গঠিত৷

পৰিবেশৰ ভৌতিক উপাদান[সম্পাদনা কৰক]

ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিবেশক চাৰিটা ভাগত ভাগ হৈছে –

  1. বায়ুমণ্ডল (Atmosphere)
  2. জলমণ্ডল (Hydrosphere)
  3. ভূমণ্ডল (Lithosphere)
  4. জীৱমণ্ডল (Biosphere)[1]

বায়ুমণ্ডল[সম্পাদনা কৰক]

পৃথিৱীৰ ওপৰিভাগত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। এই বায়ুমণ্ডলপ্ৰাধানকৈ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড,পানীআৰু কিছুমান নিস্ক্ৰিয় গেছৰ দ্বাৰা গঠিত৷ তলত এই উপাদান সমূহৰ শতকৰা অৱস্থিতি উল্লেখ কৰা হ’ল –

গেছ শতাংশ
নাইট্ৰজেন (N2) 78.09
অক্সিজেন (O2) 20.94
কাৰ্বন ডাই অক্সাইড (CO2) .03
পানী (H2O) 1.00
নিস্ক্ৰিয় গেছ অতি কম পৰিমাণৰ

[1]

বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ চাৰিটা স্তৰত ভাগ কৰা হৈছে –

  1. ট্ৰপ’স্ফিয়াৰ
  2. ষ্ট্ৰেট’স্ফিয়াৰ
  3. মেচ’স্ফিয়াৰ
  4. আয়ন’স্ফিয়াৰ
ট্ৰপ’স্ফিয়াৰ

বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ’স্ফিয়াৰ (Trposphere) বোলে। বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয়৷ ই ভূ-পৃষ্ঠৰ পৰা ১১ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে৷ বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ’স্ফিয়াৰত পোৱা যায়৷

ষ্ট্ৰেট’স্ফিয়াৰ

ট্ৰপ’স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট’স্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো ৫০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে৷ ট্ৰপ’স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে৷ কেৱল উষ্ণতা ১০°-২০°চে: গ্ৰে: লৈ বেছি হোৱা দেখা যায়৷ এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে৷

মেচ’স্ফিয়াৰ

ষ্ট্ৰেট’স্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচ’স্ফিয়াৰ (Mesosphere) আৰু ভূ-পৃষ্ঠৰ পৰা ৮৫ কিলোমিটাৰলৈ ই বিস্তৃত৷ এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে৷ অজনৰ গাঢ়তা এই স্তৰত কম হয়৷

আয়ন’স্ফিয়াৰ

মেচ’স্ফিয়াৰৰ ওপৰত প্ৰায় ৫০০কিলোমিটাৰ উচ্চতালৈ আয়ন’স্ফিয়াৰ (Ionosphere) বা থাৰ্ম'স্ফিয়াৰ (Thermosphere) স্তৰ বিস্তৃত৷ আয়ন’স্ফিয়াৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাৰ পৰিমাণো বাঢ়ি যায়৷[1]

জলমণ্ডল[সম্পাদনা কৰক]

ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে৷ জলমণ্ডলে পৃথিৱীৰ প্ৰায় ৭০% ঠাই অধিকাৰ কৰি আছে৷ এই জলমণ্ডলত ঘটা যিকোনো পৰিৱৰ্তনে স্থলভাগৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ পেলায়৷

ভূমণ্ডল[সম্পাদনা কৰক]

পৃথিৱীৰ খোলাটোৰ গোটা,শিলাময় ভাগটোক ভূমণ্ডল বোলে৷

জীৱমণ্ডল[সম্পাদনা কৰক]

ভূ-পৃষ্ঠৰ ওপৰিভাগৰ যিটো স্তৰত জীৱ সমূহ বিদ্যমান তাক জীৱমণ্ডল বোলে৷ এই মণ্ডলটো ভূগোলকৰ ওপৰৰ এটা জৈৱিক আৱৰণ য’ত জীৱই কোনো কৃত্ৰিমতাৰ সহায় নোলোৱাকৈ জীয়াই থাকিব পাৰে৷ পৰিবেশৰ বিভিন্নতাৰ বাবে এই স্তৰটোত সৰল জীৱৰপৰা জটিল জীৱলৈ নানা ধৰণৰ জীৱই বাস কৰে৷[1]

পৰিবেশ অধ্যয়নৰ গুৰুত্ব[সম্পাদনা কৰক]

প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ সুসংৰক্ষণৰ বাবে পৰিবেশ অধ্যয়ন অতি আৱশ্যকীয়৷ পৰিবেশত বাস কৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ জীৱন সাঙুৰ খাই থাকে৷ সেয়েহে পৰিবেশ বিজ্ঞানীৰ লগতে শিক্ষাবিদ,ৰাজনীতিবিদ,সমাজসেৱক,আইনজীৱী সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা পৰিবেশক মজবুত কৰি ৰখা দৰকাৰ৷ তাৰবাবে আমি তলৰ বিষয় কেইটাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন৷

  • জনসাধাৰণৰ মাজত সজাগতা
  • শিক্ষাদানৰ বিভিন্ন স্তৰত পৰিবেশ শিক্ষাৰ অন্তৰ্ভুক্তিকৰন
  • স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা সজাগতা
  • আইন প্ৰণয়নৰ দ্বাৰা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4.