পৰ্যাবৃত্ত তালিকা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(পৰ্য্যাবৃত্ত তালিকা ৰ পৰা পুনঃনিৰ্দেশিত)

পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা । তালিকাখনত ১৮ টা থিয় শাৰী আৰু ৭ টা পথালি শাৰী আছে । একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে । একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ যোজ্যতা একে আৰু ৰাসায়নিক ধৰ্মও প্ৰায় সদৃশ । পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ ধনাত্মকতা ক্ৰমান্বয়ে কমি যায়, ঋণাত্মকতা বাঢ়ি যায় । বহল পৰ্য্যাবৃত্ত তালিকাত লেন্থেন‍ইড আৰু এক্টিন‍ইডক ধৰি ৯ টা পৰ্য্যায় আছে । ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলীভএ ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে ।

Periodic table.svg


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত