ফণী শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফণী শৰ্মা
জন্ম ১৯০৯
মৃত্যু ১৯৭৮
পেচা অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ

ফণী শৰ্মা (ইংৰাজী: Phani Sharma) (১৯০৯-১৯৭৮) আছিল এজন অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। মঞ্চ অভিনেতা হিছাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"(১৯৩৫)ত অভিনয় কৰে। তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰে।

অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক "নটসূৰ্য্য" উপাধিৰে বিভূষিত কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু নাট্যশালা[সম্পাদনা কৰক]

তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিছাপে ফণী শৰ্মাৰ নাট্যশালাৰ জীৱন আৰম্ভ হয়। তেখেতৰ দেউতাক মোলান শৰ্মাও এজন নাট বিশেষজ্ঞ আৰু বাণ ৰঙ্গমঞ্চৰ সু-অভিনেতা হিছাপে জনাজাত আছিল। দেউতাকৰ লগত নিয়মিত নাট্যশালালৈ গৈ ফণী শৰ্মাই ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ড: ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ অভিনেতাসকলৰ পৰিবেশনা উপভোগ কৰিছিল। ডেকা বলীন (ফণী শৰ্মাৰ ঘৰুৱা নাম) ক্ৰমাৎ নাট্যজগতৰ প্ৰতি আকৃষ্ট হয়। ১৯২৮ চনত তেখেতে বাণ ৰঙ্গমঞ্চৰ "ৰাণা প্ৰতাপ" নাটকত "আকবৰ"ৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।

১৯৩০ চনত ফণী শৰ্মাই পৰভ্ৰমী নাট্যদল কহিনুৰ অপেৰাত যোগদান কৰে। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ব্ৰজনাথ শৰ্মা। শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কহিনুৰ অপেৰাই নাট মঞ্চস্থ কৰি যায় আৰু ফণী শৰ্মাৰ অভিনয় ইয়াৰ অন্যতম আকৰ্ষণ হৈ পৰে। এক নাট্য আন্দোলন আৰম্ভ কৰাৰ উপৰিও ১৯৩১ চনত কহিনুৰ অপেৰাই অসমৰ মঞ্চত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ সূত্ৰপাত ঘটায়।

কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত আৰম্ভ হোৱা পূৰ্বজ্যোতি ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম বৰ্ষৰপৰাই ফণী শৰ্মাই কেবাখনো নাটক পৰিচালনা কৰিছিল। একে নাট্যদলৰ বাবে দ্বিতীয় বছৰত ফণী শৰ্মাই অভিনয় কৰিছিল।[1] তেখেতে পাছলৈ অন্যান্য ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল।

বোলছবি জীৱন[সম্পাদনা কৰক]

১৯৩৫ চনত ফণী শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত কথাছবি "জয়মতী"ৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঁঠি হাজৰিকাৰ চৰিত্ৰ ৰূপায়ণ কৰে। আগৰৱালাৰ দ্বিতীয় কথাছবি "ইন্দ্ৰমালতী"ত তেখেতে নায়কৰ বন্ধু "ললিত"ৰ ভূমিকাত অভিনয় কৰে।

১৯৪৮ চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভা ৰ লগত দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত "ছিৰাজ" নামৰ বোলছবি নিৰ্মাণ কৰে।

১৯৫৫ চনত তেখেতে "পিয়লি ফুকন" বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰে। ১৯৬৩ চনত তেখেতে "ইটো সিটো বহুতো"ত পৰিচালকৰ ভাৰ নলৈ কেৱল অভিনয় কৰে। চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়।

নাট্যকাৰ জীৱন[সম্পাদনা কৰক]

গুৱাহাটী জিলা পুঁথিভৰালত অৱস্থিত কলাগুৰু, ৰূপকোঁৱৰ আৰু নটসূৰ্য্যৰ পূৰ্নাবয়ব মূৰ্তি

মঞ্চ আৰু চলচ্চিত্ৰত অভিনয়ৰ উপৰি এজন নাট্যকাৰ ৰূপেও ফণী শৰ্মা সুপ্ৰসিদ্ধ আছিল। সংখ্যাত কম হ’লেও তেখেতৰ নাটক গুণমানবিশিষ্ট আছিল। এইবোৰত সাহিত্যিক দিশতকৈ নাটকীয়তাক অধিক গুৰুত্ব দিয়া হৈছিল। বিশ্বজনীন কাহিনী আৰু আবেদন থকা তেখেতৰ মঞ্চনাটসমূহ দৰ্শক আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল।

বুৰঞ্জীবিদ ড: সূৰ্য্যকুমাৰ ভূঞাৰ গ্ৰন্থ "কোঁৱৰ বিদ্ৰোহ"ত বৰ্ণনা কৰা আহোম স্বৰ্গদেউ চুন্যেওফাৰ দিনত হোৱা বিদ্ৰোহৰ আলম লৈ ফণী শৰ্মাই বুৰঞ্জীমূলক নাটক "ভোগজৰা" লিখি উলিয়ায়। তেখেতৰ প্ৰথম বোলছবি জয়মতীও বুৰঞ্জীমূলক ঘটনাৰ ওপৰতে আধাৰিত আছিল আৰু ইয়াৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা এই নতুনচাম নাট্যকাৰৰ ভিতৰত আছিল অন্যতম। স্থানীয় কাহিনীক ভিত্তি কৰি জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা আদি নাটক ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদৰে পদানুসৰণ কৰি ফণী শৰ্মাই অসমীয়া মানুহ আৰু সংস্কৃতিৰ পৰিচয় বহন কৰা কেইবাখনো নাট লিখে।

১৯৪৮ চনৰ বোলছবি "ছিৰাজ"ৰ সফলতাৰ পিছত তেখেতে একে নামৰ নাটক এখন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ বিষয়বস্তু আছিল হিন্দু-মুছলমানৰ একতা। ফণী শৰ্মাই নিজেই নাটকখনৰ নামভূমিকাত অভিনয় কৰে আৰু ১৯৫০-৬০ৰ দশকত এশতকৈও অধিক ঠাইত নাটখন মঞ্চস্থ কৰে।

অভিনেতা হিছাপে নিজৰ অভিজ্ঞতা আৰু অভিনয় কালত পুত্ৰৰ মৃত্যুৰ সংবাদত পোৱা দুখৰ ফলস্বৰূপে ফণী শৰ্মাই সামাজিক নাটক "কিয়" ৰচনা কৰে। ইয়াৰ কাহিনী আছিল এনে এজন শিল্পীৰ যি নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন আন মানুহৰ মনোৰঞ্জৰ বাবে উচৰ্গা কৰে আৰু তাৰ বিনিময়ত সমাজৰ পৰা যৎসামান্যও ক্ষতিপূৰণ নাপায়। আকৌ ৰাজনৈতিক ভ্ৰষ্টাচাৰক লৈ তেখেতে "নাগ-পাশ" নামৰ নাটক ৰচনা কৰে। "ক’লা বজাৰ" নাটকত তেখেতে সামাজিক ন্যায় আৰু অসমতাৰ দৰে গম্ভীৰ বিষয়ৰ লগতে হাস্যৰসো সন্নিৱিষ্ট কৰে।

ফণী শৰ্মাই জে. বি. প্ৰিষ্টলীৰ বিখ্যাত নাটক এন ইন্সপেক্টৰ কল্‌ছ অসমীয়া ভাষালৈ অনুবাদ কৰে।

১৯৭৮ চনত ফণী শৰ্মাৰ মৃত্যু হয়।

অভিনয় কৰা চলচ্চিত্ৰ[সম্পাদনা কৰক]

ক্ৰম বৰ্ষ চলচ্চিত্ৰৰ নাম চৰিত্ৰ
১৯৩৫ জয়মতী গাঁঠি হাজৰিকা
১৯৩৭ দেৱদাস ......
১৯৩৯ ইন্দ্ৰমালতী ললিত
১৯৪৮ ছিৰাজ ছিৰাজ
১৯৫৫ পিয়লি ফুকন পিয়লি ফুকন
১৯৬১ লাচিত বৰফুকন ৰছিদ খাঁ
১৯৬৩ ইটো সিটো বহুতো অৱসৰপ্ৰাপ্ত সেনা বিষয়া
১৯৬৪ মণিৰাম দেৱান মনিৰাম দেৱান

ফণী শৰ্মাৰ আত্ম-জীৱনী[সম্পাদনা কৰক]

'ৰং-বিৰং' ফণী শৰ্মাৰ আত্মজীৱনী। হাস্য-ব্যংগৰে ভৰপূৰ এই আত্মজীৱনীখনত সেই সময়ত অসমৰ সাংস্কৃতিক জগতৰ ছবি বিদ্যমান হৈ আছে। বিষ্ণু ৰাভাৰ লগত তেখেতৰ সাংস্কৃতিক পৰিক্ৰমা, অসমীয়া ভ্ৰাম্যমান নাটকৰ আৰম্ভনিৰ কাল আৰু 'জয়মতী' চলচ্চিত্ৰ নিৰ্মাণৰ বহুতো অভিজ্ঞতাৰ বৰ্ণনা ইয়াত দিয়া হৈছে।[2]

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সমল[সম্পাদনা কৰক]

  1. কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড), সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১
  2. ফণী শৰ্মা, ৰং-বিৰং (ফণী শৰ্মাৰ আত্মজীৱনী)