ফিল্ডছ মেডেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফিল্ডছ মেডেল

ফিল্ডছ মেডেলৰ সন্মুখ পৃষ্ঠ
বিৱৰণ গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে।
প্ৰদান কৰোঁতা আন্তঃৰাষ্ট্ৰীয় গণিত সংঘ। (IMU)
দেশ পৃথিৱীজুৰি
বঁটাৰ ধৰণ C$15,000
প্ৰথম পুৰস্কাৰ প্ৰদান 1936 (1936)
অন্তিম পুৰস্কাৰ প্ৰদান 2010
ৱেবচাইট http://www.mathunion.org/general/prizes/fields/details/

ফিল্ডছ মেডেল (ইংৰাজী: FieldsMedal) হ’ল গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰতি ৪ (চাৰি) বছৰৰ মূৰে মূৰে চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞসকলৰ মাজৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞলৈ আগবঢ়োৱা এটি বঁটা। আন্তঃৰাষ্ট্ৰীয় গণিত সংঘই প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা International Congress of Mathematicians ত এই বঁটা প্ৰদান কৰা হয়। ফিল্ডছ মেডেল[1] [2][3] আৰু এবেল বঁটা[4][5][6] গণিতৰ সৰ্বোচ্চ সন্মানীয় বঁটাৰূপে বিবেচনা কৰা হয়। কানাডাৰ গণিতজ্ঞ জন চাৰ্লছ ফিল্ডছৰ নিৰ্দেশ মৰ্মে এই বঁটা প্ৰণয়ন কৰা হয়।[1] এই বঁটা সৰ্বপ্ৰথম প্ৰদান কৰা হয় ১৯৩৬ চনত আৰু বিশ্বযুদ্ধৰ কাৰণে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত ১৯৫০ চনৰ পৰা ইয়াক নিয়মীয়াকৈ প্ৰদান কৰা হয়। বিশিষ্ট বৰঙণি আগবঢ়োৱা গণিতৰ তৰুণ গৱেষকসকলক উৎসাহ, সহযোগ আৰু পৃষ্ঠপোষকতা প্ৰদানৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়। এই বঁটা বিজয়ীক প্ৰদান কৰা ধনৰ পৰিমাণ ২০০৬ চনত আছিল C$১৫,০০০ (বা US$১৩,৪০০ বা €১০,৫৫০)।[7]).[8][9]

বঁটা প্ৰাপ্তিৰ চৰ্তাৱলী[সম্পাদনা কৰক]

ফিল্ডছ মেডেলক বুলি কোৱা হয়[10] যদিও ইয়াক প্ৰকৃততে প্ৰতি চাৰি বছৰৰ মূৰে মূৰেহে প্ৰদান কৰা হয় আৰু বঁটা প্ৰদান কৰা বছৰৰ ১ জানুৱাৰীত চল্লিশ বছৰৰ অনুৰ্ধৰ হোৱা গণিতজ্ঞকহে প্ৰদান কৰা হয়। ফলত, জীৱনৰ শেষৰ বছৰ বিলাকৰ পিনেহে মহৎ বৰঙণি আগবঢ়োৱা বহুতো গণিতজ্ঞই এই বঁটাৰ পৰা বঞ্চিত হয়। এই ৪০ বছৰ সংক্ৰান্তীয় নিয়মটো জন চাৰ্লছ ফিল্ডছৰ ইচ্ছা অনুসৰি পালন কৰা হয়—

…while it was in recognition of work already done, it was at the same time intended to be an encouragement for further achievement on the part of the recipients and a stimulus to renewed effort on the part of others.[উদ্ধৃতিৰ প্ৰয়োজন]

আনহাতে, ফিল্ডছ মেডেলৰ অৰ্থমূল্যও ন’বেল বঁটাতকৈ কম।

ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞসকল[সম্পাদনা কৰক]

বৰ্ষ ৰ স্থান বিজয়ীসকল[11] প্ৰতিষ্ঠান ৰাষ্ট্ৰ
১৯৩৬ নৰৱে Oslo লৰ্চ এলফোৰ্ছ(Lars Ahlfors)
জেচে ডগলাছ(Jesse Douglas)
University of Helsinki
Massachusetts Institute of Technology
ফিনলেণ্ড
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৫০ মাৰ্কিন যুক্তৰাষ্ট্ৰ কেম্ব্ৰিজ লৰু স্কোৱাৰ্জ(Laurent Schwartz)
আটলে চেলবাৰ্গ(Atle Selberg)
University of Nancy
Institute for Advanced Study
ফ্ৰান্স
নৰৱে
১৯৫৪ নেডাৰলেণ্ডচ আমষ্টাৰডাম কুনিহিকো কোদাইৰা(Kunihiko Kodaira)
জ্যা-পিয়েৰ চেৰ(Jean-Pierre Serre)
Institute for Advanced Study
Centre National de la Recherche Scientifique
জাপান
ফ্ৰান্স
১৯৫৮ যুক্তৰাজ্য এডিনবাৰ্গ ক্লাউচ্ ৰথ(Klaus Roth)
ৰেণে থম(René Thom)
University College London
University of Strasbourg
যুক্তৰাজ্য
ফ্ৰান্স
১৯৬২ ছুইডেন ষ্ট’কহম লাৰ্চ হোৰ্মাল্ডাৰ(Lars Hörmander)
জন মিলনৰ(John Milnor)
University of Stockholm
Princeton University
ছুইডেন
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৬৬ ছোভিয়েট ইউনিয়ন মস্কো মাইকেল আটিয়াহ(Michael Atiyah)
পল জোচেফ কোহেন(Paul Joseph Cohen)
আলেকজেণ্ডাৰ গ্ৰোথেণ্ডিয়েক(Alexander Grothendieck)
ষ্টিফেন স্মেইল(Stephen Smale)
University of Oxford
Stanford University
Institut des Hautes Études Scientifiques
University of California, Berkeley
যুক্তৰাজ্য
মাৰ্কিন যুক্তৰাষ্ট্ৰ
অজ্ঞাত
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৭০ ফ্ৰান্স Nice এলেন বেকাৰ(Alan Baker)
হেইচুক হিৰোনাকা(Heisuke Hironaka)
চেৰ্গেই নোভিক’ভ(Sergei Novikov)
জন গ্ৰিগচ্ থমছন(John G. Thompson)
University of Cambridge
Harvard University
Moscow State University
University of Cambridge
যুক্তৰাজ্য
জাপান
ছোভিয়েট ইউনিয়ন
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৭৪ কানাডা Vancouver এনৰিকো বমবিয়েৰী(Enrico Bombieri)
ডেভিদ মামফ’ৰ্ড(David Mumford)
University of Pisa
Harvard University
ইটালী
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৭৮ ফিনলেণ্ড Helsinki পীয়েৰ ডেলিনয়ি(Pierre Deligne)
চাৰ্লছ ফেফাৰমেন(Charles Fefferman)
গ্ৰিগৰি মাৰ্গুলিছ(Grigory Margulis)
ডেনিয়েল কুইলিন(Daniel Quillen)
Institut des Hautes Études Scientifiques
Princeton University
Moscow State University
Massachusetts Institute of Technology
বেলজিয়াম
মাৰ্কিন যুক্তৰাষ্ট্ৰ
ছোভিয়েট ইউনিয়ন
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৮২ প'লেণ্ড Warsaw আলো ক’ন(Alain Connes)
উইলিয়াম থাৰ্ষ্টন(William Thurston)
শ্বিং-টুং ইয়াউ(Shing-Tung Yau)
Institut des Hautes Études Scientifiques
Princeton University
Institute for Advanced Study
ফ্ৰান্স
মাৰ্কিন যুক্তৰাষ্ট্ৰ
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৮৬ মাৰ্কিন যুক্তৰাষ্ট্ৰ Berkeley চিমন ডোনাল্ডছন(Simon Donaldson)
গেৰ্ড ফল্টিংছ(Gerd Faltings)
মাইকেল ফ্ৰিডমেন(Michael Freedman)
University of Oxford
Princeton University
University of California, San Diego
যুক্তৰাজ্য
পশ্চিম জাৰ্মানী
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৯০ জাপান কিয়ট’ ভ্লাডিমিৰ ড্ৰিনফেল্ড(Vladimir Drinfeld)
ভন ফ্ৰেডৰিখ জোন্স(Vaughan F. R. Jones)
চিগেফুমি ম’ৰি(Shigefumi Mori)
এডৱাৰ্ড উইটেন(Edward Witten)
Kharkiv Institute for Low Temperature Physics
University of California, Berkeley
Kyoto University
Institute for Advanced Study
ছোভিয়েট ইউনিয়ন
নিউজিলেণ্ড
জাপান
মাৰ্কিন যুক্তৰাষ্ট্ৰ
১৯৯৪ ছুইজাৰলেণ্ড জুৰিখ জ্যা বুৰগ্যঁ(Jean Bourgain)
পীয়েৰ-লুই-লিয়ো(Pierre-Louis Lions)
জ্যা-ক্ৰিস্তফ য়োক্কোজ(Jean-Christophe Yoccoz)
এফিম জেলমান’ভ(Efim Zelmanov)
Institute for Advanced Study
Paris Dauphine University
Paris-Sud 11 University
University of California, San Diego
বেলজিয়াম
ফ্ৰান্স
ফ্ৰান্স
ৰাছিয়া
১৯৯৮ জাৰ্মানী বাৰ্লিন ৰিচাৰ্ড বৰ্ছাৰ্ডচ্(Richard Borcherds)
টিমোথি গওয়াৰ্চে(Timothy Gowers)
মেক্সিম কণ্টচেভিছ(Maxim Kontsevich)
কাৰ্টিচ টি. মেকমুলিন(Curtis T. McMullen)
University of California, Berkeley and University of Cambridge
University of Cambridge
Institut des Hautes Études Scientifiques and Rutgers University
Harvard University
যুক্তৰাজ্য
যুক্তৰাজ্য
ৰাছিয়া
মাৰ্কিন যুক্তৰাষ্ট্ৰ
২০০২ গণচীন বেইজিং লৰো লাফোৰ্গ(Laurent Lafforgue)
ভ্লাডিমিৰ ভোয়েভোদস্কি(Vladimir Voevodsky)
Institut des Hautes Études Scientifiques
Institute for Advanced Study
ফ্ৰান্স
ৰাছিয়া
২০০৬ স্পেইন মাদ্ৰিড এন্দ্ৰেই ওকোউনকোভ(Andrei Okounkov)
গ্ৰেগৰি পেৰেলমেন(Grigori Perelman)(প্ৰত্যাখ্যান)
টেৰেন্স টাও(Terence Tao)
ওয়েল্ডেলিন ওয়েৰ্নাৰ(Wendelin Werner)
Princeton University
None (Saint Petersburg)
University of California, Los Angeles
Paris-Sud 11 University
ৰাছিয়া
ৰাছিয়া
অষ্ট্ৰেলিয়া
ফ্ৰান্স
২০১০ ভাৰত হাইদৰাবাদ ইলন লিণ্ডাৰষ্ট্ৰছ্(Elon Lindenstrauss)
ন’ বও চাও(Ngô Bảo Châu)
ষ্টানিস্লাফ স্মিৰ্নোভ(Stanislav Smirnov)
ছেড্ৰিক ভিলানী(Cédric Villani)
Hebrew University of Jerusalem and Princeton University
Paris-Sud 11 University and Institute for Advanced Study
University of Geneva
École Normale Supérieure de Lyon and Institut Henri Poincaré
ইছৰাইল
ভিয়েটনাম-ফ্ৰান্স
ৰাছিয়া
ফ্ৰান্স
২০১৪ দক্ষিণ কোৰিয়া চিয়’ল অঘোষিত

লক্ষনীয় ঘটনাসমূহ[সম্পাদনা কৰক]

ফিল্ডছ মেডেলৰ দ্বিতীয় পৃষ্ঠটো

১৯৫৪ ত ফিল্ডছ মেডেল লাভ কৰা জ্যা-পিয়েৰ চেৰ বৰ্তমানলৈকে আটাইতকৈ কম বয়সত এই বঁটা লাভ কৰা ব্যক্তি। তেওঁ ২৭ বছৰ বয়সত এই বঁটা লাভ কৰিছিল।

পূব ইউৰোপত ছোভিয়েট সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত ১৯৬৬ চনত আলেকজেণ্ডাৰ গ্ৰোথেণ্ডিয়েকে মস্কোত অনুষ্ঠিত ICM বৰ্জন কৰে।[12]

১৯৭০ চনত চেৰ্গেই নোভিক’ভে তেওঁৰ ওপৰত ছোভিয়েট চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ফ্ৰান্স (Nice)ত আয়োজিত ICM লৈ বঁটা গ্ৰহণৰ বাবে যাব নোৱাৰিলে।

১৯৭৮ চনত গ্ৰিগৰি মাৰ্গুলিছে তেওঁৰ ওপৰত ছোভিয়েট চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ফিনলেণ্ডত আয়োজিত ICM লৈ বঁটা গ্ৰহণৰ বাবে যাব নোৱাৰিলে। তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে জেকুইচ্ টিটে আৰু বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তেওঁ কয়— "I cannot but express my deep disappointment — no doubt shared by many people here — in the absence of Margulis from this ceremony. In view of the symbolic meaning of this city of Helsinki, I had indeed grounds to hope that I would have a chance at last to meet a mathematician whom I know only through his work and for whom I have the greatest respect and admiration."[13]

১৯৮২ চনত অধিবেশনখন ৱাৰ্ছত হোৱাৰ কথা আছিল, কিন্তু পোলেণ্ডত ১৩ ডিচেম্বৰ ১৯৮১ত গৃহীত হোৱা মাৰ্ছিয়ান আইনৰ বাবে ইয়াক পিছুৱাই দিয়া হয়। ১৯৮২ চনৰ আৰম্ভণিতে IMUৰ নৱম অধিবেশনত ঘোষণা কৰা বঁটাসমূহ ১৯৮৩ চনৰ ৱাৰ্ছৰ অধিবেশনত প্ৰদান কৰা হয়।

১৯৯০ চনত ফিল্ডছ মেডেল লাভ কৰা এডৱাৰ্ড উইটেন হ’ল এই বঁটা লাভ কৰা প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ পদাৰ্থবিদ।

১৯৯৮ চনৰ ICMত ফাৰ্মিৰ অন্তিম সূত্ৰ প্ৰমাণ কৰাৰ স্বীকৃতিস্বৰূপে ফিল্ডছ মেডেল কমিটিৰ অধ্যক্ষ য়ুৰি আই. মেনিনে এণ্ড্ৰিউ ৱাইলছক প্ৰথম IMU ৰূপালী ফলক প্ৰদান কৰে। ডন জেগিয়াৰে এই ফলকখনক "quantized Fields Medal" বুলি অভিহিত কৰিছিল। বঁটা প্ৰদানৰ সময়ত ৱাইলছৰ বয়স জোখতকৈ বেছি আছিল বুলি বাতৰি ওলাইছিল।[14] ১৯৯৪ চনত ৱাইলছৰ বয়স জোখতকৈ সামান্য বেছি হ'লেও বঁটাৰ বাবে তেওঁৰে সম্ভাৱনা বেছি আছিল। কিন্তু ফাৰ্মিৰ অন্তিম সূত্ৰৰ প্ৰমাণৰ এভাগ (ৰিচাৰ্ড টেইলৰ আৰু ৱাইলছৰ দ্বাৰা) ১৯৯৩ চনতে পোৱা গৈছিল।[15][16]

২০০৬ চনত পইনকেয়াৰ অনুমান প্ৰমাণ কৰা গ্ৰেগৰি পেৰেলমেনে এই বঁটা প্ৰত্যখ্যান কৰে।[8] and did not attend the congress.[17]

২০১০ চনত ফিল্ডছ মেডেল লাভ কৰা ন’ বও চাও হ’ল উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি।[18]

পদক[সম্পাদনা কৰক]

এই মেডেলটিৰ ৰূপ কানাডাৰ ভাস্কৰ্য্য শিল্পী আৰ. টেইট মেকেনজিয়ে তৈয়াৰ কৰিছিল[19]

  • ইয়াৰ ওপৰফালে আৰ্কিমিডিছৰ ছবি আৰু লেটিন ভাষাত লিখা মাৰ্কাচ মেলিনাচৰ এটি উক্তি আছে, উক্তিটো হ'ল- "Transire suum pectus mundoque potiri" Rise above oneself and grasp the world ( নিজতকৈ ওপৰলৈ উঠা আৰু বিশ্বক সাৱটি লোৱা)। তাৰিখটো ৰোমান সংখ্যাৰে লিখা হয় আৰু তাত এটা ইচ্ছাকৃত ভুল থাকে।[20]


  • বিপৰীত ‌‌ফালে লেটিন ভাষাত এই কথাখিনি খোদিত কৰা থাকে :
CONGREGATI
EX TOTO ORBE
MATHEMATICI
OB SCRIPTA INSIGNIA
TRIBUERE

অনুবাদ: "Mathematicians gathered from the entire world have awarded [understood "this prize"] for outstanding writings."

পিছফালে আৰ্কিমিডিছৰ সমাধিৰ ছবি এখনৰ লগতে গোলক আৰু চিলিণ্ডাৰৰ ওপৰত তেওঁৰ সূত্ৰ বুজোৱা থাকে।

কাষটোত বঁটাবিজয়ীৰ নাম লিখা থাকে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "About Us: The Fields Medal". The Fields Institute, University of Toronto. http://www.fields.utoronto.ca/aboutus/jcfields/fields_medal.html। আহৰণ কৰা হৈছে: 21 August 2010. 
  2. "2006 Fields Medals awarded" (PDF). Notices of the American Mathematical Society (American Mathematical Society) খণ্ড 53 (9): 1037–1044. October 2006. http://www.ams.org/notices/200609/comm-prize-fields.pdf. 
  3. "Reclusive Russian turns down math world's highest honour". Canadian Broadcasting Corporation. 22 August 2006. http://www.cbc.ca/technology/story/2006/08/22/math-fields.html। আহৰণ কৰা হৈছে: 26 August 2006. 
  4. "Global activists honoured with 'Alternative Nobel' prize". The Local. 30 September 2010. http://www.thelocal.se/29344/20100930/। আহৰণ কৰা হৈছে: November 11, 2012. 
  5. Mark Peplow (26 March 2004). "Maths 'Nobel' awarded". Nature. http://www.nature.com/news/2004/040326/full/news040322-16.html। আহৰণ কৰা হৈছে: November 11, 2012. 
  6. "Mathematicians share Abel Prize". BBC News. 26 March 2004. http://news.bbc.co.uk/2/hi/science/nature/3571155.stm। আহৰণ কৰা হৈছে: November 11, 2012. 
  7. On 2012-07-24 at 17:00 UTC, the OANDA currency converter gives $14,757 U.S.
  8. 8.0 8.1 "Maths genius turns down top prize". BBC. 22 August 2006. http://news.bbc.co.uk/2/hi/science/nature/5274040.stm। আহৰণ কৰা হৈছে: 22 August 2006. 
  9. Israeli wins 'Nobel' of Mathematics, JPost.com
  10. Chang, Kenneth (12 March 2007). "Journeys to the Distant Fields of Prime". The New York Times. http://www.nytimes.com/2007/03/13/science/13prof.html. 
  11. "List of Fields Medallists". International Mathematical Union (IMU). 8 May 2008. http://www.mathunion.org/general/prizes/fields/prizewinners। আহৰণ কৰা হৈছে: 25 March 2009. 
  12. Jackson, Allyn (10 2004). "As If Summoned from the Void: The Life of Alexandre Grothendieck" (PDF). Notices of the American Mathematical Society খণ্ড 51 (9): 1198. http://www.ams.org/notices/200410/fea-grothendieck-part2.pdf। আহৰণ কৰা হৈছে: 26 August 2006. 
  13. Margulis biography, School of Mathematics and Statistics, University of St Andrews, Scotland. Retrieved 27 August 2006.
  14. Wiles, Andrew John, Encyclopædia Britannica. Retrieved 27 August 2006.
  15. Fields Medal Prize Winners (1998), 2002 International Congress of Mathematicians. Retrieved 27 August 2006.
  16. Notices of the AMS, November 1998. Vol. 45, No. 10, p. 1359.
  17. Nasar, Sylvia; Gruber, David (21 August 2006). "Manifold Destiny: A legendary problem and the battle over who solved it.". The New Yorker. http://www.newyorker.com/fact/content/articles/060828fa_fact2। আহৰণ কৰা হৈছে: 24 August 2006. 
  18. Vietnamnet: GS Griffiths:"Trong giới Toán học, anh Châu vẫn là người Việt"
  19. "Fields Institute - The Fields Medal". Fields.utoronto.ca. 9 August 1932. http://www.fields.utoronto.ca/aboutus/jcfields/fields_medal.html। আহৰণ কৰা হৈছে: 21 August 2010. 
  20. EBERHARD KNOBLOCH Generality and Infinitely Small Quantities in Leibniz's Mathematics - The Case of his Arithmetical Quadrature of Conic Sections and Related Curves. In Infinitesimal Differences: Controversies between Leibniz and his Contemporaries. Edited by Ursula Goldenbaum and Douglas Jesseph. Walter de Gruyter, 2008


বহিঃসংযোগ[সম্পাদনা কৰক]

সাঁচ:Fields medalists