ফুচকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুচকা

মহাৰাষ্ট্ৰত প্ৰস্তুত কৰা ফুচকা বা পানীপুৰি
উৎপত্তি
আন্য নাম পানীপুৰি, গোলগপ্পা, পানী কে পৰাঠে, পানী কে ভট্টে, গপছপ, পালডি
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
আঞ্চল বা ৰাজ্য বাংলাদেশ, ভাৰত, পাকিস্তান
বিতং তথ্য
প্ৰকাৰ মুখৰোচক খাদ্য
মুখ্য উপাদান আটা, চুজি মচলাযুক্ত পানী, পিয়াজ, আলু

ফুচকা এবিধ অতি জনপ্ৰিয় সুস্বাদু দক্ষিণ এচিয় মুখৰোচক খাদ্যবিশেষ। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় সকলোতে এইবিধ খাদ্যৰ প্ৰচলন আছে। অঞ্চলভেদে ই বিভিন্ন নামেৰে পৰিচিত; যেনে উত্তৰ ভাৰতত ইয়াৰ পৰিচয় গোলগাপ্পা হিচাপে, আৰু পশ্চিম ভাৰতত (যেনে মহাৰাষ্ট্ৰত) ইয়াৰ নাম পানীপুৰি (হিন্দী: पानीपूरी)।

সাধাৰণতে আটা আৰু চুজিৰ দ্বাৰা প্ৰস্তুত কৰা এটা গোলাকৃতিৰ কৰ্কৰীয়া সৰু লুচিৰ মাজত মচলাযুক্ত সিজোৱা আলুৰ পুৰ ভৰাই তেঁতেলী পানীৰ সৈতে ফুচকা পৰিবেশন কৰা হয় । বিভিন্ন অঞ্চলত ফুচকাৰ নাম আৰু পৰিবেশনৰ ৰীতি ভিন-ভিন। কোনো কোনো অঞ্চলত তেঁতেলী পানীৰ পৰিবৰ্তে পদিনামিশ্ৰিত পানী ব্যবহৃত হয় ৷ পশ্চিমবঙ্গত ফুচকাৰ পুৰ হিচাবে ব্যৱহৃত আলুত পিয়াঁজৰ প্ৰচলন নাথাকিলেও ভাৰতৰ উৰিষ্যা প্ৰদেশত পিয়াঁজ ফুচকাৰ এটা অন্যতম উপকৰণ। সমগ্ৰ দেশতে দৈ-ফুচকা অৰ্থাৎ দৈৰ পানীৰ সৈতে পৰিৱেশিত ফুচকাৰ প্ৰবল জনপ্ৰিয়তা দেখা গৈছে ৷

প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন পদ্ধতিত ফুচকা প্ৰস্তুত হয় । পশ্চিমবঙ্গত ফুচকা প্ৰস্তুতিৰ ক্ষেত্ৰত সাধাৰণত যি পদ্ধতি অনুসৰণ হয় সেইটো ইয়াত দিয়া হ'ল।

  • পাপড়ি : প্ৰথমে আটা ১ কাপ আৰু চুজি ৩ কাপ ভালকৈ পানীৰে মথি এখন আৰ্দ্ৰ কাপোৰেৰে অলপ সময় ঢাকি ৰখা হয়। তাৰপাছত সেই মথি ৰখা আটা আৰু চুজিৰ পৰা সৰু সৰু লুচি বেলি লৈ তেলত ভাজি ফুচকাৰ পাপড়ি তৈয়াৰ কৰা হয় ।
  • পুৰ : ফুচকাৰ পুৰ হিচাপে সাধাৰণত মচলাযুক্ত সিজোৱা আলু ব্যৱহৃত হয়। সিজোৱা আলুত ধনীয়া গুৰি, জিৰা গুৰি, শুকান জলকীয়া গুৰি আৰু নিমখ মিহলি কৰি তাত কুটা কেঁচা জলকীয়া দি এই পুৰ প্ৰস্তুত কৰা হয় । সোৱাদ বৃদ্ধিৰ বাবে পুৰ মিহলিৰ সময়ত সামান্য তেঁতেলী পানী তাৰ লগত যুক্ত কৰা হয়। ইয়াৰ লগত ভজা ঘুগনি, মটৰ আদিও যোগ কৰিব পাৰি।
  • টেঙাপানী : পানীৰ লগত তেঁতেলী গুলি তাত নেমু ৰস,পদিনা ৰস,ক'লা নিমখ,জলকীয়া গুৰি মিহলি কৰি টেঙাপানী প্ৰস্তুত কৰা হয় ।

পৰিবেশন[সম্পাদনা কৰক]

ফুচকাৰ পাপড়িত এটি সৰু ছিদ্ৰ কৰি তাৰ ভিতৰত মচলাযুক্ত আলুৰ পুৰ ভৰাই দিয়া হয়। তাৰপিছত পুৰ ভৰ্তি ফুচকা তেঁতেলীযুক্ত পানীত ডুবাই ফুচকা পৰিবেশন কৰা হয় । পথৰ কাষৰ অস্থায়ী ফুচকাৰ দোকানত ফুচকা উপস্থাপনৰ এই ৰীতিয়েই অধিক প্ৰচলিত। কিন্তু স্থায়ী দোকান বা ৰেস্তোৰাঁত প্লেটত পুৰ ভৰ্তি শুকান ফুচকা দিয়া হয় আৰু এটি পৃথক পাত্ৰত টেঙাপানী অথবা চাটনি দিয়া হয় ।

চুৰমুৰ[সম্পাদনা কৰক]

চুৰমুৰ ফুচকাৰ সমগোত্ৰীয় এবিধ খাদ্য আৰু ফুচকা বিক্ৰেতাৰ ওচৰতেই লভ্য। সাধাৰণতে ফুচকা ভজাৰ সময়ত ফুচকাৰ যি পাপড়ি পৰ্যাপ্ত পৰিমাণে ফুলি নুঠে, সেইসমূহেই চুৰমুৰৰ উপাদান হিচাপে ব্যৱহৃত হয় ৷ সিজোৱা আলু চাৰিকোণীয়াকৈ বা সৰু সৰুকৈ কাটি তাত ফুচকাত ব্যবহৃত সকলো মচলা সানি আৰু ওপৰত পাপড়িসমূহ ভাঙি মিহলি কৰি চুৰমুৰ প্ৰস্তুত কৰা হয় । ই ফুচকাৰ সমানেই সুস্বাদু আৰু জনপ্ৰিয়।

ফটো গেলাৰী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • "Some visitors are impressed with the unique foods of the city, famous among them are Aalu Chap (a hot potato preparation), Golgappa (a juicy preparation)..",The National Geographical Journal of India - পৃষ্ঠা ১১৬,
  • National Geographical Society of India, ১৯৫৫, দ্বাৰা প্ৰকাশিত
  • "Suddenly my gaze travelled to the nearby Banarsi golgappa seller's hand trolley.."The Dreamer‎ - Page 50, by Krishan Chandar, Jai Ratan - Short stories, Indic (English). - ১৯৭০ - ১৬০ পৃষ্ঠা
  • Published from M- Pratap Ganj, 475, Lahori Gate, Delhi, Timeless Fellowship‎ - Page 110 by Karnatak University Library Science Association, Library Science Association, Karnatak University School of Library Science, School of Library Science, Karnatak University - Library science - 1978

বহিঃ সংযোগ[সম্পাদনা কৰক]