ফুলন দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফুলন দেৱী
ফুলন দেৱী

দপ্তৰৰ কাৰ্যকাল
১৯৯৬ – ১৯৯৮
সংসদীয় এলেকা মিৰ্জাপুৰ

দপ্তৰৰ কাৰ্যকাল
১৯৯৯ – ২০০১
সংসদীয় এলেকা মিৰ্জাপুৰ

জন্ম ১০ আগষ্ট, ১৯৬৩
মৃত্যু ২৫ জুলাই, ২০০১ (৩৭ বছৰ)
নতুন দিল্লী, ভাৰত
জাতীয়তা ভাৰতীয়
ৰাজনৈতিক দল সমাজবাদী পাৰ্টি
দাম্পত্য সঙ্গী পুট্টি লাল, বিক্ৰম মাল্লাহ, উমেদ সিং
জীৱিকা ডকাইত, ৰাজনৈতিক নেতা

ফুলন দেৱী (ইংৰাজী: Phoolan Devi, হিন্দী: फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালী লৈছিল। উত্তৰ প্ৰদেশৰ বেহমাই গাঁওৰ কেইজনমান ঠাকুৰে ফুলনক তেইশদিন ধৰি ধৰ্ষণ কৰিছিল। ১৯৮১ চনত সেই গাঁওৰ ২২ জন ঠাকুৰক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ বাবে ফুলন দেৱীক অভিযুক্ত কৰা হৈছিল। বেছি ভাগ অপৰাধ তেওঁ নিপিড়িক মহিলাসকলক, বিশেষকৈ নিম্ন বৰ্গৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ সংঘটিত কৰিছিল। কুৰি বছৰো নোহোৱা এগৰাকী নিম্নবৰ্গৰ, প্ৰায় নিৰক্ষৰ কিশোৰীয়ে সমগ্ৰ ভাৰতত আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ তেওঁ আত্ম-সমৰ্পন কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ অন্তৰ্গত 'ঘোৰা কা পুৰৱা' গাঁওত মাল্লা সম্প্ৰদায়ত ফুলন দেৱীৰ জন্ম হৈছিল। [2] মাল্লা সম্প্ৰদায়ক নিম্ন বৰ্ণৰ বুলি গণ্য কৰা হয়। ফুলন আছিল দেৱীদিন আৰু মুলাৰ দ্বিতীয় সন্তান। ফুলনৰ দেউতাকৰ এক একৰৰ এখন নিমৰ বাগিছা আছিল। দেউতাকৰ আশা আছিল, এই মূল্যবান গছবোৰ বেছি জীয়েকহঁতৰ বাবে যৌতুকৰ ধন গোটাব। [3]ফুলনৰ এঘাৰ বছৰ বয়স হওঁতে ককাদেউতাক ঢুকাই থাকিল আৰু তেওঁৰ বৰদেউতাকে নিজকে ঘৰখনৰ মুৰব্বী বুলি ঘোষণা কৰিলে আৰু প্ৰৱঞ্চনাৰে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। বৰদেউতাকৰ মায়াদিন নামৰ এজন পুত্ৰ আছিল। সি বাগিছাৰ গছবোৰ কাটি বিক্ৰি কৰিবলৈ ধৰিলে।.[4] ফুলনে ইয়াৰ ঘোৰ বিৰোধ কৰিলে। ৰাজহুৱাকৈ মায়াদিনক চোৰ বুলি নিন্দা কৰিলে আৰু বায়েকৰ সৈতে ফুলনে সেই মাটিত বহি থাকি প্ৰতিবাদ সাব্যস্ত কৰিলে। হিংসাৰ আশ্ৰয় লৈয়ো মায়াদিনে ফুলনক সেও মনাব নোৱাৰিলে। অৱশেষত সম্পৰ্কীয় ভায়েকজনে পুট্টিলাল নামৰ এজন ত্ৰিশ বছৰীয়া ব্যক্তিৰ সৈতে ফুলনৰ বিয়াৰ আয়োজন কৰিলে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ বছৰ। [5] ফুলনে আত্মজীৱনীত লিখিছে যে পুট্টিলাল এজন দুঃচৰিত্ৰৰ লোক আছিল।

ফুলনৰ সৈতে তেওঁৰ স্বামীয়ে বলপূৰ্বক ভাৱে যৌন-সম্পৰ্ক স্থাপন কৰিছিল আৰু শাৰীৰিক অত্যাচাৰ চলাইছিল। যন্ত্ৰনা সহিব নোৱাৰি বহুবাৰ তেওঁ নিজৰ গাঁওলৈ ঘূৰি গৈছিল আৰু ঘৰৰ মানুহে পুনৰ স্বামীৰ ঘৰলৈ ওভতাই পঠাইছিল। অৱশেষত তেওঁ স্বামীৰ কাৰ্য-কলাপৰ প্ৰতিবাদ কৰি স্থায়ীভাৱে মাক-দেউতাকৰ ঘৰলৈ ঘূৰি আহিল। ভাৰতীয় গ্ৰাম্য সমাজত স্বামীৰ ঘৰ এৰি গুচি অহা নাৰীক বেয়া চকুৰে চোৱা হয়। ফুলনো সমাজৰ দৃষ্টিত এজনী দুঃচৰিত্ৰা নাৰীলৈ পৰিণত হ'ল। এইবাৰ ফুলনে আদালতত নায়াদিনৰ বিৰুদ্ধে দেউতাকৰ মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ দিলে। কিন্তু তেওঁ আইনী যুদ্ধত জিকিব নোৱাৰিলে। [4]

১৯৭৯ চনত মায়াদিনে চুৰিৰ অভিযোগত ফুলনক গ্ৰেপ্তাৰ কৰোঁৱালে। ফুলনৰ তিনিদিনৰ কাৰাদণ্ড হ'ল। কাৰাগাৰত তেওঁ আইনৰক্ষকৰ হাতত ধৰ্ষণৰ বলি হ'ল। [4] কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত পৰিয়াল আৰু গাঁওবাসীয়ে ফুলনক বৰ্জন কৰিলে।

ডকাইতৰ ৰূপত ফুলন[সম্পাদনা কৰক]

১৯৭৯ চনত ফুলন দেৱীক এটা ডকাইতৰ দলে অপহৰণ কৰে; অৱশ্যে কিছুমানৰ মতে তেওঁ স্ব-ইচ্ছাই ডকাইতৰ দললৈ গুচি যায়।[4] ডকাইতৰ দলনেতা আছিল এজন গুজ্জৰ সম্প্ৰদায়ৰ লোক- নাম বাবু গুজ্জৰ। এইজন বাবু গুজ্জৰৰ কামুক দৃষ্টি পৰিল ফুলনৰ দেহটোত। কিন্তু দলৰ দ্বিতীয় নেতা বিক্ৰম মাল্লাৰ বাবে ফুলন বাবু গুজ্জৰৰ কামনাৰ চিকাৰ হোৱাৰ পৰা বাচি থাকিল। বিক্ৰম মাল্লা ফুলনৰ সৈতে একে সম্প্ৰদায়ৰ আছিল। এনিশা বাবু গুজ্জৰে ফুলনক বলৎকাৰৰ প্ৰচেষ্টা চলালে। বিক্ৰমে বাবুক হত্যা কৰি নিজে দলৰ নেতা হ'ল। ফুলনে তেওঁক সকলো সময়তে সুৰক্ষিত কৰি ৰখা এই পুৰুষজনৰ প্ৰেমত পৰিল। অৱশেষত বিক্ৰমে তেওঁক বিয়া কৰাই দ্বিতীয় পত্নীৰ মৰ্যদা দিলে। ডকাইতৰ দলটোৱে ফুলনৰ প্ৰথম স্বামী পুট্টিলালে বাস কৰা গাওঁত লুটপাত চলালে। ফুলনে পুট্টিলালক গাঁওবাসীৰ সন্মুখতে চোঁচৰাই আনি শাস্তি দিলে আৰু প্ৰায় মৃতপ্ৰায় অৱস্থাত ৰাষ্টাত পেলাই থৈ গ'ল। যাওঁতে ফুলকুমলীয়া ছোৱালী বিয়া কৰোৱা পুৰুষসকলক সাবধানবাণী শুনাই এটা টোকা লিখি থৈ গ'ল।

ফুলনে বিক্ৰম মাল্লাৰ পৰা ৰাইফল চালনা শিকিছিল আৰু উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত উচ্চ বৰ্ণৰ লোক বাস কৰা গাঁওত লুটপাট, উচ্চ বৰ্ণৰ ভূস্বামীসকলক অপহৰণ, ৰেল ডকাইতি আদি বিভিন্ন অভিযান চলাইছিল। প্ৰতিটো অপৰাধৰ পিছতে ফুলনে দুৰ্গাদেৱীৰ মন্দিৰ দৰ্শন কৰিছিল আৰু তেওঁক ৰক্ষা কৰাৰ বাবে দেৱীক ধন্যবাদ জ্ঞাপন কৰিছিল। .[2] চম্বল উপত্যাকাত এই ডকাইতৰ দলে আত্মগোপন কৰিছিল।

বেহমাই কাণ্ড[সম্পাদনা কৰক]

ফুলন দেৱী: তিনি সপ্তাহ ধৰি চলোৱা নিৰ্যাতনৰ পাছত

শ্ৰী ৰাম নামৰ এজন ঠাকুৰ সম্প্ৰদায়ৰ ডকাইত আছিল বিক্ৰম মাল্লাৰ অপৰাধ জগতৰ গুৰু। শ্ৰী ৰাম আৰু তেওঁৰ ভাতৃ লালা ৰাম কাৰাৰুদ্ধ হৈ থাকোঁতে বিক্ৰমে তেওঁলোকৰ জামিনৰ বাবে ৮০,০০০ টকা গোটাইছিল। শ্ৰী ৰামে মুক্তি পোৱাৰ পিছত বিক্ৰমে তেওঁক দলৰ নেতৃত্ব লবলৈ আহ্বান জনাইছিল। কিন্তু এই কথাত দলৰ মাল্লা সম্প্ৰদায়ৰ সদস্যসকলে ভাল বোৱা নাছিল। ফলস্বৰূপে দলৰ সদস্যসকল দুভাগত বিভক্ত হৈছিল। ঠাকুৰ সম্প্ৰদায়ৰ সদস্যসকল শ্ৰী ৰাম আৰু মাল্লা সম্প্ৰদায়ৰ সদস্যসকল বিক্ৰমৰ প্ৰতি অনুগত আছিল। শ্ৰী ৰাম আছিল এজন নিষ্ঠুৰ প্ৰকৃতিৰ ব্যক্তি। শ্ৰী ৰামে বিক্ৰমক হত্যা কৰিবলৈ সুযোগ বিচাৰি ফুৰিছিল। এবাৰ এখন বিয়ালৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতে বিক্ৰমক অচিনাক্ত দুৰ্বৃত্তই গুলিয়ালে। বিক্ৰম আহত হ'ল যদিও সেইবাৰলৈ বাচি গ'ল। বিক্ৰমে ৰবৰ ষ্টাম্প এটা তৈয়াৰ কৰি তাত লিখিলে, 'ফুলন আৰু বিক্ৰম স্বৰ্গৰ পৰা উভতি আহিল।' কিন্তু এনিশা শ্ৰী ৰামে বিক্ৰমক হত্যা কৰি ফুলনক অপহৰণ কৰি লৈ গ'ল।

শ্ৰী ৰামে ফুলনক উলঙ্গ প্ৰায় অৱস্থাত এখন গাঁওলৈ লৈ গ'ল আৰু ৰাজহুৱা ভাৱে ঘোষণা কৰিলে যে ফুলনে বিক্ৰমক হত্যা কৰিছে আৰু ইয়াৰ বাবে তেওঁক শাস্তি দিবলৈ ৰাইজক উচতনি দিলে। প্ৰথমে শ্ৰী ৰামে ফুলনক ধৰ্ষণ কৰিলে। তাৰ পাছত এজন এজনলৈ বহু ঠাকুৰে তেওঁৰ ওপৰত শাৰীৰিক আৰু যৌন নিৰ্যাতন চলালে। তেওঁক গাওঁবাসীৰ সন্মুখেৰে খোজ কঢ়াই লৈ যোৱা হ'ল। শ্ৰী ৰামে বাৰে বাৰে তেওঁক মাল্লা বেশ্যা বুলি গালি পাৰিলে। তিনি সপ্তাহতকৈয়ো অধিক কাল তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল। তেইশ দিনৰ মূৰত ফুলনে ঠাকুৰ সম্প্ৰদায়ৰ গাঁও বেহমাইত নিজকে আবিষ্কাৰ কৰিলে। অৱশেষত এজন ব্ৰাহ্মণ লোকৰ সহায়ত ফুলনে এখন গৰুগাড়ীত উঠি বেহমাইৰ পৰা পলায়ন কৰিলে।

ফুলনৰ দুৰ্যোগৰ কাহিনী শুনি বাবা মুস্তাকিন নামৰ এজন ডকাইত নেতাই তেওঁক নিজাকৈ এটা দল গঠন কৰাত সাহায্য কৰিলে। মান সিং হ'ল তেওঁৰ দলৰ দ্বিতীয় নেতা। প্ৰতিশোধ লবলৈ ফুলনে আৰম্ভ কৰিলে ৰাম ভাতৃদ্বয়ৰ সন্ধান। অৱশেষত খবৰ পালে যে শ্ৰী ৰামে দল-বল লৈ বেহমাই গাঁওত অৱস্থান কৰিছে। ফুলনক নিৰ্যাতন কৰাৰ সোতৰ মাহৰ মূৰত, ১৪ ফেব্ৰুৱাৰী, ১৯৮১ তাৰিখে তেওঁৰ দলে ৰাম ভাতৃদ্বয়ক কৰায়ত্ব কৰিবলৈ বেহমাই গাঁও আগুৰি ধৰিলে। সেই সময়ত বেহমাইবাসী এখন বিয়াত ব্যস্ত হৈ আছিল। ফুলনৰ দলে পাত-পাতকৈ ৰাম ভাতৃদ্বয়ক বিচাৰিলে। কিন্তু বিচাৰি নাপালে। ফুলনে গাঁওবাসীক ভাতৃদ্বয়ক উলিয়াই দিবলৈ আদেশ দিলে। তেওঁৰ মতে গাঁওবাসীয়ে ভাতৃদ্বয়ক লুকুৱাই ৰাখিছে। কিন্থু গাঁওবাসীয়ে এই কথা অস্বীকাৰ কৰিলে। ডকাইতৰ দলে এইবাৰ গাঁওৰ ডেকা মানুহ কিছুমানক শাৰী পতাই লৈ নিৰ্বিচাৰে গুলি চালনা কৰিলে। ঠিতাতে ২২জন[6] গাঁওবাসী নিহত হ'ল। ইয়াৰে বেছিভাগে ফুলনৰ বলৎকাৰত জড়িত নাছিল। পিছলৈ ফুলনে দাবী কৰিছিল যে তেওঁ নিজহাতে এজন গাঁওবাসীকো গুলিওৱা নাছিল। [2]

বেহমাই কাণ্ডৰ বাবেই সেইসময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ভি পি সিঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ফুলন দেৱী জনাজাত হৈছিল দস্যুৰাণী নামেৰে। উত্তৰ প্ৰদেশৰ চহৰবোৰত দুৰ্গাদেৱীৰ বেশত ফুলনৰ মূৰ্তি বিক্ৰি হবলৈ ধৰিছিল। ভাৰতীয় প্ৰচাৰ মাধ্যমে তেওঁক গৌৰৱমণ্ডিত কৰিছিল।

আত্মসমৰ্পণ আৰু বন্দী জীৱন[সম্পাদনা কৰক]

আত্মসমৰ্পনৰ মুহূৰ্তত ফুলন দেৱী

বেহমাইৰ হত্যাকাণ্ডই সমগ্ৰ ভাৰতবৰ্ষক জোকাৰি গৈছিল। আৰক্ষীয়ে ফুলনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল যদিও তেওঁৰ ওপৰত মানসিক চাপ দিবলৈ আৰম্ভ কৰিছিল। ফুলনৰ মাক-দেউতাকক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে তেওঁৰ দলৰ বহু সদস্যৰ মৃত্যু হৈছিল। ফুলনে আত্মসমৰ্পন কৰিবলৈ সিদ্ধান্ত ললে। তেওঁ চৰ্ত আগবঢ়ালে যে[7]

  • ফুলন আৰু তেওঁৰ সঙ্গীসকলে মধ্য প্ৰদেশতহে আত্মসমৰ্পন কৰিব আৰু কেতিয়াও তেওঁলোকক বিচাৰৰ বাবে উত্তৰ প্ৰদেশলৈ নিব নোৱাৰিব;
  • ফাঁচী দিব নোৱাৰিব আৰু আঠ বছৰতলৈ বেছিকাল কাৰাৰুদ্ধ কৰি ৰাখিব নোৱাৰিব;
  • সম্পৰ্কীয় ভাতৃ মায়াদিনে অবৈধ ভাৱে দখল কৰা মাটি ফুলনৰ পিতৃক ওভতাই দিব লাগিব;
  • ফুলনৰ পিতৃ-মাতৃক মধ্য প্ৰদেশত সংস্হাপিত কৰিব লাগিব;
  • চৰকাৰে ভায়েকক এটা চৰকাৰী চাকৰি দিয়াৰ নিশ্চয়তা দিব লাগিব।

চৰকাৰ আটাইবোৰ চৰ্ততে সন্মত হ'ল। চৰকাৰে আটাইবোৰ চৰ্ততে সন্মত হ'ল। বেহমাই কাণ্ডৰ প্ৰায় দুবছৰ পিছত ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত ৮০০০ দৰ্শকৰ হৰ্ষোল্লাসৰ মাজত ফুলন দেৱীয়ে আত্মসমৰ্পন কৰে। ফুলনে পৰিধান কৰিছিল এজোৰ খাকী সাজ। গাত লৈছিল এখন ৰঙা স্কাৰ্ফ। মূৰত মাৰিছিল এখন ৰঙা কাপোৰ, যিখন কাপোৰ বেহমাই গাওঁত ফুলনক কৰা যৌন আৰু শাৰীৰিক নিৰ্যাতনৰ পাছত প্ৰতিশোধৰ প্ৰতীক ৰূপে মূৰত মাৰি লৈছিল। কান্ধত আছিল এটা ম'জাৰ ৰাইফল। দুই হাত যোৰ কৰি তেওঁ ৰাইজক নমস্কাৰ জনাইছিল। দেৱী দুৰ্গা আৰু মহাত্মা গান্ধীৰ দুখন ফটোৰ সন্মুখত ফুলনে ৰাইফলটো সমৰ্পন কৰিছিল।[8][9]

চৰকাৰে কিন্তু ফুলনৰ সৈতে কৰা চুক্তি ভংগ কৰিছিল। বিনা বিচাৰে ফুলন এঘাৰ বছৰ কাৰাৰুদ্ধ হৈ থাকিল। অৱশেষত ১৯৯৪ চনত ফুলনে পেৰ'লত মুক্তি পালে।

চলচ্চিত্ৰ, নাটক আৰু গ্ৰন্থ[সম্পাদনা কৰক]

বেণ্ডিত কুইন বোলছবিত ফুলনৰূপী সীমা বিশ্বাস

১৯৯৪ চনত ফুলন দেৱীৰ জীৱনৰ আধাৰত বেণ্ডিত কুইন নামৰ চলচ্চিত্ৰ এখনে মুক্তি পায়। ছবিখনৰ পৰিচালক আছিল শেখৰ কাপুৰ আৰু প্ৰযোজক আছিল চেনেল-৪। মালা সেনৰ 'ইণ্ডিয়াজ বেণ্ডিত কুইন' নামৰ জীৱনী গ্ৰন্থৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা হৈছিল। [10] ফুলন দেৱীয়ে ছবিখনত তেওঁক ভুল ৰূপত উপস্থাপন কৰা বুলি অভিযোগ তুলি ভাৰতত ইয়াক নিষিদ্ধ কৰাৰ দাবী তুলিছিল। ছবিখন নিষিদ্ধ নকৰিলে তেওঁ আনকি ছবিগৃহৰ বাহিৰত আত্মজাহ যোৱাৰো ভাবুকি দিছিল। অৱশেষত প্ৰযোজক গোষ্ঠীটোৱে ৪০,০০০ পাউণ্ড ফুলনক প্ৰদান কৰাত তেওঁ অভিযোগ তুলি লৈছিল। [10] ছবিখনে ফুলনৰ আন্তঃৰাষ্ট্ৰীয় পৰিচিতি আনি দিছিল। লেখিকা অৰুন্ধতী ৰয়ে ‘দা গ্ৰেট ইণ্ডিয়ান ৰেপ ট্ৰিক’ নামৰ লেখা এটাত কি অধিকাৰত এগৰাকী জীৱিত নাৰীৰ বলাৎকাৰৰ দৃশ্যৰাজি তেওঁৰ কোনো অনুমতি নোহোৱাকৈ পুনৰ মঞ্চায়ন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু পৰিচালক শেখৰ কাপুৰক ফুলন দেৱীৰ জীৱন আৰু ইয়াৰ অৰ্থক ভুলকৈ উপস্থাপন কৰা বুলি দায়ী কৰিছিল। [11]

অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী অপসৰা থিয়েটাৰে ফুলনৰ আত্মসমৰ্পনৰ পাছতে ‘দস্যুৰাণী ফুলন দেৱী’ নামৰ নাটক এখন মঞ্চস্থ কৰিছিল। কোনো তাৰাকা অভিনেতা-অভিনেত্ৰী নথকা সত্বেও নাটকখন যথেষ্ট জনপ্ৰিয় হৈছিল। সাম্প্ৰতিক বিষয়-বস্তুক লৈ ৰচিত সেইখনেই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম জনপ্ৰিয় নাটক আছিল।

ফুলনে অতি সামান্যহে লিখা-পঢ়া জানিছিল[12] যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লেখক মেৰী থেৰেচ কানী (Marie-Therese Cuny ) আৰু পল ৰামবালিৰ (Paul Rambali) সহযোগত 'আই, ফুলন দেৱী: দ্যা অটোবায়োগ্ৰাফী অৱ ইণ্ডিয়াজ বেণ্ডিত কুইন' শীৰ্ষক আত্মজীৱনী এখন প্ৰণয়ন কৰে। এই গ্ৰন্থখন ইংলেণ্ডৰ লিটিল, ব্ৰাউন এণ্ড কোম্পানীয়ে ১৯৯৬ চনত প্ৰথমপ্ৰকাশ কৰে। এই লেখক দুজনৰ সহযোগত ফুলনে প্ৰণয়ন কৰা আন এখন আত্মজীৱনীমূলক গ্ৰন্থ হ'ল 'দ্যা বেণ্ডিত কুইন অৱ ইণ্ডিয়া এন ইণ্ডিয়ান অ'মেনচ্ এমাজিং জাৰ্ণি ফ্ৰম পিজেণ্ট টু ইণ্টাৰনেচনেল লিজেণ্ড'। মালা সেনে লিখিছিল 'ইণ্ডিয়াজ বেণ্ডিত কুইন' এখন জীৱনী গ্ৰন্থ।[13]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

Devi phoolan.jpg

ফুলন দেৱীৰ ৰাজনৈতিক গুৰু আছিল সমাজবাদী পাৰ্টিৰ নেতা মুলায়ম সিং যাদৱ। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সংসদীয় সমষ্টিত বৃহত্ সংখ্যক ঠাকুৰ সম্প্ৰদায়ৰ ভোটাৰ আছিল যদিও পিছপৰা মাল্লা আৰু জুলাহা (শিপিনী) সম্প্ৰদায়ৰ ভোটাৰৰ সন্মিলিত সংখ্যাৰ বিপৰীতে ঠাকুৰ ভোটাৰ কম আছিল। স্বাভাৱিকতে এই আসনখন দখল কৰিবলৈ ১৯৯৬ চনৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে ফুলন দেৱীক মিৰ্জাপুৰ আসনৰ বাবে টিকট দিয়ে। ভাৰতীয় জনতা পাৰ্টি আৰু বেহমাইৰ হত্যাকাণ্ডৰ বলি হোৱা ঠাকুৰৰ বিধৱা পত্নীসকলে ফুলনৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ অভিযান চলোৱা সত্বেও তেওঁ এই আসনখনৰ পৰা বিজয়ী হয়।[14] ১৯৯৮ চনত হোৱা মধ্যৱৰ্তী নিৰ্বাচনত ফুলন পৰাজয় হয় যদিও পুনৰ ১৯৯৯ চনৰ নিৰ্বাচনত মিৰ্জাপুৰ লোকসভাৰ আসনখন দখল কৰিবলৈ লক্ষম হয়।[15]

হত্যা[সম্পাদনা কৰক]

২০১১ চনৰ ২৫ জুলাইত নতুন দিল্লীৰ বাসভৱনৰ জপনামুখত ফুলন দেৱীক তিনিজন দুৰ্বৃত্তই হত্যা কৰে। তেওঁৰ দেহৰক্ষীজনো আহত হয়। সেইসময়ত তেওঁ সংসদৰ পৰা উভতি আহিছিল। ফুলনক গুলিয়াই দুৰ্বৃত্তই এখন অটোৰিক্সাত উঠি পলাই যায়। দুৰ্বৃত্তকেইজন আছিল শ্বেৰ সিং ৰাণা, ধীৰাজ ৰাণা আৰু ৰাজবীৰ।[16] শ্বেৰ সিং ৰাণাই দেৰাদুনত আত্মসমৰ্পন কৰে। হত্যাকাৰীজনে প্ৰকাশ কৰে যে বেহমাইৰ হত্যাকাণ্ডৰ প্ৰতিশোধ লবলৈকে এই হত্যা কৰা হৈছিল। ২০০৪ চনত শ্বেৰ সিঙে তিহাৰ জেলৰ পৰা পলায়ন কৰে; কিন্তু ২০০৬ চনত পুনৰ কলকাতাত আৰক্ষীৰ হাতত কৰায়ত্ব হয়। সেই বছৰে ক্ষত্ৰিয় স্বাভিমান আন্দোলন কমিটি (KSASC) নামৰ সংগঠন এটাই ‘ক্ষত্ৰিয়ৰ মৰ্যদা অক্ষুণ্ণ ৰখা আৰু বেহমাইৰ বিধবাসকলৰ চকুলো শুকোওৱাৰ বাবে’ শ্বেৰ সিঙক সন্মানিত কৰাৰ সিদ্ধান্ত লয়।[17] ২০০৭ চনৰ ১৯ জানুৱাৰীত ফুলনৰ দেহৰক্ষী বলেন্দৰ সিঙে হত্যাকাৰী ধীৰাজ আৰু শ্বেৰ সিঙক চিনাক্ত কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "দস্যুৰাণী নিহত". http://www.guardian.co.uk/g2/story/0,3604,527406,00.html। আহৰণ কৰা হৈছে: April 01, 2012. 
  2. 2.0 2.1 2.2 "Phoolan Devi, India's Bandit Queen". http://web.archive.org/web/20051228081825/www.goodbyemag.com/jul01/devi.html। আহৰণ কৰা হৈছে: 2006-12-11. 
  3. Jan Stradling (2011). "12: Phoolan Devi - 'Bandit Queen', freedom fighter, politcian". Good Girls Don’t Make History. Pier. ISBN 978-1-74266-623-5. 
  4. 4.0 4.1 4.2 4.3 John Arquilla (2011). Insurgents, Raiders, and Bandits. 9781566638326. পৃষ্ঠা. 245–251. 
  5. "Phoolan Devi: Champion of the poor". BBC News. 2001-07-25. http://news.bbc.co.uk/2/hi/south_asia/1456441.stm। আহৰণ কৰা হৈছে: 2006-12-11. 
  6. Mala Sen. India's Bandit Queen. 
  7. "www.trutv.com". http://www.trutv.com/library/crime/gangsters_outlaws/cops_others/phoolan_devi/2.html। আহৰণ কৰা হৈছে: April 05, 2012. 
  8. "www.trutv.com". http://www.trutv.com/library/crime/gangsters_outlaws/cops_others/phoolan_devi/2.html। আহৰণ কৰা হৈছে: April 05, 2012. 
  9. "web.archive.org". http://web.archive.org/web/20051228081825/www.goodbyemag.com/jul01/devi.html। আহৰণ কৰা হৈছে: April 05, 2012. 
  10. 10.0 10.1 "Obituaries: Mala Sen". The Telegraph. 2011-05-30. http://www.telegraph.co.uk/news/obituaries/culture-obituaries/books-obituaries/8546445/Mala-Sen.html। আহৰণ কৰা হৈছে: 2011-11-28. 
  11. The Great Indian Rape-Trick @ SAWNET -The South Asian Women's NETwork , Retrieved 25 November 2011
  12. "Phoolan Devi Autobiography". http://www.amazon.co.uk/Phoolan-Devi-Autobiography-Indias-Bandit/dp/0751519642#reader_0751519642। আহৰণ কৰা হৈছে: April 04, 2012. 
  13. "India's Bandit Queen by Mala Sen". http://www.friendsofbooks.com/book/india-bandit-queen-mala-sen/4761। আহৰণ কৰা হৈছে: April 04, 2012. 
  14. "www.frontlineonnet.com". http://www.frontlineonnet.com/fl1816/18161180.htm। আহৰণ কৰা হৈছে: April 05, 2012. 
  15. "web.archive.org/". http://web.archive.org/web/20051228081825/www.goodbyemag.com/jul01/devi.html। আহৰণ কৰা হৈছে: April 05, 2012. 
  16. "www.guardian.co.uk". http://www.guardian.co.uk/g2/story/0,3604,527406,00.html। আহৰণ কৰা হৈছে: April 05, 2012. 
  17. "Kshatriya Samaj to honour Phoolan’s killer". http://www.tribuneindia.com/2006/20060501/nation.htm#5। আহৰণ কৰা হৈছে: April 05, 2012. 

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

ফুলন দেৱীৰ ৱিষয়ে গ্ৰন্থসমূহ

  • Devi: The Bandit Queen, by Richard Shears, Isobelle Gidley. Published by Allen & Unwin, 1984. ISBN 0-04-920097-6.
  • India's Bandit Queen: The True Story of Phoolan Devi, by Mala Sen. Published by HarperCollins Publishers, 1993. ISBN 0-04-440888-9.
  • I, Phoolan Devi: The Autobiography of India's Bandit Queen, by Phoolan Devi, Marie-Thérèse Cuny, Paul Rambali. Published by Little, Brown and Co., 1996. ISBN 0-316-87960-6.
  • Moxham, Roy (3 June 2010). Outlaw: India's Bandit Queen and Me. Rider. ISBN 978-1-84604-182-2. 
  • Phoolan Devi, with Marie-Therese Cuny, and Paul Rambali, "The Bandit Queen of India: An Indian Woman's Amazing Journey from Peasant to International Legend" Guilford, Connecticut: The Lyons Press, 2006 ISBN 978-1-59228-641-6
  • Phoolan Devi - by N.Pugazhendhi, Coimbatore in TAMIL translated from Malayalam.

অন্যান্য উৎস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]