ফেকিং নিউজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেকিং নিউজ
প্ৰকাৰ ব্যংগ সংবাদ
ফৰমেট সংবাদপত্ৰ
প্ৰতিষ্ঠাপক ৰাহুল ৰৌশন
প্ৰতিষ্ঠা ছেপ্টেম্বৰ ১৫, ২০০৮ (2008-09-15)
ৱেবছাইট fakingnews.com

ফেকিং নিউজ (ইংৰাজী: Faking News) হৈছে এটা ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট। এই ৱেবছাইটত ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত আধাৰিত ব্যংগ সহিত ছলাহী সংবাদ পৰিবেশন কৰা হয়। এই ৱেবছাইটটোত মাজে সময়ে ভাৰতৰ দূৰদৰ্শন আৰু সংবাদ সেৱাৰ লগত জড়িত তথ্যপূৰ্ণ প্ৰবন্ধও প্ৰকাশিত হয়। ২০০৮ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে এই ব্যংগ ৱেবছাইটো আৰম্ভ কৰা হৈছিল।[1]

ব্লগৰ ৰূপত দৈনিক প্ৰকাশিত এই ৱেবছাইটত 'পাগল পত্ৰকাৰ' ছদ্মনামৰ এজন ব্লগাৰে ব্যংগাত্মক সংবাদসমূহ লিখে। অসমীয়াত পাগল পত্ৰকাৰৰ অৰ্থ হৈছে বলিয়া সাংবাদিক।[2] আৰম্ভণিতে বেনামী ভাবে লিখিবলৈ আৰম্ভ কৰা এই ব্লগাৰ জন পিছলৈ দিল্লীত অৱস্থিত এজন ব্যৱস্থাপনা পৰামৰ্শদাতা ৰাহুল ৰৌশন হিচাপে চিনাক্ত হৈছিল।[3]

ভাৰতবৰ্ষত তুলনামূলকভাৱে নতুন হ'লেও পাশ্চাত্যৰ দেশসমূহত বহুলভাৱে প্ৰচলিত বিদ্ৰূপ আৰু হাস্যৰস সহিত ব্যংগাত্মক সংবাদৰ বাটকটীয়া আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ "দ্য অনিঅন"। ফেকিং নিউজ ভাৰতত এই ধাৰা প্ৰৱৰ্তন আৰু প্ৰচলনৰ ক্ষেত্ৰত আগভাগ লোৱা ৱেবছাইটসমূহৰ ভিতৰত অগ্ৰণী আৰু অন্যতম।[4] এলেক্সাৰ শেহতীয়া ৰেংকিঙ অনুযায়ী, সমগ্ৰ বিশ্বতে ইংৰাজী ভাষাত প্ৰকাশিত ব্যংগাত্মক ৱেবছাইট সমূহৰ ভিতৰত দি অনিঅনৰ পিছতেই ফেকিং নিউজে দ্বিতীয় স্থান অধিকাৰ কৰিছে।[5]

ক্ৰমে Unable to attract even a single girl, frustrated man sues Axe আৰু Men talking loud on mobile during movies have smaller penises, ফেকিং নিউজৰ দ্বাৰা প্ৰকাশিত এই দুটা ছলাহী সংবাদ, অন্য এটা ভাৰতীয় ৱেবছাইট Indiainfo.com ’য়ে সত্য সংবাদ হিচাপে ভুলক্ৰমে পতিয়ন গৈ ২০০৯ চনৰ ২১ অক্টোবৰ তাৰিখে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছিল।[6][7] ইয়াৰ উপৰিও, পৰৱৰ্ত্তী পৰ্যায়ত "Axe" সম্পৰ্কীয় সংবাদটো ভাৰতৰ বাহিৰেও অন্যান্য দেশৰ বহু ৱেবছাইট আৰু ব্লগত সত্য সংবাদ হিচাপে প্ৰকাশিত হয়।[8][9][10][11][12][13], শেহতীয়াকৈ টাইমছ্ অৱ্ ইণ্ডিয়াৰ ২০১১ চনৰ ২৭ মে'[14] আৰু ২৫ ছেপ্টেম্বৰৰ[15] সংখ্যাত এই ব্যংগ সংবাদ দুটা পুনৰ প্ৰকাশিত, আৰু এই দুয়োটা সংবাদ চহৰীয়া কিম্বদন্তি হিচাপে পৰিচিত হয়।[16] Unable to figure out Google Wave, youngster kills himself শীৰ্ষক আন এটা ফেকিং নিউজ OneIndia.com নামৰ ৱেবছাইটোৰ দ্বাৰা ২০০৯ চনৰ ১০ নৱেম্বৰ তাৰিখে সত্য বাতৰি হিচাপে প্ৰকাশ হৈছিল[17]

কৃতিত্ব[সম্পাদনা কৰক]

  • ২০১২ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ অগ্ৰণী সংবাদপত্ৰ হিন্দুস্তান টাইমছ্ত ফেকিং নিউজৰ ৰাহুল ৰৌশনে একেখন সংবাদপত্ৰৰে প্ৰথম পৃষ্ঠাৰ নকল কৰি এটা সম্পূৰ্ণ পৃষ্ঠাৰ ব্যংগ সংবাদ Parody Times সৃষ্টি কৰিছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ^ About Us |ফেকিং নিউজ Archived 2018-05-14 at the Wayback Machine
  2. ^ Satire is the new exclusive | ডেক্কান ক্ৰ'নিকল Archived 2010-01-12 at the Wayback Machine
  3. ^ BlogAdda Interview with Rahul Roushan | পাগল পত্ৰকাৰ | ফেকিং নিউজ
  4. ^ No Laughing Matter: An IIM-A Alum Aspires To Create India's Onion | কণ্টেণ্টসূত্ৰ Archived 2012-02-26 at the Wayback Machine
  5. ^ Alexa traffic and reach data for Faking News Archived 2018-11-26 at the Wayback Machine
  6. ^ Man sues Axe, as unable to get girl - Indiainfo.com (বৰ্তমান আঁতৰাই পেলোৱা হৈছে) Archived 2011-10-13 at the Wayback Machine
  7. ^ Loud men have smaller penises - Indiainfo.com (বৰ্তমান আঁতৰাই পেলোৱা হৈছে) Archived 2013-01-26 at Archive.today
  8. ^ Demanda a Axe porque no conquistó chicas - মেক্সিকান ৱেবছাইট Archived 2015-01-02 at the Wayback Machine
  9. ^ Fick inga brudar – stämmer Axe - ছুইদিশ ৱেবছাইট
  10. ^ Man sues Lynx after failing to pull in seven years - দি দেইলী ৰেকৰ্ড
  11. ^ Man sues over lack of 'Lynx effect' - Ananova (বৰ্তমান আঁতৰাই পেলোৱা হৈছে) Archived 2009-11-04 at the Wayback Machine
  12. ^ After seven unlucky years, man sues for Axe 'failure' - The Australian (বৰ্তমান আঁতৰাই পেলোৱা হৈছে) Archived 2009-11-04 at the Wayback Machine
  13. ^ Man sues Lynx after failing to get girl - ninemsn (বৰ্তমান আঁতৰাই পেলোৱা হৈছে) Archived 2009-11-03 at the Wayback Machine
  14. ^ Vadodara youth kills himself over Google Wave - OneIndia.com (বৰ্তমান আঁতৰাই পেলোৱা হৈছে)[সংযোগবিহীন উৎস]
  15. ^ Deo ads face the Axe effect (last paragraph) - দি টাইমছ্ অৱ্ ইণ্ডিয়া
  16. ^ The bottomline: How far can naughty go? (fourth paragraph) -দি টাইমছ্ অৱ্ ইণ্ডিয়া
  17. ^ 'Axe Effect' Lawsuit in India a Hoax - এজাইলাম.কম Archived 2014-08-18 at the Wayback Machine

বাহ্যিক সংযোগ[সম্পাদনা কৰক]