ফেশ্বন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেশ্বন

চলচ্চিত্ৰৰ প'ষ্টাৰ
পৰিচালক মধুৰ ভাণ্ডাৰকাৰ
চিত্ৰনাট্য অজয় মংগা
মধুৰ ভাণ্ডাৰকাৰ
অনুৰাধা তিৱাৰী
কাহিনী অজয় মংগা
প্ৰযোজক মধুৰ ভাণ্ডাৰকাৰ
দেৱেন খোটে
ৰণী স্ক্ৰুৱালা
জাৰিণ মেহতা
অভিনয়ত প্ৰিয়ংকা চোপ্ৰা
কংগণা ৰাণাৱত
মুগ্ধা গড্‌ছে
সমীৰ চোনী
আৰবাজ খান
অৰ্জন বজৱা
সূত্ৰধাৰ প্ৰিয়ংকা চোপ্ৰা
চিত্ৰগ্ৰহণকাৰী মহেশ লিমায়ে
সম্পাদনা দেৱেন মুৰ্দেশ্বৰ
সংগীত পৰিচালক ছলিম-ছুলেইমান
পৰিবেশক য়ুটিভি মোশ্যন পিক্সাৰ্ছ
ভাণ্ডাৰকাৰ এণ্টাৰ্টেইনমেণ্ট
মুক্তি
২৯অক্টোবৰ, ২০০৮
দৈৰ্ঘ্য
১৭৮ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ২০ কোটি (আনুমানিক)
সৰ্বমুঠ আয় ৩৬.৭৫ কোটি[1]

ফেশ্বন (ইংৰাজী: Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে। এই ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰিয়ংকা চোপ্ৰা আৰু কংগণা ৰাণাৱতে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

উচ্চাকাংক্ষী মডেল মেঘনা মাথুৰে (প্ৰিয়ংকা চোপ্ৰা) মুম্বাইলৈ গৈ এক চুপাৰ মডেল হ'ব বিচাৰে। দেউতাকৰ অনিচ্ছা সত্ত্বেও মেঘনাই দুচকুত সপোনৰ মেটমৰা বোজা কঢ়িয়াই সদাব্যস্ত চহৰ মুম্বাইত খোজ দিয়ে। বাৰে বাৰে সাক্ষাত্‍কাৰত অৱতীৰ্ণ হৈয়ো নিৰ্বাচিত নহৈ প্ৰথমাৱস্থাত তাই অসহায় অনুভৱ কৰে। কিন্তু বিখ্যাত ডিজাইনাৰ বিনয় খোচলা (হৰ্ষ চায়া)ৰ সহকাৰী হিচাপে কাম কৰা তাইৰ পুৰণি চিনাকি সমকামী ডিজাইনাৰ ৰোহিতে (অশ্বিন মুশ্ৰণ) তাইক যথেষ্ট সহায় কৰে। সেই সময়তে সংগ্ৰামৰত মডেল মানৱ (অৰ্জন বজৱা)কো তাই লগ পায়।

ৰাহুল অৰোৰাৰ এক ফেশ্বন শ্বোত তেওঁ ফেশ্বন বিশ্বৰ ৰথী মহাৰথী সকলৰ লগতে চুপাৰমডেল সোণালী গুজৰাল (কংগণা ৰাণাৱত)কো লগ পায়। কৰিঅগ্ৰাফাৰ ক্ৰিষ্টিনে তাইক কাৰ্ত্তিক (ৰোহিত ৰয়)ৰ হতুৱাই ফটো তোলাবলৈ পৰামৰ্শ দিয়ে। কাৰ্ত্তিকৰ উচ্চহাৰৰ মাচুল পৰিশোধ কৰিবলৈ মেঘনাই জেনেট (মুগ্ধা গড্‌ছে) নামৰ মডেল এজনীৰ কথামতে অন্তৰ্বাসৰ বিজ্ঞাপনো কৰিবলগীয়া হয়। কিন্তু সেই ফটো দেখি মেঘনাৰ আশ্ৰয়দাতা মোমায়েক মামীয়েকে তাইক ঘৰৰ পৰা উলিয়াই দিয়ে আৰু মেঘনাই মানৱৰ লগত একেটা ঘৰতে থাকিবলৈ লয়।

মুম্বাইৰ বিখ্যাত মডেলিং প্ৰতিষ্ঠান পনাছৰ উচ্চ বিষয়া অনিশা ৰয় (কিতু গীডৱানী)ৰ নজৰ মেঘনাৰ ওপৰত পৰে তেওঁ মেঘনাক পনাছৰ মালিক অভিজিত ছৰিণ (আৰবাজ খান)ৰ লগত চিনাকি কৰায় দিয়ে। সেঈ সময়ত সোণালীয়ে পনাছক প্ৰতিনিধিত্ব কৰি থাকে যদিও তাইৰ ড্ৰাগছ সেৱনৰ অভ্যাসে সকলোকে অস্বস্তিত পেলায়। ইপিনে এক ফেশ্বন শ্ব'ত মেঘনাৰ ঠাই আন এক মডেলে দখল কৰাত মেঘনা দুঃখিত হয়। অভিজিতে তেতিয়া সোণালীক আঁতৰাই মেঘনাক পনাছৰ নতুন মুখ হিচাপে নিৰ্বাচন কৰে। সোণালীয়ে মেঘনাক কয় যে তাইৰ দৰে মেঘনায়ো এদিন নিজকে হেৰুৱাই পেলাব।

নিশাটোৰ ভিতৰতে মেঘনা বিখ্যাত হৈ পৰে আৰু ইয়ে মানৱৰ লগত তাইৰ সম্পৰ্কৰ ইতি পেলায়। ইপিনে সোণালীৰ ড্ৰাগছ সেৱনৰ পৰিমাণ বাঢ়ি যোৱাত তাইক পুনৰসংস্থাপন কেন্দ্ৰত ভৰ্ত্তি কৰিবলগীয়া হয়। অভিজিতৰ ওচৰ চাপি গৈ মেঘনা শেষত গৰ্ভৱতী হয় আৰু এই কথা অভিজিতৰ পত্নীক কৈ দিয়াত অভিজিতে মেঘনাক পনাছৰ পৰা আঁতৰাই দিয়ে। খঙত মেঘনা এক পাৰ্টীলৈ যায় আৰু এক অচিনাকি লোকৰ লগত ৰাত্ৰিযাপন কৰে। নিজৰ পতন দেখি মেঘনা হতাশ হৈ পৰে আৰু চণ্ডীগড়ৰ নিজ গৃহলৈ গুচি যায়। ভাগি পৰা মেঘনাই এবছৰমান ঘৰত থাকি দেউতাকৰ উত্‍সাহত পুনৰ মুম্বাইলৈ আহে। সোণালীক তাই নিজৰ লগলৈ লৈ আহে। সোণালীয়েও তাইক উত্‍সাহ দিয়ে। অৱশেষত সোণালীৰ মৃত্যু হয় আৰু মেঘনা পুনৰ এক ডাঙৰ মডেল হৈ পৰে। শেষত মেঘনাক পেৰিছত মডেলিং কৰি থকা দেখা যায়।

অভিনয়[সম্পাদনা কৰক]

  • মেঘনা মাথুৰৰ ভূমিকাত প্ৰিয়ংকা চোপ্ৰা,সৰু চহৰৰ এজনী ছোৱালী যিয়ে এক বিখ্যাত মডেল হ'ব বিচাৰে
  • সোণালী গুজৰালৰ ভূমিকাত কংগণা ৰাণাৱট, এক অত্যন্ত সফল মডেল যিয়ে ক্ৰমে বিফলতাৰ গৰাহত সোমাই যায়
  • মডেল জেনেট ছিকুৱেৰাৰ ভূমিকাত মুগ্ধা গড্‌ছে
  • সংগ্ৰামৰত মডেল মানৱৰ ভূমিকাত অৰ্জন বজৱা
  • ডিজাইনাৰ ৰাহুল অৰোৰাৰ ভূমিকাত সমীৰ চোনি
  • ডিজাইনাৰ ৰোহিত খান্নাৰ ভূমিকাত অশ্বিন মুশ্ৰণ
  • অনিশা ৰয়ৰ ভূমিকাত কিতু গীডৱানী
  • অভিজিত ছৰিণৰ ভূমিকাত আৰবাজ খান
  • অভিজিতৰ পত্নী অৱন্তিকা ছৰিণৰ ভূমিকাত সুচিত্ৰা পিল্লাই মালিক
  • ফটোগ্ৰাফাৰ কাৰ্ত্তিক সুৰীৰ ভূমিকাত ৰোহিত ৰয়
  • মেঘনাৰ পিতৃৰ ভূমিকাত ৰাজ বব্বৰ
  • মেঘনাৰ মাতৃৰ ভূমিকাত কিৰণ জুনেজা
  • ছোমুৰ ভূমিকাত চিত্ৰাশী ৰাৱত
  • শীনা বাজাজৰ ভূমিকাত মানিনী মিশ্ৰা
  • বিনয় খোচলাৰ ভূমিকাত হৰ্ষ চায়া
  • নিজৰ চৰিত্ৰত কংকনা সেন শৰ্মা
  • নিজৰ চৰিত্ৰত ৰণবীৰ শ্বোৰী
  • নিজৰ চৰিত্ৰত ৱেণ্ডেল ৰড্ৰিস্ক
  • নিজৰ চৰিত্ৰত মণীষ মলহোট্ৰা
  • নিজৰ চৰিত্ৰত কৰণ জোহৰ
  • নিজৰ চৰিত্ৰত মধুৰ ভাণ্ডাৰকাৰ
  • নিজৰ চৰিত্ৰত ডায়েণ্ড্ৰা ছোৰ্ছ
  • মডেলৰ নিজৰ সংক্ষিপ্ত চৰিত্ৰত কনিষ্ঠা ধনখৰ
  • নিজৰ চৰিত্ৰত আঁচল কুমাৰ (জলৱা ফেশ্বন শ্বোত)
  • শীতলৰ ভূমিকাত ঊষা বচ্চানি
  • এক সাংবাদিকৰ সংক্ষিপ্ত ভূমিকাত ৰক্ষন্দা খান
  • ৱিৰেনৰ ভূমিকাত ৰোহিত বাৰ্মা (বিশেষ ভূমিকা)
  • এক ফটোগ্ৰাফাৰৰ সংক্ষিপ্ত ভূমিকাত অতুল কছবেকৰ

সঁহাৰি[সম্পাদনা কৰক]

সমালোচকৰ সঁহাৰি[সম্পাদনা কৰক]

ফেশ্বনে ঘাইকৈ যোগাত্মক মন্তব্যই লাভ কৰে। ইণ্ডিয়া এফএমৰ তৰণ আদৰ্শই ইয়াক পাঁচৰ ভিতৰত ৩.৫ নম্বৰ দি কয় যে "বাস্তৱধৰ্মী ছবিৰ মুকুটবিহীন সম্ৰাট মধুৰ ভাণ্ডাৰকাৰৰ এই ছবিখনে আপোনাৰ মনক পোহৰাই তোলে,গতিপ্ৰদান কৰে,অনুপ্ৰাণিত কৰে,আশ্চৰ্য্যান্বিত আৰু নিশ্চিতভাৱে মনোৰঞ্জন প্ৰদান কৰে"।[2] আনহাতে চিএনএন আইবিএনৰ ৰাজীৱ মাচান্দে ইয়াক ৫ৰ ভিতৰত ৩ নম্বৰ দি কয় যে "ইয়াক এক বাস্তৱধৰ্মী চিনেমা বুলি নাভাবি এক আঞ্জাত গৰম তোলা মছলাযুক্ত চিনেমা বুলি চাওক আৰু মই ভাবো আপুনি কোনো অভিযোগ নকৰিব। "[3] সুভাষ কে ঝাই ইয়াক প্ৰকৃতাৰ্থত এক ভাল ছবি বুলি মন্তব্য দি কৈছে যে ছবিখনৰ চৰিত্ৰবোৰে প্ৰায় সকলোখিনি হেৰুৱাই পেলালেও দৰ্শকে মনত এক স্থায়ী ধাৰণা লৈ যাব।[4]

সংগীত[সম্পাদনা কৰক]

Untitled
ছলিম-ছুলেইমান কালক্ৰম
ৰোডচাইড ৰোমিও
(২০০৮)
ফেশ্বন
(২০০৮)
ৰব নে বনা দি যোৰি
(২০০৮)
পেশাদাৰী ৰেটিং
তালিকা
উৎস ৰেটিং
বলীউদ হাংগামা 3/5 stars[5]
প্লেনেট বলীউদ 7/10 stars[6]
থাইণ্ডিয়া 3.5/5 stars[7]

ফেশ্বনৰ সংগীত পৰিচালনা ছলিম-ছুলেইমানৰ আৰু গীতৰ কথা সন্দীপ নাথ তথা ইৰফান ছিদ্দিকৰ। ছানছিল্কে নিজৰ বিজ্ঞাপনৰ অৰ্থে এই সংগীতৰ লগত চুক্তি স্বাক্ষৰ কৰিছে আৰু ছবিখনৰ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে।[8]

সঁহাৰি[সম্পাদনা কৰক]

বিশেষকৈ "মৰ জাৱা" আৰু বিষয় সংগীতটোৰ বাবে গোটেই এলবামটোৱেই যথেষ্ট প্ৰশংসা লাভ কৰে। নিউজডোজ ডট কমে কৈছে " "মৰ জাৱা" আৰু বিষয় সংগীতটোৰ দৰে ভাল গীত সমূহে ইয়াক উচ্চ মধ্যমীয়া পৰ্যায়ত ৰাখিছে। মধুৰ ভাণ্ডাৰকাৰে তেওঁৰ ছবিৰ বাবে এক ভাল সংগীত লাভ কৰিছে আৰু ছলিম-ছুলেইমানে যথেষ্ট ভাল কাম কৰিছে। ইয়াক সকলোৱে শুনা উচিত। "[9] বলীউদ হাংগামাই কয় "ফেশ্বনৰ আটাইবোৰ গীতেই ভাল আৰু "কুছ খাছ","আছিয়ানা","ফেশ্বন কা জলৱা" গীতকেইটা খুবেই ভাল। ইয়াৰ মাজতো "মৰ জাৱা" আৰু বিষয় সংগীতটো হৃদয়স্পৰ্শী। কৰ্পোৰেট,পেজ৩ আদিৰ সংগীত কিছু সফল হ'লেও ফেশ্বনৰ আগলৈকে ভাণ্ডাৰকাৰ ছবি সংগীতৰ বাবে জনা নগৈছিল। সেই অভিশাপ ভংগ কৰি ভাণ্ডাৰকাৰৰ এইখন ছবি যথেষ্ট সফল হ'ব। "[10]

গীতসমূহ[সম্পাদনা কৰক]

গীত গায়ক(সকল) টোকা দৈৰ্ঘ্য
"ফেশ্বন কা জলৱা" সুখৱিন্দৰ সিং, সত্যা হিন্দুজা আৰু ৰবাৰ্ট বব ওমুলো প্ৰিয়ংকাই প্ৰথম ফেশ্বন শ্বো চাবলৈ যাঁওতে চিত্ৰিত ৪:৪০
"মৰ জাৱা" ছলিম মাৰ্চেণ্ট আৰু শ্ৰুতি পাঠক প্ৰিয়ংকাই প্ৰথম ফেশ্বন শ্বোত অংশগ্ৰহণ কৰোঁতে চিত্ৰিত ৩:৫৯
"কুছ খাছ" মোহিত চৌহান আৰু নেহা ভাছিন প্ৰিয়ংকা আৰু অৰ্জন বজৱাৰ অন্তৰংগ মুহূৰ্ত্ত সমূহত চিত্ৰিত ৪:৫৯
"আছিয়ানা" ছলিম মাৰ্ছেণ্ট প্ৰিয়ংকাৰ সাফল্যৰ মুহূৰ্ত্ত সমূহত চিত্ৰিত ৫:২৭
"ফেশ্বন কা জলৱা (ৰিমিক্স)" সুখৱিন্দৰ সিং, সত্যা হিন্দুজা আৰু ৰবাৰ্ট বব ওমুলো এটা ক্লাবত পতনমুখী প্ৰিয়ংকাৰ ওপৰত চিত্ৰিত ৪:১০
"মৰ জাৱা (ৰিমিক্স)" ছলিম মাৰ্ছেণ্ট আৰু শ্ৰুতি পাঠক প্ৰধান সংগীত হিচাপে গোটেই ছবিখনতে উপস্থিত ৩:৩৯

বঁটা[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ[সম্পাদনা কৰক]

ফিল্মফেয়াৰ বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-নেহা ভাছিন
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-শ্ৰুতি পাঠক
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ চিত্ৰনাট্য-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

ষ্টাৰ স্ক্ৰীণ বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী-শ্ৰুতি পাঠক
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ কাহিনী-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

আইফা বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ কাহিনী-অজয় মংগা,অনুৰাধা তিৱাৰী,মধুৰ ভাণ্ডাৰকাৰ

ষ্টাৰডাষ্ট বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ নিৰ্দেশক-মধুৰ ভাণ্ডাৰকাৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ নৱাগত অভিনেতা-অৰ্জন বজৱা
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ

অপ্সৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ গীল্ড বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়ংকা চোপ্ৰা
  • শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী-কংগণা ৰাণাৱট
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী-মুগ্ধা গোডচে

বলীউদ হাংগামা চাৰ্ফাৰছ চইছ বঁটা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Box Office 2008". Boxofficeindia.com. Archived from the original on 2012-05-25. https://archive.ph/20120525230710/http://boxofficeindia.com/showProd.php?itemCat=215&catName=MjAwOA==। আহৰণ কৰা হৈছে: 2011-03-21. 
  2. Taran Adarsh review of Fashion. bollywoodhungama.com Retrieved on 2008-12-23
  3. Masand's Verdict: Fashion is all masala, no reality Archived 2013-10-09 at the Wayback Machine. ibnlive.in.com Retrieved on 2008-11-01
  4. Fashion movie review by Subhash K.Jha Archived 2012-11-14 at the Wayback Machine.nowrunning.com Retrieved on 29-10-2008.
  5. "Fashion : Music Review by Joginder Tuteja". Bollywoodhungama.com. http://www.bollywoodhungama.com/movies/musicreview/13048/index.html। আহৰণ কৰা হৈছে: 2011-07-01. 
  6. "Fashion - music review by Samir Dave". Planet Bollywood. 2008-09-11. http://www.planetbollywood.com/displayReview.php?id=m103008021313। আহৰণ কৰা হৈছে: 2011-07-01. 
  7. "‘Fashion’ songs will delight listeners (Music Review)". Thaindian.com. 2008-10-07. Archived from the original on 2011-05-24. https://web.archive.org/web/20110524093423/http://www.thaindian.com/newsportal/entertainment/fashion-songs-will-delight-listeners-music-review_100104299.html। আহৰণ কৰা হৈছে: 2011-07-01. 
  8. IANS (16 October 2008). "'Fashion' earns Rs.85 mn from in-film advertising". The Hindu. Archived from the original on 2012-11-10. https://web.archive.org/web/20121110135738/http://www.hindu.com/thehindu/holnus/009200810161632.htm। আহৰণ কৰা হৈছে: 2011-08-31. 
  9. Fashion music review Archived 2012-02-19 at the Wayback MachineTheNewsdose.com Retrieved on 2008-12-23
  10. Fashion Music review Bollywood Hungama Retrieved on 2008-12-23

বাহ্যিক সংযোগ[সম্পাদনা কৰক]