ফৰিষ্টা
| এই সাঁচটো ইছলাম ধৰ্মৰ ধাৰাবাহিক নিবন্ধ অংশ যাৰ বিষয় হ’ল |
| ইছলাম |
| বিশ্বাস সমূহ |
| আল্লাহ • একত্ববাদ • পয়গম্বৰ • আচমানী কিতাপ • ফৰিষ্টা |
| ইছলামৰ পঞ্চস্তম্ভ |
| ৰোজা • জাকাত • হজ্জ |
| গ্ৰন্থ আৰু আইন |
| ফিকাহ • শৰীয়ত • কালাম • ছুফীবাদ |
| ইতিহাস আৰু নেতৃত্ব |
|
সময়ৰেখা • ইছলামৰ বিস্তাৰ ইমামত |
| সংস্কৃতি আৰু সামাজিক বিষয় আদি |
|
শিক্ষা • চিত্ৰকলা ৰাজনীতি • দাওয়াত |
| ইছলাম আৰু অনান্য ধৰ্ম |
| হিন্দুবাদ • সিকিমবাদ • জৈনবাদ |
| আৰু চাওক |
| ইছলামী পৰিভাষা |
ফৰিষ্টা (আৰবীক: ملائكة , Malāʾikah; (singular) ملاك Malāk) ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে: হজৰত জিবৰাইল (আঃ) – এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰান শ্বৰীফত উল্লেখ কৰা হৈছে (সূৰা ২:৯৭; ৯৮, ৬৬:৪)। সূৰা ১৬:১০২ আয়াতে জিবৰাইল ফৰিষ্টাকে পাকৰূহবা ৰুহুল কুদ্দুস বোলা হৈছে। আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইল-ই আল্লাহৰ নবীসকলৰ কাষত গমনাগমন কৰে। হজৰত মিকাইল (আঃ) – কোৰানৰ ২:৯৭ আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে। এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত। হজৰত ইছৰাফিল (আঃ) – এই ফেৰেস্তা কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰান শ্বৰীফত নাথাকিলেও হাদিসত উল্লেখ কৰা হৈছে। হজৰত আজৰাইল (আঃ) বা মালাক আল-মাউত –এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে। বিশেষ দুজন ফৰিষ্টা কিৰামুন আৰু কাতিবুনে প্ৰতিজন মানুহৰ ভাল বেয়া কামৰ হিচাব ৰাখে। কবৰত মুনকিৰ আৰু নাকিৰ নামেৰে দুজন ফৰিষ্টাই মানুহক সিহতৰ কৃতকৰ্মবোৰৰ খতিয়ান লয়। মালিক নামেৰে ফৰিষ্টাই নৰক বা জহন্নামৰ ৰক্ষণাবেক্ষণ কৰে আৰু ৰিদওয়ান নামেৰে আৰু এজন ফৰিষ্টাই স্বৰ্গ বা বেহেস্তাৰ চোৱাচিতা কৰে। ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।