ফ'বিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফোবিয়া(Phobia)হʼল অস্বাভাৱিক ভয়,-যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়,আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে৷ই এক ধৰণৰ মানসিক অসুখ৷উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে৷প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফোবিয়া৷আন আন অসুখৰ দৰে ফোবিয়াৰো নেপথ্যত কিছু কাৰণ থাকে৷অধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে৷ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে৷আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে৷[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬