ব'ছন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
মৌলিক কণিকা সমূহৰ মান্য তালিকা; শেষ শাৰীত ব’ছন সমূহ থাকে

ব'ছন (ইংৰাজী: Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই ব'ছ-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে। প্ৰখ্যাত ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ (ব'ছ-আইনষ্টাইন পৰিসংখ্যাৰ ব'ছ) নামানুসাৰে এই কণিকাৰ নামকৰণ কৰা হৈছে।[1]

একেটা শক্তিস্তৰত একাধিক ব'ছন একেলগে থাকিব পাৰে, যিটো পাউলিৰ নীতি মানি চলা ফাৰ্মিয়ন কণিকাৰ পক্ষে সম্ভব নহয়।

[সম্পাদনা কৰক] টোকা

  1. "boson (dictionary entry)". Merriam-Webster's Online Dictionary. http://www.merriam-webster.com/dictionary/boson. Retrieved 2010-03-21. 

[সম্পাদনা কৰক] তথ্যসূত্ৰ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত