বড়ো জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
বড়ো জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, কাৰ্বি আংলং, ভাৰত:
  
ভাষাসমূহ

বড়ো ভাষা

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম

অসমৰ ওদালগুৰি জিলাৰ বড়ো মহিলা
বড়ো নৃত্য

বড়ো সকল অসমৰ ভৈয়ামৰ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।

অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে।

[সম্পাদনা কৰক] উত্সৱ

খেৰাই

অসমৰ অন্যান্য জনগোষ্ঠীৰৰ দৰে বড়ো সকলেও প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত খেৰাই উৎসৱ পালন কৰে৷ এই খেৰাই উৎসৱ বহাগ বিহুৰ দৰে বসন্তকালীন উৎসৱ৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷ খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল খাৰ+আই, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু আই মানে গোঁসানী ৷ আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য ৷ কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঠু কঢ়া , ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য ৷ বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে ৷ ওজাই পিছত বহি আঠুলৈ মন্ত্ৰ মাতে৷ ওজাৰ পিছত বুঢ়া-মেথাসকল বহে ৷ দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে ৷ সেইসময়তে খেৰাই নৃত্য চলি থাকে ৷ পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে৷ খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ৷[1]




[সম্পাদনা কৰক] লগতে পঢ়ক


[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

  1. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ৯৮)



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত