বাচেন্দ্ৰী পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাচেন্দ্ৰী পাল
ব্যক্তিগত তথ্য
মুখ্য পেছা পৰ্বতাৰোহণকাৰী
জন্ম ২৪ মে', ১৯৫৪
গাৰৱাল, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
কেৰিয়াৰ
উল্লেখযোগ্য সাফল্য প্ৰথম ভাৰতীয় মহিলা এভাৰেষ্ট বিজয়ী

বাচেন্দ্ৰী পাল এভাৰেষ্ট বিজয় কৰা প্ৰথম ভাৰতীয় মহিলা। ১৯৮৪ চনৰ ২৩ মে’ত তেখেতে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰে। তেখেতৰ আত্মজীৱনী 'My Journey To Top' নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছিল।[1] তেখেতে ১৯৮৪ চনত সৰ্বশ্ৰেষ্ঠ পৰ্বতাৰোহণকাৰীৰ বঁটা লাভ কৰাৰ লগতে একেটা বছৰতে 'পদ্মশ্ৰী ' সম্মানেৰে অলংকৃত হৈছিল। তেখেতে ভাৰত চৰকাৰৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

গাঢ়ৱাল জিলা নাকুৰি গাঁৱত ১৯৫৪ চনৰ ২৪ মে'ত বাচেন্দ্ৰী পালৰ জন্ম হয়। ১২ বছৰ বয়সত এবাৰ বনভোজ খাবলৈ যাওঁতে তেখেতেৰ পৰ্বতাৰোহণৰ লগত পৰিচয় হয়। সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠান (NIM-Nehru Institute of Mountaineering)-ত যোগদান কৰে।[2] হানচা দেৱী আৰু শ্ৰী কিশান সিং পালৰ সাতোটি সন্তানৰ মাজৰ এটি সন্তান আছিল বাচেন্দ্ৰী পাল। তেওঁ টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ পাঁচদিন আগতে জন্ম হৈছিল। তেওঁ এম.এ আৰু বি.এড ডিগ্ৰী সম্পন্ন কৰিছিল ডেৰাডুনৰ ডি.এ.ভি. পোষ্ট গ্ৰেজুৱেট কলেজৰ পৰা। ১২ বছৰ বয়সতেই তেওঁ প্ৰথম পৰ্বতাৰোহণৰ দৰে ৰোমাঞ্চকৰে কাম আৰম্ভ কৰে। আনকি তেওঁ তেওঁৰ বন্ধু সকলৰ সৈতে বণভোজৰ বাবে গৈ প্ৰায় ১৩,১২৩ ফুট উচ্চতাৰ পৰ্বত আৰোহণ কৰিছিল। তেওঁ তেওঁৰ স্কুলৰ অধ্যক্ষৰ আগ্ৰহত তেওঁ উচ্চতৰ গৱেষণাৰ বাবে যায়। নেহেৰু পৰ্বতাৰোহণ ইনষ্টিটিউটত অধ্যয়ন কৰি থকাৰ সময়তেই তেওঁ গঙ্গোত্ৰী (২১,৯০০ ফুট বা ৬,৬৭৫.১ মি) আৰু ৰুদ্ৰগৰিয়া (১৯০৯১ ফুট বা ৫,৮১৮.৯ মি) পৰ্বত আৰোহণ কৰে। সেইসময়তেই তেওঁ নেচনেল এডভাইজাৰ ফাউণ্ডেশনৰ (এন.এ.এফ) প্ৰশিক্ষকৰ চাকৰি লাভ কৰিছিল। যি নাৰী সকলৰ বাবে পৰ্বত আৰোহণৰ প্ৰশিক্ষণ লোৱা এখন স্কুল স্থাপন কৰিছিল।[3]

এভাৰেষ্ট আৰোহণ[সম্পাদনা কৰক]

১৯৮৪ চনত ভাৰতে নিজৰ চতুৰ্থ এভাৰেষ্ট অভিযানৰ বাবে বাচন্দ্ৰীকে ধৰি ছগৰাকী মহিলা আৰোহণকাৰী সহ এটা অভিযাত্ৰী দল নিৰ্বাচন কৰে। এই অভিযানৰ নাম আছিল "এভাৰেষ্ট ৮৪।" নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা এই দলটোৱে অনেক বাধা-বিঘিনি আৰু দুৰ্ঘটনাৰ সন্মুখীন হয়। বাচেন্দ্ৰী পালেও মুৰত আঘাত পায়। ২২ মে'ত এভাৰেষ্ট আৰোহণ কৰিবলৈ চূড়ান্ত ভাবে নিৰ্বাচন কৰা দলটোৰ একমাত্ৰ মহিলা সদস্যা আছিল বাচেন্দ্ৰী। ঋনাত্মক ৩০-৪০ ডিগ্ৰী উষ্ণতা আৰু ১০০ কি.মি. বেগেৰে বৈ থকা ধুমুহাৰ মাজতে ২৩ মে'ৰ দিনা দুপৰীয়া এক বাজি সাত মিনিটত বাচেন্দ্ৰী পালে এভাৰেষ্ট শিখৰত পদাৰ্পণ কৰে। তেও ৪৩ মিনিট সময় শিখৰত কটায় আৰু ভাৰতৰ প্ৰথম তথা বিশ্বৰ পঞ্চম মহিলা এভাৰেষ্ট বিজয়ী ৰূপে পৰিগণিত হয়। তেওঁৰ এই সফলতাত ভাৰতৰ প্ৰধানমন্ত্ৰী, জে আৰি ডি টাটা আদিয়ে ব্যক্তিগত ভাৱে অভিনন্দন জনায়।[উদ্ধৃতিৰ প্ৰয়োজন]

অন্য সফলতা[সম্পাদনা কৰক]

১৯৮৫ চনত বাচেন্দ্ৰী পালে কেৱল মহিলাৰে গঠিত এটা নেপাল-ভাৰত যুটীয়া এভাৰেষ্ট অভিযানৰ নেতৃত্ব বহন কৰে। এভাৰেষ্টৰ বাদেও তেখেতে গংগোত্ৰী (২১,৯০০ ফুট), ৰুদ্ৰগৰিয়া(১৯,০৯১ ফুট) আদি শৃংগ সফলতাৰে আৰোহণ কৰিছিল।[2]

সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]