বাণ ৰঙ্গমঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বাণ ৰঙ্গমঞ্চ
Baan Theatre

পুৰণি বাণ ৰঙ্গ মঞ্চ
প্ৰতিষ্ঠা ১৯০৬
অৱস্থিতি তেজপুৰ, অসম
প্ৰকাৰ সাংস্কৃতিক ক্ষেত্ৰ
তেজপুৰৰ বাণ ৰঙ্গ মঞ্চৰ প্ৰৱেশদ্বাৰ।

অসমশোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ বাণ ৰঙ্গমঞ্চ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল। কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমূখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

বাণ ৰঙ্গমঞ্চৰ পিছফাল

বাণ থিয়েটাৰ প্ৰথমে তেজপুৰৰ কলিবাৰীৰ এডোখৰ ত্ৰিকোণীয়া ভূমিত ১৯০৬ চনত স্থাপন কৰা হৈছিল৷ সেই সময়ত “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ পৃষ্ঠপোষকতাত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক পদ অলংকৃত কৰিছিল পদ্মনাথ গোহাঞিদেৱে৷ প্ৰথম অৱস্থাত সমিতিৰ কাৰ্যক্ৰম আৰম্ভ কৰিবলৈ অস্হায়ীভাৱে এখন সমিতি গঠন কৰি নিয়মাবলী প্ৰস্তুত কৰা হৈছিল৷ অনুষ্ঠিত বাণ থিয়েটাৰত ১৯০৬ চনত অনুষ্ঠিত কৰা ‘কৰ্ণবধ’ ভাওনাৰে বাণ ৰঙ্গমঞ্চৰ শুভাৰম্ভ কৰা হৈছিল৷ পাছত ১৯০৭ চনত দূৰ্গাপূজাৰ সপ্তমীৰ নিশা পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা ‘বাণৰজা’ নাটকৰে বাণ থিয়েটাৰৰ নাট নিবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গণ অধিকাৰ, দেওবৰীয়া বিশেষ, গুৱাহাটী প্ৰকাশন, দেওবাৰ, ১৯ ফেব্ৰুৱাৰী, ২০১২, লেখক: হেমন্ত কুমাৰ নাথ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, এক অৱলোকন৷