বান্ধোন (চলচ্চিত্ৰ)
| বান্ধোন (Waves of Silence) |
|
|---|---|
চলচ্চিত্ৰখনৰ পষ্টাৰ |
|
| পৰিচালক | জাহ্নু বৰুৱা |
| প্ৰযোজক | জাহ্নু বৰুৱা |
| লেখক | জাহ্নু বৰুৱা |
| ভিত্তি | বৰ্তমানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি |
| সংগীত পৰিচালক | ধ্ৰুৱজ্যোতি ফুকন |
| চিত্ৰগ্ৰহণকাৰী | সুমন দুৱৰা |
| সম্পাদনা | চেৰাঘ টদিৱালা |
| মুক্তি | 24 অক্টোবৰ 2012 (মুম্বাই চলচ্চিত্ৰ মহোৎসৱl) 26 অক্টোবৰ 2012 (অসম) |
| দৈৰ্ঘ্য | ৯৬ মিনিট[1] |
| দেশ | |
| ভাষা | অসমীয়া |
| বাজেট | ৭৫,০০,০০০ টকা (আনুমানিক) |
বান্ধোন (ইংৰাজী: Baandhon; ভাৱানুবাদ: Waves of Silence) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ।[2][3] চলচ্চিত্ৰখনৰ পৰিচালক জাহ্নু বৰুৱা। চলচ্চিত্ৰখনৰ মহুৰত গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন)ৰ (Assam State Film Finance and Development Corporation) জোনাকী কম্পেক্সত অনুষ্ঠিত ১১ ডিচেম্বৰ ২০১১ তাৰিখে হয়। ২ জানুৱাৰী ২০১২ ৰ পৰা অসম আৰু মুম্বাইৰ বিভিন্ন স্থানত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰা হৈছিল।[4]
সূচী |
কাহিনী [সম্পাদনা কৰক]
বান্ধোন চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি বৰ্তমানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। ইয়াত মূল চৰিত্ৰ এহাল সৰল বৃদ্ধ দম্পতি দণ্ডেশ্বৰ আৰু কৱনী (Hkawni)। তেওঁলোকে বৰপুত্ৰৰ খবৰ ল’বলৈ মুম্বাই অভিমুখে যাত্ৰা কৰিছিল, কাৰণ তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত সন্তান ২৬/১১/২০০৮’ৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা নিখোজ অৱস্থাত আছিল। বৄদ্ধ দম্পতিহালে পাছত অনুভৱ কৰে যে তেওঁলোকে বৰ্তমানৰ সন্ত্ৰাস জৰ্জৰিত পৰিস্থিতি সম্পৰ্কে সম্পূৰ্ণ অনভিজ্ঞ।
অভিনয়ত [সম্পাদনা কৰক]
| ক্ৰম | অভিনেতা / অভিনেত্ৰীৰ নাম | চৰিত্ৰ |
|---|---|---|
| ১ | যতীন বৰা | যতীন |
| ২ | জেৰিফা ৱাহিদ | ৰঞ্জনা |
| ৩ | বিষ্ণু খাৰঘৰীয়া | দণ্ডেশ্বৰ |
| ৪ | বীণা পটংগীয়া | কৱনী |
| ৫ | আবাটোষ ভুঞা | .... |
| ৬ | অংশুমান ভুঞা | .... |
কাৰিকৰী খুঁটি-নাটি [সম্পাদনা কৰক]
- ফিল্ম: ৩৫ মিমি
- পৰ্দাৰ অনুপাত: ১.৮৫:১
- শব্দ মিশ্ৰণ: Dolby (Westrex Recording System)
সংগীত [সম্পাদনা কৰক]
চলচ্চিত্ৰখনত পাৰ্শ্বৱৰ্তী সংগীতৰ বাদে অন্যান্য কোনো গান নাথাকে[4]। পাৰ্শ্বৱৰ্তী সংগীত পৰিচালনা কৰিছে ধ্ৰুৱজ্যোতি ফুকনে।
সন্মান তথা স্বীকৃতি [সম্পাদনা কৰক]
বান্ধোন চলচ্চিত্ৰখন ২০১২ বৰ্ষৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হয়।[1] মুম্বাইত অনুষ্ঠিত 'মুম্বাই চলচ্চিত্ৰ মহোৎসৱ'ৰ (১৮-২৫ অক্টোবৰ, ২০১২) 'স্বৰ্ণালী ভাৰত ২০১২' (India Gold 2012) শিতানত প্ৰদৰ্শিত হয়। চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰো একেটা অনুষ্ঠানতে কৰা হয়।[5][6]
বোলছবিখনে ২০১২ চনৰ বেংগালুৰু চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বোলছবিৰ বঁটা অৰ্জন কৰে।[7]
২০১৩ চনৰ মাৰ্চত ঘোষিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই বোলছবিখনে 'শ্ৰেষ্ঠ অসমীয়া ভাষাৰ বোলছবি' সন্মান লাভ কৰে। তাৰ লগতে এই ছবিৰ বাবে বিষ্ণু খাৰঘৰীয়াই 'বিচাৰকমণ্ডলীৰ বিশেষ উল্লেখ'ৰ প্ৰমাণপত্ৰ লাভ কৰে।[8]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 ভাৰত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১২-ৰ আনুষ্ঠানিক প্ৰেছবিজ্ঞপ্তি, পৃষ্ঠা: ১, আহৰণ কৰা তাৰিখ: ২০-১২-২০১২
- ↑ "মুক্তি পালে জাহ্নু বৰুৱাৰ ‘বান্ধোন’". ষ্টাফ ৰিপ’ৰ্টাৰ. জনসাধাৰণ. ২৬ অক্টোবৰ, ২০১২. http://janasadharan.in/beta/news/details/456। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ, ২০১২.
- ↑ "২৬ অক্টোবৰত চিত্ৰগৃহলৈ আহিব জাহ্নু বৰুৱাৰ বান্ধোন". দাস, অৰুণলোচন; অসমীয়া খবৰ (গুৱাহাটী): পৃষ্ঠা ১২. ১২ অক্টোবৰ, ২০১২.
- ↑ 4.0 4.1 "Baandhon - Upcoming Assamese Feature Film by Jahnu Barua and Produced by ASFFDC". assamjournal.com. ১৫-১০-২০১২. http://www.assamjournal.com/2011/12/baandhon-upcoming-assamese-feature-film.html। আহৰণ কৰা হৈছে: ১৬ অক্টোবৰ, ২০১২.
- ↑ মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদৰ্শন সূচী আহৰণ কৰা তাৰিখ: ২০-১০-২০১২
- ↑ Yahoo News, তাং: ৯ অক্টোবৰ, ২০১২ আহৰণ কৰা তাৰিখ: ২০-১২-২০১২
- ↑ "Baandhon wins Best Film Award at Bengaluru International Film Festival". Dear Cinema. December 27th, 2012. http://dearcinema.com/news/baandhon-wins-best-film-award-at-bengaluru-international-film-festival/5554। আহৰণ কৰা হৈছে: December 28, 2012.
- ↑ "পাঁচটা বঁটাৰে অসমৰ চলচ্চিত্ৰৰ জয়যাত্ৰা". আমাৰ অসম. ১৯ মাৰ্চ, ২০১২. http://amarasom.glpublications.in/Details.aspx?id=12814&boxid=112836734। আহৰণ কৰা হৈছে: ১৯ মাৰ্চ, ২০১৩.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Baandhoon সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
- প্ৰম’ দৃশ্যশ্ৰাৱ্য ইউটিউবত
- জাহ্নু বৰুৱাৰ ৱেবছাইট
- প্ৰকাশিত বাতৰি আৰু চিত্ৰ, The Hindu Images'ত
- ‘Mahurat’ of Jahnu Barua’s latest film
|
||||||||