বামুণী সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বামুণী সাপ (Buff striped keelback)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Natricinae
গণ: Amphiesma
প্ৰজাতি: A. stolatum
বৈজ্ঞানিক নাম
Amphiesma stolatum
(Linnaeus, 1758)
সমাৰ্থক
  • Coluber stolatus Linnaeus, 1758
  • Elaps bilineatus Schneider, 1801
  • Natrix stolatus Merrem, 1820
  • Tropidonotus stolatus F. Boie, 1827
  • Rhabdophis stolatus Wall, 1921
  • Amphiesma stolatum – David et al.[1]

বামুণী সাপ (ইংৰাজী: buff striped keelback, বৈজ্ঞানিক নাম-Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি৷ এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে৷

বিৱৰণ[সম্পাদনা কৰক]

বামুণী সাপ সাধাৰণতে ৪০-৫০ ছে:মি: দীঘল হয়৷ এইবিধৰ সাপৰ মাইকীজনী মতা সাপটোতকৈ বেছি দীঘল হয়৷ ইয়াৰ দেহৰ বৰণ সাধাৰণতে সেউজীয়া-মটিয়া বা মুগা হয়৷ বামুণী সাপৰ মূৰ আৰু দেহৰ বৰণ প্ৰায় একে৷

ইয়াৰ দেহত দীঘলে দীঘলে এডাল হালধীয়া আঁচ থাকে৷ মূৰৰ কাষত এই আঁচডাল কিছূ অস্পষ্ট হৈ পৰে৷ ইয়াৰ জীভা খাঁজকটা আৰু ক'লা হয়৷ এই সাপবিধৰ দেহত পথালিকৈও কিছুমান ক'লাবৰণীয়া আঁচ থকা দেখা যায়৷ ইয়াৰ দেহৰ তলৰ অংশ পাতল ক্ৰীমবৰণীয়া আৰু দুয়োকাষে কিছুমান সৰু ক'লা ফোঁট থাকে৷

Amphiesma stolatum, erythrostictus form, Ezhimala, Kerala, India. Note the beautiful vermillion interstices and the yellow underbelly

বিতৰণ[সম্পাদনা কৰক]

এই সাপবিধ দক্ষিণ , দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ পাকিস্তান, স্ৰীলংকা, ফিলিপাইনছ, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়৷ ভাৰতত এই সাপবিধ সাগৰৰ পৰা ২০০০ ফুট উচ্চতালৈকে দেখিবলৈ পোৱা যায়৷

বাসস্থান[সম্পাদনা কৰক]

বামুণী সাপে সাধাৰণতে নৈৰ পাৰ,জলাহ ভূমি , খেতি-পথাৰ, মুকলি ঘাঁহ অঞ্চল আদিত বাস কৰে৷ বিশেষকৈ বাৰিষা কালত ইয়াক সততে দেখা পোৱা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

আচৰণ[সম্পাদনা কৰক]

এই সাপবিধ দিনৰ ভাগত আটাইতকৈ সক্ৰিয়৷

খাদ্য[সম্পাদনা কৰক]

বামুণী সাপৰ প্ৰধান খাদ্য সৰু আকাৰৰ উভচৰ প্ৰাণী যেনে ভেকুলী আদি৷ অৱস্যে ইহঁতে মাছ, সৰু জেঠী আৰু নিগনি আদিও খোৱা দেখা যায়৷

প্ৰজনন[সম্পাদনা কৰক]

Rescued egg clutch

বামুণী সাপে এপ্ৰিলৰ পৱা আগষ্ট পৰ্যন্ত কণী পাৰে৷ এবাৰত ই ৫-১০ টাকৈ বগা বৰণৰ কণী পাৰে৷[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  • Boulenger, George A.1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Secretary of State for India in Council. (Taylor and Francis, Printers). London. xviii + 541 pp. (Tropidonotus stolatus, pp. 348-349.)
  • Boulenger, G.A.1893. Catalogue of the Snakes in the British Museum (Natural History). Volume I., Containing the Families...Colubridæ Aglyphæ, Part. Trustees of the British Museum (Natural History). (Taylor and Francis, Printers). London. xiii + 448 pp. + Plates I.-XXVIII. (Tropidonotus stolatus, pp. 253-254.)
  • Cox, Merel J.; Van Dijk, Peter Paul; Jarujin Nabhitabhata & Thirakhupt,Kumthorn. 1998. A Photographic Guide to Snakes and Other Reptiles of Peninsular Malaysia, Singapore and Thailand. Ralph Curtis Publishing. Sanibel Island, Florida. 144 pp.
  • Daniels, J.C. 2002. Book of Indian Reptiles and Amphibians. BNHS. Oxford University Press. Mumbai.
  • Das, I. 1999. Biogeography of the amphibians and reptiles of the Andaman and Nicobar Islands, India. In: Ota,H. (ed) Tropical Island herpetofauna. Elsevier, pp. 43-77.
  • Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India. Ralph Curtis Books. Sanibel Island, Florida. 144 pp. ISBN 0-88359-056-5. (Amphiesma stolatum, p. 19.)
  • Linnaeus, C. 1758. Systema Naturae. 10th Edition: 204 pp.
  • Wall, Frank. 1921. Ophidia Taprobanica or the Snakes of Ceylon. Colombo Museum. (H.R. Cottle, government printer). Colombo. xxii + 581 pp.
  • Whitaker, Romulus. 2006. Common Indian Snakes - A Field Guide. Revised edition. MacMillan India Ltd. New Delhi.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]