বাৰেচহৰীয়া ভাওনা মহোৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
Entrance of Barechahariya Bhaona Mahotsav.jpg
২০১৩ চনত অনুষ্ঠিত বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপ
স্থিতি সক্ৰিয়
ধৰণ হিন্দু ধৰ্মোৎসৱ
অৱস্থান জামুগুৰিহাট, শোণিতপুৰ, অসম
দেশ ভাৰত
প্ৰথম সন্মিলন ১৭৯৭-৯৮ (আনুমানিক)
আয়োজক জামুগুৰিৰ ৰাইজ
উপস্থিতি ৫০,০০০ লোক (গড়)
আধিকাৰিক ৱেবছাইট www.barechahariabhowna.com

বাৰেচহৰীয়া ভাওনা অসমশোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ[1]। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ৷ গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা৷ এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে[2]

ইতিহাস[সম্পাদনা কৰক]

আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল[3]। কেনেকৈ ইয়াৰ সূত্ৰপাত হয় তাৰ লিখিত সমল নাই। কিন্তু বাৰেচহৰীয়া ভাওনাৰ পাতনিত কলিয়াবৰ"হেজাৰী ভাওনা", কামপুৰ"বাৰেগঞা ভাওনা" আদিৰ প্ৰভাৱ থকাটো অনুমান কৰা হয়[3]

১৮৯৭ চনৰ পৰা মুঠ ২৪ বাৰ এই মহোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাছিগাঁৱৰ পশ্চিমে থকা 'ৰঘুদলনি' পথাৰত প্ৰথম ২১খন ভাওনাৰে ইয়াৰ আৰম্ভ হৈছিল। ১৮০৭ চনত সেই গাঁৱৰে বৰ্তমানৰ নামঘৰ থকা ঠাইৰ খুনখোৱাহাটৰ কাষত, ১৮১২ চনত বৰভগীয়া গাঁৱৰ পশ্চিমৰ 'ফাকুৱা পথাৰ'ত, ১৮১৭ চনত পুনৰ 'ৰঘুদলনি'ত, ১৮৯৫ চনত শলগুৰি গাঁৱৰ পশ্চিমে থকা 'ডোমৰ বাকৰি'ত এই বাৰচহৰীয়া ভাওনা অনুস্থিত হৈছিল। ১৯০০ চনত কাঠবাৰী গাঁৱৰ উত্তৰে থকা ঢাকৰি পথাৰত ১৮খন খলাত ১৮খন ভাওনাৰে বাৰেচহৰীয়া ভাওনা উদ্‌যাপন হয়। ১৯০৫ চনত ২১খন খলাৰে ডেকাসুন্দৰ গাঁৱৰ 'পকামূৰা পথাৰ'ত বৃহৎ মণ্ডপ সাজি এই ভাওনা উদ্‌যাপন কৰা হয়। তাৰ পাছত ১৯১০ চনত বৰহমপুৰ-সৰুভগীয়া গাঁৱৰ মাজৰ বালিপৰা পথাৰত এই ভাওনা পতা হয়। ১৯১৭চনৰ পৰা ২০০৭ চনলৈ চৈধ্যবাৰ পকামূৰা পথাৰতে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছে। মাজতে এবাৰ ১৯৫৩চনত পাতলৰ চুক গাঁৱৰ উত্তৰে থকা 'ফুটুকাতলি' পথাৰত এই অনুষ্ঠান উদ্‌যাপিত হয়। এইবছৰ অৰ্থাৎ ২০১৩ চনত পকামূৰা পথাৰতে ২৪-২৭ ফেব্ৰুৱাৰীত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈছে[4]

বাৰেচহৰীয়া ভাওনাৰ প্ৰসাৰ আৰু স্বীকৃতিৰ ক্ষেত্ৰত 'শোনিতকোঁৱৰ' গজেন বৰুৱাই আগভাগ লৈছিল[1][5]

গঠন[সম্পাদনা কৰক]

বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপটো পদুম ফুলৰ চকাৰ আৰ্হিত নিৰ্মাণ কৰা হয়। পদুমৰ প্ৰতিটো পাহত একোখনকৈ 'খলা' নিৰ্মাণ কৰা হয়। একোখন খলাত সাতযোৰকৈ খুঁটা থাকে। বাঁহৰ কামিৰে নিৰ্মাণ কৰা চালৰ ওপৰত ন-খেৰেৰে চাঁৱনি দিয়া হয়। মণ্ডপৰ সোঁমাজত গম্বুজ সাজি তাৰ ওপৰত স্বৰ্ণাভ কলচী প্ৰতিষ্ঠা কৰা হয়। প্ৰতিখন খলাৰ কেন্দ্ৰস্থল দৌলত সিংহাসন প্ৰতিষ্ঠা কৰা হয়। খলাবোৰৰ সন্মুখত একোটাকৈ বাটচ'ৰা থাকে আৰু তাৰ কাষতে একোটা ছোঁঘৰ থাকে। প্ৰত্যেক খলা, বাটচ'ৰা আৰু ছোঁঘৰৰ আৰ্হি সম্পূৰ্ণ একে[3]

গম্বুজৰ সৈতে ৰভাখন আৰু খলাসমূহক সাতটা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে[3]:

(ক) গুৰু আসন
(খ) বিশিষ্ট লোকসকলৰ আসন
(গ) গুৰু আসন প্ৰদক্ষিণ পথ
(ঘ) ৰংগভূমি বা অভিনয় ক্ষেত্ৰ
(ঙ) বাটচ'ৰা
(চ) মুকলি ঠাই
(ছ) মূল বাটচ'ৰা

বৈশিষ্ট্য[সম্পাদনা কৰক]

জাতি,ধৰ্ম,বৰ্ণ নিবিৰ্শেষে সাৰ্বজনীনভাৱে উদযাপন কৰা শংকৰী কলা-কৃষ্টিৰ এনে ধৰ্মীয়-সাংস্কৃতিক ৰংগানুষ্ঠান খুবেই জনপ্ৰিয় আৰু কেবা লক্ষ্য দৰ্শকে উপভোগ কৰিব পৰাটো ইয়াৰ মূল বৈশিষ্ট্য। কোনো আনুস্থানিক কাৰিকৰী প্ৰশিক্ষণ নথকা গাঁৱলীয়া ৰাইজে কোনো বিশেষজ্ঞ কিম্বা অভিযন্তাৰ সহায় নোলোৱাকৈ নিজৰ সহায় আৰু বুদ্ধি-অভিজ্ঞতাৰে এটি সৰ্ব্বাংগ সুন্দৰ সুবৃহত মণ্ডপ পৰিকল্পনা কৰি তাক বাস্তৱত ৰূপদান কৰে[4]। কোনে প্ৰথম এনে ৰংগমঞ্চ উদ্ভাৱন কৰিছিল, কাৰো সুকীয়াকৈ নাম জনা নাযায়। এই ভাওনাৰ মূল বৈশিষ্ট্য হ'ল ১৪ ৰ পৰা ২১ খন বেলেগ বেলেগ খলাত একে সময়তে অনুষ্ঠিত নাট ভাওনা। মূলমণ্ডপক কেন্দ্ৰ কৰি চাৰিওদিশে তৈয়াৰ কৰা ১৪ ৰ পৰা ২১ খন খলাই এক বৃত্তাকাৰ ৰূপ ধাৰণ কৰে। সিংহাসন প্ৰতিষ্ঠিত মণ্ডপৰ পশ্চিম দিশৰ খলা খনক মূল খলা হিচাপে গণ্য কৰি বাকীবোৰ খলাৰ নাম দিয়া হয় । প্ৰতিখনি খলাকে গছ-লতা-ফুলেৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোটাকৈ তোৰণ সাজি মঞ্চসমূহক আৰু অধিক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা হয়৷ এই সকলো খলাতে একে সময়তে ডবা, বৰকাঁহ বাজি ভাওনা আৰম্ভ কৰা হয়। প্ৰথম খলাৰ পৰাই গায়ন-বায়নে ঢেৰাপাক দিয়া আৰম্ভ কৰে। লগে লগে সকলো খলাৰপৰাই সোঁহাতেদি প্ৰথম খলাৰ গায়ন-বায়নে ক অনুসৰণ কৰি সম্পূৰ্ণ কলাসমূহত তিনি পাক দিয়াৰ পিছত নিজ নিজ খলাত গণিকাৰ কাম শেষ কৰে৷ গায়ন-বায়নেৰ ঢেৰাপাকৰ এই দৃশ্যটো বাৰে চহৰীয়া ভাওনাৰ এক অন্যতম দৃশ্য[4]। ইয়াৰ পিছত প্ৰতিখন খলাতে সুকীয়া ভাওনা হয়৷ প্ৰতিখন খলাত গায়ন বায়ন, সূত্ৰধাৰ, নাট আদি ভিন ভিন।

লগতে চাওক[সম্পাদনা কৰক]

  1. ভাওনা
  2. অংকীয়া নাট
  3. শোণিতকোৱৰ গজেন বৰুৱা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Syed Zarir Hussain. "Dance-drama extravaganza in Assam with 2,500 actors (FEATURE)". india-forums.com. http://www.india-forums.com/news/art-culture/25765-dance-drama-extravaganza-in-assam-with-2-500-actors-feature.htm। আহৰণ কৰা হৈছে: February 19, 2013. 
  2. শাক্য সৌমিক. "Baresohoriya Bhaona". এনাজৰী ডট কম. http://enajori.com/baresohoriya-bhaona/। আহৰণ কৰা হৈছে: ডিচেম্বৰ ১৭, ২০১২. 
  3. 3.0 3.1 3.2 3.3 কিশোৰ কুমাৰ ভূঞা (২৪ ফেব্ৰুৱাৰী, ২০১৩). "বাৰেচহৰীয়া ভাওনা- অনন্য সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন". আমাৰ অসম- পূৰ্বাচল. পৃষ্ঠা ৮-১১. 
  4. 4.0 4.1 4.2 ড০ প্ৰদীপ ভূঞা (ফেব্ৰুৱাৰী ২০১৩). "বাৰেচহৰীয়া ভাওনাৰ ঐতিহ্য আৰু মহত্ত্ব". অসমীয়া খবৰ (দ্বাদশ বছৰ সংখ্যা ১০৩ দেওবাৰ): পৃ:৪. 
  5. অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা- ২৪৫-২৪৬

বাহ্যিক সংযোগ[সম্পাদনা কৰক]