বাৰ্তা:অসমৰ পৰম্পৰাগত খেল-ধেমালি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰছী টনা খেলৰ বিৱৰণটো সদ্যহতে মই কমেণ্ট আউট কৰি ৰাখিছোঁ। ৰছী-টনা (Tug of War) অসমৰ পৰম্পৰাগত খেলৰ শিতানত ৰখা হ'ব নে সেই বিষয়ে নিশ্চিত নহয়।উদ্দীপতালুকদাৰ (talk) 19:49, 19 এপ্ৰিল 2012 (UTC)

আমাৰ এই ফালে গাৱে ভুঞে চলি আহিছে দেখোন| দিব পাৰি যদি দি থওঁক|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 19:53, 19 এপ্ৰিল 2012 (UTC)
গাঁৱত চলিলেও সেইটো পৰম্পৰাগত ভাৱে আছে জানো? মোৰ বোধেৰে খেলবিধ ইংৰাজ অহাৰ পাছতহে আহিছে। মই নামটোৰ পৰাহে অনুমান লগাইছোঁ পিছে। ভটাগুটি আদি খেলৰ উল্লেখ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন চৰিত আদিত আছে বাবে পৰম্পৰাগত বুলি নিশ্চিত হ'ব পাৰি। ক'ৰবাত পালেহে এই বিষয়ে নিশ্চিত তথ্য পোৱাৰ পাছতহে ৰখা ভাল হ'ব নেকি?উদ্দীপতালুকদাৰ (talk) 20:13, 19 এপ্ৰিল 2012 (UTC)
পৰম্পৰাগত নহয় যদি ইয়াতেই অনান্য খেল ধেমালি বুলি ৰাখি থব পৰা যায়|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:15, 19 এপ্ৰিল 2012 (UTC)
ময়ো তাকেই ভাবি আছিলোঁ। তেনেকৈ ৰাখি থ'লে হ'ল। আৰু এটা কথা, এইটো প্ৰৱন্ধৰ তলত ইংৰাজীৰ কিছুমান প্ৰৱন্ধৰ তলত যে trustworthy হয় নে নহয় উত্তৰ দিব পৰা ফলক একোখন লগাই থয়, সেইখন লগাব পাৰি নেকি? তথ্য সমল দিব পৰাকৈ নাই যেতিয়া, সেইখনত কিমানে বিশ্বাসযোগ্য বুলিছে তাৰ ওপৰতে প্ৰৱন্ধটোৰ নিৰ্ভৰতা জুখিব পৰা যাব।উদ্দীপতালুকদাৰ (talk) 20:19, 19 এপ্ৰিল 2012 (UTC)
হ’ব তেন্তে| trustworthy ফলক দিব পাৰি| সেইখন অনা হোৱা নাই বাবে বৰ্তমান এইখনেই লগাই ৰাখিছো| আনিম বাৰু দিয়ক|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:26, 19 এপ্ৰিল 2012 (UTC)

দাৰিয়া কোৰ্ট খেলটো সৰুতে খেলিছিলো, খেলটোৰ নাম 'ৰেডি'(Ready)আছিল ৷ টেকেলী ভঙা, তিনিঠেঙীয়া দৌৰ আদি খেলবোৰো অসমৰ খেল-ধেমালি হিচাবে অন্তৰ্ভূক্ত কৰিব পৰা যাব চাগে' ৷

ভটা গুটি নেকি এইটো?

কিছু তথ্য[সম্পাদনা কৰক]