বাৰ্তা:অসমৰ ৱেবছাইটসমূহৰ তালিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Edit request on 11 নৱেম্বৰ 2012[সম্পাদনা কৰক]

Hi,I want to edit something for www.assamesesongs.org.Please give me the authorisation for the same.

সম্পাদনা কৰিবৰ বাবে অনুমতি ল'ব নালাগে। "ই-আলোচনী, সাহিত্য, সংস্কৃতি, বিজ্ঞান, কৃষি" অনুচ্ছেদটোত উপৰোক্ত ৱেবছাইটটোৰ কথা লিখিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 18:24, 11 নৱেম্বৰ 2012 (UTC)

প্ৰেৰণা ই আলোচনী ক অন্তৰ্ভূক্ত কৰক[সম্পাদনা কৰক]

"প্ৰেৰণা" ই আলোচনীত ইতি কথা

২০১৯ বৰ্ষ জানুৱাৰী মাহৰ পৰা আনুষ্ঠানিক ভাৱে "প্ৰেৰণা" ই আলোচনী আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছিল যদিও ২০১৭ বৰ্ষ মানৰ পৰাই প্ৰেৰণা নামটোৰে কৰা এটা কৰাৰ হেঁপাহ আমাৰ মনত বাৰুকৈয়ে আছিল। ২০১৮ বৰ্ষ তেতিয়া আমি ( দুই সম্পাদক) উচতৰ মাধ্যমিক ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিলো। তেতিয়া আমাৰ সৈতে আছিল জিতু দলে, নৱ বেজবৰুৱা, জ্ঞান জ্যোতি ফুকন, বিজিত গগৈ আৰু আমাৰ সকলোৰে বহু মৰমৰ নবীন চেত্ৰী (আমাৰ মাজত বৰ্তমান নাই) আদি। তেতিয়াই দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ বাবে - কিবা এটা কৰা হেঁপাহেৰে আমি জন্ম দিছিলোঁ এই নামটো "প্ৰেৰণা" । কিন্তু কিছুমান বিশেষ কাৰণ ৰ বাবে থাকি গ'ল সেইয়াতাতেই ।

২০১৮ বৰ্ষ ডিচেম্বৰ মাহ, তেতিয়া অসমত ই সাহিত্য ৰ চৰ্চা বাহিবলৈ আৰম্ভ কৰিছে। সন্ধিয়া পৰত মই ( জিন্তু ভূঞা) নৱ লৈ ফোন লগালোঁ। আৰু পাতিলো আমাৰ সেই সপোন ৰ কথা , প্ৰেৰণা ক। সেইয়া আৰম্ভনি আনুষ্ঠানিকতাৰ। সিদিনাই আমি দুটাই পন ল'লো আৰু ১ জানুৱাৰী , ২০১৯ বৰ্ষ দিনা প্ৰথম সংখ্যাই প্ৰকাশ পালে। সেই সংখ্যাত আমাৰ সম্পাদনা সমিতিত আছিল জিন্তু ভূঞা ( সম্পাদক) , নৱ জ্যোতি গগৈ (সভাপতি) , ৰিচা ফুকন ( প্ৰচাৰ সম্পাদক)।

প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা আমি প্ৰকাশ কৰিছিলো wordpress ত এটা ফ্ৰি ৱেবচাইট প্ৰস্তুত কৰি ( prerona.wordpress.com) । Seit সময়ত ৱেবচাইট ৰ বিষয়ে ইমান জ্ঞাত নাছিলোঁ, কিন্তু এটা হেঁপাহ আছিল কিবা এটা কৰাৰ, এটা আশা সেই প্ৰেৰণা ক লৈ বাস্তৱ কৰাৰ , বাস্তৱ মুখি এটা সপোন।।।

ঠিক সেইদৰে কেইবাটও সংখ্যা উলিওৱা পাছত আমাৰ সম্পাদনা সমিতিৰ কৰ্ম কৰ্তা সংখ্যা বাঢ়িব ধৰিলে। আমাৰ লগত যোগ দিলে ৰাহী দেউৰী, জোন মণি নেওগ আদিয়ে। আমি দুগুণ উদ্যমেৰে কাম কৰিব ধৰিলো। মাজে মাজে নিৰাশ নোহোৱাকৈ নথকা নহয়। কিন্তু সেই সপোন , সেই আশা বোৰে আকৌ জগাই তোলে আমাক।

২০২৯ বৰ্ষ জুন, আমাৰ ৬ নং সংখ্যাটি প্ৰকাশৰ পথত । সেই সময়লৈ ৱেবচাইট আদিৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিছিলো। আৰু আমাৰ সম্পাদনা সমিতিৰ গোটেই কেইজন সদস্যৰ হাতৰ কিছু বৰঙণি ৰে আমি মুকলি কৰি দিছিলোঁ প্ৰথম টো নিজা domain আৰু hosting ৰ ৱেবচাইট preronapro.in । আগৰ দৰেই আমি নিষ্ঠাৰে একতাৰে , এটা আশা আৰু সপোন লৈ আমি প্ৰেৰণা ই আলোচনী ৰ কাম কৰি গৈ থাকিলো।

২০১৯ বৰ্ষ জুলাই, চাৰিও কাষে পানী। কাৰোবাৰ বাবে দুবেলা দুমুঠি খাবলৈ নাই, কাৰোবাৰ বাবে নিশাটো কটাবৰ বাবে এটা পজা নাই। আনৰ দুখত সুখী হোৱা , আৰু সামৰ্থ অনুসৰি কিবা এটা সহায় কৰা আমাৰ প্ৰধান কাম, আৰু কৰ্তব্য আছিল। আৰু আৰম্ভনি ও সেই ভাবিয়ে হৈছিল। তেতিয়াৰে সন্ধিয়া নৱ লৈ এটা ফোন নৱ নোৱাৰো এনেকৈ চাই থাকিবলৈ নিজৰ মানুহ বোৰক। আমি দুৱেলা খাই আছোঁ। শুবলে এখন ঘৰ পাইছো। কিন্তু বানে যিবোৰ ক এইবোৰৰ পৰা আঁতৰাই ৰাখিছে, মাকে নিজৰ পুতেকৰ ভোকত থকা মুখ খন চাই উপায় হীন হৈ ৰৈ আছে তেখেত সকলৰ বাবে কিবা এটা কৰা যাওক। কথা মতেই কাম পাঁচ দিনা ওলাই গ'লো, অলপ ঘুৰিলো কেইটকামান পালোঁ। আমাৰ লগত যোগ দান দিলে প্ৰেৰণা ই আলোচনী সদস্য সকলৰ ওপৰিও আমাৰ সহপাঠী বিকাশ দাস আৰু লক্ষ্যজীত বৰাই। দুদিন এইদৰে কিছু সহায় আৰু সহাঁৰি পাইও আমি অসহায় কিয়নো আমাৰ হাতত যি কেইটা গোট খাইছিল সেইয়া একেবাৰে কম আছিল । কিন্তু এইটো হয় যে মনৰ পৰা সহায় কৰিব বিচাৰিলে কিবা এটা নহয় কিবা এটা উপায় ওলায়ে। সেইয়া আমাৰ লগতো হ'ল। আমালৈ ফোন আহিল বীৰ লাচিত সেনা , বিহপুৰীয়া পৰা। তেখেত সকলে কলে তেখেত সকলেও সহায় কৰিব বিচাৰে বাণে অসহায় কৰা লোক সকলক। আৰু আমাক তেখেত সকলৰ লগত যোগ দিব বাবে মতিলে। পাছ দিনা আমি তেখেত সকলৰ লগত আকৌ ওলাই গলো অলপ সহায় আৰু সহাঁৰি বিচাৰি। কিছু পালোঁ কিছু আমাৰ হাতেৰে খৰচ কৰি ওলাই গলো কিছু পৰিয়ালক সহায় কৰিব বাবে।। এইয়া আমাৰ বাবে যেন এটা হাঁহি আছিল, আছিল আনন্দৰ এটা বতৰা।।।


২০১৯ বৰ্ষ অক্টোবৰ , প্ৰেৰণা ই আলোচনীত কিছু পৰিৱৰ্তন। সম্পাদনা সমিতিত আৰু কেইজন মান লোকৰ আগমন , পুনৰ কিছু সবল হলো প্ৰেৰণা ই আলোচনী ৰ সম্পাদনা সমিতি।। লগতে আমি প্ৰেৰণা ই আলোচনীৰ খন PDF লৈও ৰূপান্তৰিত কৰিলোঁ। প্ৰেৰণা ই আলোচনী তেতিয়া ৰে পৰা ৱেবচাইট আৰু PDF দুই ধৰনেৰে উপলব্ধ হৈছিল।।

২০২০ বৰ্ষ। আমি নিয়মীয়া ভাবে ১২ টা সংখ্যা প্ৰকাশ কৰি ভৰি দিলোঁ নতুন বৰ্ষত কিছু নতুন চিন্তাৰে।।

২০২০ বৰ্ষ , মাৰ্চ তেতিয়া মই (জিন্তু) দৰং মহাবদ্যালয় ত। হঠাৎ ঘোষণা lockdown ৰ । মোৰ দৰে সকলো সেই সময়ত কিছু নহয় কিছু পৰিমাণে হতাশ হৈছিল। আৰু আমি বিচাৰি আছিলোঁ তাৰ বিকল্প, সেয়েহে আমি আৰম্ভ কৰিছিলোঁ Virtual Concert নামেৰ এটা অনুষ্ঠান আমাৰ ফেচবুক পেজ প্ৰেৰণা EM ৰ যোগেদি। যত আমি অসমৰ মৰমৰ, শ্ৰদ্ধাৰ গায়ক , গায়িকা সকলক আমাৰ ফেচবুক পেজলৈ আমন্ত্ৰণ জনাই ছিলো প্ৰেৰণা EM ৰ দৰ্শক সকলক কিছু মনোৰঞ্জন দিবৰ বাবে।। আমি তেখেত সকলৰ ওচৰত চিৰ কৃতজ্ঞ সকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰেৰণা ই আলোচনী অনুৰাগী সকলক মনোৰঞ্জন দিবলৈ আহিছিল।। এনেদৰে প্ৰায় কুৰি ৰো অধিক Virtual Concert হৈছিল পেজত।।

২০২০, জুন আমাৰ নিজা hosting আৰু domain যুক্ত preronapro.in ৰ এবছৰ সম্পূৰ্ণ। যিহেতু আমি কেৱল মাথো এবছৰ ৰ বাবেহে ক্ৰয় কৰিছিলোঁ গতিকে সেই সময় ইতিমধ্যে সমাপ্ত হৈছিল , প্ৰথম বাৰ আমাৰ হাতৰ কিছু খৰচেৰে ক্ৰয় কৰিছিলো, যিহেতু আমি ছাত্ৰাৱস্থাত আছিলোঁ গতিকে পুনৰ renew কৰিবলৈ যিমান খৰচ হয় সেয়া বহন কৰিবলৈ অসমৰ্থ হৈছিলো। সেয়েহে পুনৰ আমি এটা নতুন free domain আৰু hosting ৰ সন্ধানত এইবাৰ আহিলো Google ৰ দ্বাৰা blogger.com। তাতে preronaa.blogspot.com নামেৰে এটা নতুন ঠিকনাৰে আকৌ আগবাঢ়িলো সেই একেই উদ্যম আৰু দুগুণ উত্সাহেৰে।। এতিয়াও প্ৰেৰণা ই আলোচনী এই চাইট ত লগতে PDF টো উপলব্ধ।।

২০২১ জানুৱাৰী,,, ২০২০ বৰ্ষ যিহেতু কৰনা সংক্ৰমণ ৰ হেতুকে বেছিকৈ আমি একো পৰিকল্পনা কৰিব নোৱাৰিলোঁ। ২০১৯ বৰ্ষত আৰম্ভ কৰা প্ৰৰণা ই আলোচনী যে ভৰি দিলে দ্বিতীয় টো বৰ্ষত। এই হেঁপাহ আশা আৰু সপোন বোৰ লগত আৰু কিছু নতুন সংযোজন ঘটিছিল। যিহেতু ২০২১ বৰ্ষত আমি দ্বিতীয় বৰ্ষত ভৰি দিলো আমাৰ দ্বিতীয় বৰ্ষ পুতি ভাগ পাতিবই লাগিব।। ইতিমধ্যে আমাৰ সৈতে যোগ হৈছিল বহু কেইজন প্ৰবক্তা , অধিবক্তা আমাৰ উপদেষ্টা হিচাপে।। সেই সকলৰ ভিতৰত শ্ৰদ্ধাৰ মাধৱ দেৱ মহাবিদ্যালয় ৰ গ্ৰন্থাগাৰিক নিখিল হাজৰিকা, প্ৰবক্তা তাংচেং খাংকেও, লক্ষীমপুৰ কোৰ্ট ৰ অধিবক্তা সূৰ্য কুমাৰ বৰা, দৰং মহাবিদ্যালয়ৰ প্ৰবক্তা গোলাপ সোণোৱাল , প্ৰবক্তা উত্তম বৰুৱা আদিৰ দৰে মহান গুণী জ্ঞানী তথা আমাৰ পৰামৰ্শ দাতা সকল। সেই সকলৰ ওপৰিও আমাক পৰামৰ্শ দিয়া বহু কেইজন লোকৰ ওচৰত আমি চিৰ কৃতজ্ঞ। তেখেত সকলৰ অনুপ্ৰেৰণা , পৰামৰ্শ, আৰু সহায় ৰ বাবে আমি আগবাঢ়িলো প্ৰেৰণা ই আলোচনী ৰ দ্বিতীয় বৰ্ষ পুতি অনুষ্ঠান ভাগ পতিবৰ বাবে। অনুষ্ঠান ভাগৰ বিভিন্ন কাৰ্যসূচী আমি আলোচনা কৰি শিল্পী দিৱসৰ দিনা পাতিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হল। এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবৰ বাবে আগবাঢ়ি আহিল নৱ কল্প সাংস্কৃতিক গোষ্ঠী। বিভিন্ন কাৰ্য সূচী ওপৰিও আমাৰ মূল কাৰ্য সূচী আছিল প্ৰেৰণা ই আলোচনীৰ বাৰ্ষিক মুখ পত্ৰ উন্মোচন কৰাৰ , আৰু কথা মতেই কাম। ২০২১ বৰ্ষ জানুৱাৰী মাহৰ ১৮ তাৰিখে সুকলমে পৰ হৈ গল দ্বিতীয় বৰ্ষ পুতি, হৈ গল বাৰ্ষিক মুখ পত্ৰ উন্মোচন। এই ক্ষেত্ৰত আমাক প্ৰতি সময়তে সহায় কৰি অহা, নতুন নতুন পৰামৰ্শ দিয়া বাবে কুঁহিপাত পাব্লিকেচন ৰ ওচৰত আমি কৃতজ্ঞ।

দ্বিতীয় বৰ্ষ পুতি অনুষ্ঠানৰ বাবে আমি আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনাইছলো , যুৱ বিজ্ঞানী তথা সহকাৰী অধ্যাপক , মলীকুলাৰ বায় লজি আৰু বায়তেকনলজী , তেজপুৰ বিশ্ব বিদ্যালয়ৰ ড° পংকজ বৰা ছাৰক। আৰু মুখপত্ৰ উন্মোচন কৰিবৰ বাবে - লক্ষীমপুৰ জিলা শিশু বিজ্ঞান সমিতিৰ সমনয়ক, লক্ষীমপুৰ জিলা মইনা পাৰিজাত বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগৰ সম্পাদক। সদৌ অসম গাম্য পুথিভঁৰাল (অসম) সহকাৰী সম্পাদক তথা বিশিষ্ট কবি সাহিত্যিক যগ্যুৰাম বৰা দেৱক আমন্ত্ৰণ জনাইছিলো আৰু দুইজনাই আমাক ব্যস্ততাৰ মাজতো সময় উলিয়ায় আমাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেখেত সকলৰ ওচৰটো চিৰ কৃতজ্ঞ। আমি কৃতজ্ঞ নিখিল ছাৰৰ ওচৰত সভাপতি দৰে এটা গধুৰ দায়িত্ব পালন কৰি আমাৰ অনুষ্ঠানত ভাগ সুচাৰু ৰূপে চলাই নিয়াৰ বাবে লগতে লক্ষীমপুৰ কবি সন্মিলনৰ শৰত ভৰালী ছাৰৰ লগতে অনুষ্ঠানত উপস্থিত থকা সকলোকে আৰু ব্যস্ততাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে যদিও আমাক প্ৰতিটো ক্ষেত্ৰতে উৎসাহ, সহায় আৰু সহাৰি দি যোৱা প্ৰতি জন শুভাকাংশিক। এইদৰেই আমি সুকলমেৰে পাৰ কৰিলোঁ আমাৰ দ্বিতীয় বৰ্ষ পুতি ভাগ।

বৰ্তমান প্ৰেৰণা ই আলোচনীৰ প্ৰতিজন কৰ্ম কর্তা এটা পৰিয়ালৰ সদস্য দৰেই । আমি প্ৰতি দিনে আলোচনী খনৰ উন্নতি হকে , নতুন নতুন মুখৰ লিখক সকলক উলিয়ায় অনাৰ বাবে প্ৰতি ক্ষণে কাম কৰি আছো আৰু কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ। এই ক্ষেত্ৰত প্ৰতি সময়তে আপোনাৰ / আপোনা সবৰ পৰামৰ্শ বিছাৰিলো।

ধন্যবাদেৰে

জিন্তু ভূঞা(সম্পাদক)

"প্ৰেৰণা" ই আলোচনী

প্ৰেৰণা এখন অসমীয়া ই আলোচনী Jintu bhuyan 2000 (বাৰ্তা) 19:26, 10 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]