বাৰ্তা:কম্পিউটাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


এই লেখাটোৰ উৎস সম্পৰ্কত[সম্পাদনা কৰক]

‘কম্পিউটাৰ’ শীৰ্ষক এই লেখাটোৰ শতকৰা ৯০ ভাগ কথা হুবহু দেৱজ্যোতি বৰাৰ ‘ব্যক্তিগত কম্পিউটাৰৰ পূৰ্ণাংগ ব্যাৱহাৰিক পাঠ’ শীৰ্ষক পুথিখনৰ প্ৰথম অধ্যায়ৰ পৰা লোৱা হৈছে৷ ২০০৪ চনৰ জুলাই মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশিত এই পুথিখনৰ ২২তম সংস্কৰণটি ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছে৷ কিন্তু এই লেখাটোৰ তলত উৎস হিচাপে পুথিখনৰ নাম উল্লেখ নকৰাত আমি অত্যন্ত দুখ পাইছোঁ৷ গ্ৰন্থস্বত্ত থকা পুথি এখনৰ পৰা অনুমতিবিহীনভাৱে এনেদৰে শাৰীৰ পাছত শাৰী আৰু বহুক্ষেত্ৰত প্ৰায় পেৰাগ্ৰাফ হিচাপে তুলি দিয়াটো আইনৰ দৃষ্টিত অপৰাধ৷ ৱিকিপিডিয়াৰ দৰে এক সন্মানীয় স্থানত এনে ধৰণৰ কুম্ভীলক কাৰ্য অতিকে নিন্দনীয়৷ ৱিকিপিডিয়াৰ এই লেখাটোৰ লেখক অথবা সম্পাদকৰ এই সম্পৰ্কত স্থিতি কি সেয়া যথাশীঘ্ৰে জানিবলৈ পাম বুলি আশা কৰিলোঁ৷

ওপৰৰ মন্তব্যলৈ লক্ষ্য কৰি আৰু অভিযোগৰ সত্যতাৰ পৰীক্ষণৰ পাছত প্ৰৱন্ধটো গুচাই দিবৰ বাবে 'টেগ' কৰি ৰখা হৈছে। উদ্দীপতালুকদাৰ (talk) 07:20, 20 april 2018 (ইউ.টি.চি.)
আলোচনা মৰ্মে প্ৰবন্ধটো গুচাই দিয়া হ'ব। বিলোপ টেগ্‌‌ কৰোঁতে অনুগ্ৰহ কৰি পৃষ্ঠাটো খালি নকৰিব। — গীতাৰ্থ বৰদলৈ (talk) 09:38, 26 april 2018 (ইউ.টি.চি.)