বাৰ্তা:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰৱন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ Kajiranga National Park প্ৰৱন্ধৰপৰা অনুবাদ কৰি থকা হৈছে। ইংৰাজী ৱিকিপিডিয়াৰ প্ৰৱন্ধটো featured article হিচাপে মনোনীত কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছিল। সেয়ে বিশ্বকোষীয় ধৰ্ম অক্ষুণ্ণ ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। এই অনুবাদত সেয়ে সকলো দিশৰপৰা ইংৰাজীখনৰ মান অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হৈছে।উদ্দীপতালুকদাৰ (talk) 07:38, 14 এপ্ৰিল 2012 (UTC)

সুন্দৰ প্ৰকল্প| আগবাঢ়ক|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:16, 14 এপ্ৰিল 2012 (UTC)

জীৱ-জন্তুৰ অসমীয়া নাম[সম্পাদনা কৰক]

এটা সৰু অনুৰোধ: জীৱ-জন্তু, উদ্ভিদ আদিৰ অসমীয়া নাম উল্লেখ কৰাৰ সময়ত অভিধানৰ উল্লেখ কৰি দিব। ইংৰাজীৰপৰা অনুবাদ কৰোঁতে কেতিয়াবা প্ৰাণী বা উদ্ভিদৰ প্ৰকৃত অসমীয়া নাম থকাৰ পাছতো ব্যৱহাৰ নহৈ অনুবাদ কৰা নাম এটা ব্যৱহৃত হয়। এই প্ৰৱন্ধত এনে নামৰ সলনি যিমান পাৰি প্ৰকৃত অসমীয়া নাম বিচৰাৰ বাবে চেষ্টা কৰা হৈছে। য'ত পোৱা হোৱা নাই, তাত ইংৰাজী নামেই ব্যৱহাৰ কৰা হৈছে। অভিধান উল্লেখ কৰি দিয়া নামবোৰ পাছত ৱিকি-অভিধান (অসমীয়া)-লৈ নিয়াৰ প্ৰয়াস এটা কৰা হৈছে। সেয়ে নামবোৰৰ ক্ষেত্ৰত অভিধানৰ উল্লেখ কৰিলে কৃতজ্ঞ থাকিম।উদ্দীপতালুকদাৰ (talk) 17:42, 16 এপ্ৰিল 2012 (UTC)

ভাল প্ৰবন্ধ[সম্পাদনা কৰক]

এই প্ৰবন্ধটো ভাল প্ৰবন্ধৰ শ্ৰেণীভূক্ত কৰা হৈছে যদিও ই প্ৰকৃততে ভাল প্ৰবন্ধৰ উপযুক্ত হৈছে নে? দেখা গৈছে যে প্ৰবন্ধটোত যথেষ্ঠসংখ্যক 'উদ্ধৃতিৰ প্ৰয়োজন' টেগ লাগি আছে। প্ৰথমে এইবোৰ ঠিক কৰি লব লাগিছিল।

বাবুল বৈশ্য 02:56, 4 ছেপ্টেম্বৰ 2013 (UTC)

হয় বাবুল দা আতঁৰাই দিছোঁ, সেইখিনি ঠিক কৰি লোৱা হওক দীপাংকৰ চেতিয়া? 05:09, 4 ছেপ্টেম্বৰ 2013 (UTC)