বাৰ্তা:দ্য অ'ল্ড মেন এণ্ড দা ছী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:দি অ'ল্ড মেন এণ্ড দা ছীৰ পৰা পুনঃনিৰ্দেশিত)

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ তদোপৰি অসমীয়াত 'চ' আৰু 'ছ'-ৰ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা অ'ল্ড মেন এণ্ড দা চি৷ বিক্ৰম৯৮ 02:45, 11 ডিচেম্বৰ 2013 (UTC)

পিছৰ শব্দটোৰ আৰম্ভণিৰ আখৰ vowel নে consonant তাৰ ওপৰত ভিত্তি কৰি the-ৰ উচ্চাৰণ 'দি' বা 'দা' হয়। ভালেমান দিন আগতে আলোচনা কৰি শব্দটোৰ সুষমতা বজাই ৰাখিবলৈ 'দ্য' লিখাৰ প্ৰস্তাৱ কৰা হয়। 'দ্য' বাংলা ভাষাতো লিখে। কিন্তু সেইবুলি তেওঁলোকৰ একেচেটিয়া শৈলী বুলি মানি লোৱাটো টান। দেৱেন দত্ত ছাৰেও 'দ্য' লিখা দেখিছিলোঁ (কোনো ৰেফাৰেন্স হাতত নাই)। অসমীয়াত 'চ' আৰু 'ছ'-ৰ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ কিন্তু বিদেশী শব্দৰ উচ্চাৰণৰ ভিন্নতা দেখুৱাবলৈ আৰু লিপ্যন্তৰৰ সুষমতা বজাই ৰাখিবলৈ অসমীয়া ৱিকিপিডিয়াৰ লিপ্যন্তৰ নিয়মাৱলী এখন প্ৰস্তুত কৰা হৈছিল (ফে'চবুক গোটৰ "ইংৰাজী বা অইন ভাষাৰ অসমীয়া লিপ্যন্তৰৰ প্ৰস্তাৱিত নিয়মাৱলী" দ্ৰষ্টব্য) আৰু পাৰ্যমানে সেইখনকে অনুসৰণ কৰি অহা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 15:54, 11 ডিচেম্বৰ 2013 (UTC)

ই বাংলা শৈলীৰ অন্ধ অনুকৰণ যেন লাগে৷ বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ যেনে 'অন্য' শব্দটো তেওঁলোকে 'annwa' এনে ধৰণৰ উচ্চাৰণ কৰে৷ সেয়ে 'the' শব্দটো 'দ্য' এইধৰণে লিখিলে ইংৰাজী উচ্চাৰণটোৰ প্ৰায় ওচৰত উচ্চাৰিত হয়৷ আনহাতে অসমীয়াত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ y-ৰ দৰে, সেয়ে 'অন্য' শব্দটো 'annya' এনে ধৰণে উচ্চাৰিত হয়৷ গতিকে 'দ্য' বুলি লিখিলে অসমীয়াভাষী এজনে যেন 'dya' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ পিছৰ শব্দটোত vowel নে consonant আছে, তাৰ ওপৰত ভিত্তি কৰি the-ক 'দি' বা 'দা' এনেকৈ লিখিলে অসমীয়াত ইংৰাজী উচ্চাৰণটোৰ বেছি ওচৰত উচ্চাৰিত হ’ব যেন লাগে। দেৱেন দত্ত চাৰক লগ পালে তেওঁৰ যুক্তিটো শুধিবলৈ মন থাকিল৷ বিক্ৰম৯৮ 15:07, 13 ডিচেম্বৰ 2013 (UTC)


মইও দি বা দা হে সমৰ্থন কৰোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 13:55, 26 ডিচেম্বৰ 2013 (UTC)


The শব্দটোৰ উচ্চাৰণ পিচৰ শব্দটোৰ প্ৰথম ধ্বনিয়ে নিৰ্ণয় কৰে। যদি theৰ পিচত এটা স্বৰবৰ্ণৰ ধ্বনি আহে তেনে উচ্চাৰণটো di হ'ব আৰু যদি ব্যঞ্জনধ্বনি আহে তেনে উচ্চাৰণটো da হ'ব। বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণে অসমীয়া ধ্বনিৰীতি মানি নচলে। উদাহৰস্বৰূপে 'bag' শব্দটো বাংলা লিপ্যান্তৰ কৰোঁতে 'ব্যাগ' হিচাপে লিখা হয়, কিন্তু উচ্চাৰণ 'বেগ' হিচাপে কৰে। মোৰ বিবেচনাত আমাৰ সংশ্লিষ্ট শিৰোনামটোৰ অসমীয়া লিপ্যান্তৰ 'দি অ'ল্ড মেন এণ্ড দা ছী' হোৱাটোৱেই যুগুত। সন্তুলন মহন্ত (talk) 15:35, 29 ডিচেম্বৰ 2013 (UTC)

"দ্য অ'ল্ড মেন এণ্ড দ্য ছী" পৰা এটা পুনৰনিৰ্দেশ ৰাখি প্ৰবন্ধটো "দি অ'ল্ড মেন এণ্ড দা ছী" লৈ স্থানান্তৰ কৰাহ'ল। ‌‌‌প্রভাকৰ শৰ্মা নেওগ (talk) 13:10, 29 ডিচেম্বৰ 2013 (UTC)