বাৰ্তা:পাইথেগাৰাছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাইথাগ'ৰাছ নে পাইথাগোৰাচ/পাইথাগোৰাছ? প্রভাকৰ শৰ্মা নেওগ (talk) 14:52, 30 জুলাই 2014 (UTC)

এটাও শুদ্ধ নহয়!! ইং ৱিকিত দিয়া IPA উচ্ছাৰণ মতে /pɪˈθæɡərəs/ অৰ্থাৎ "পাইথেগাৰাছ" হে শুদ্ধ। প্রভাকৰ শৰ্মা নেওগ (talk) 06:28, 2 আগষ্ট 2014 (UTC)

গুগল ট্ৰান্সলেটৰে Pythagoras শব্দটো ইংৰাজীৰ পৰা গ্ৰীকলৈ অনুবাদ কৰিবলৈ দিলে গ্ৰীকত Πυθαγόρας বুলি লিখে আৰু উচ্ছাৰণটো "পিথাগ'ৰাচ" বুলি দিয়ে। এই উচ্ছাৰণ গ্ৰহণযোগ্য নহয়, কাৰণ-

  1. পাইথেগাৰাচৰ উচ্ছাৰণ ইং ৱিকিৰ মতে IPA /pɪˈθæɡərəs/ বুলি ইতিমধ্যে দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে উক্ত উচ্ছাৰণটোহে সৰ্বমান্য হোৱা উচিত।
  2. গ্ৰীক শব্দ এটা ইংৰাজীলৈ লিপ্যান্তৰ কৰি ইংৰাজী ভাষাৰ উচ্ছাৰণৰ সাধাৰণ নিয়ম অনুসৰি আকৌ উচ্ছাৰণ উলিয়াবলৈ গ'লে বহুত ক্ষেত্ৰত মূল উচ্ছাৰণ টো পোৱা নাযায়।
  3. গুগল ট্ৰান্সলেটৰৰ তথ্য সকলো ক্ষেত্ৰতে ১০০% শুদ্ধ বা নিৰ্ভৰযোগ্য বুলি দাবী কৰিব নোৱাৰি কাৰণ মেচিন ট্ৰান্সলেশ্যন এক জটিল বিষয় আৰু এতিয়ালৈকে এই প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণ শুদ্ধ অনুবাদ পাব পৰা হোৱা নাই। উচ্ছাৰণৰ ক্ষেত্ৰত কামটো আৰু জটিল।

মতামত আহ্বান কৰা হ'ল। এই বিষয়টো সমাধান নোহোৱালৈকে অনুগ্ৰহ কৰি মুল প্ৰবন্ধত পিথেগাৰাছৰ উচ্ছাৰণ সম্পৰ্কে আৰু একো নিলিখে যেন।

প্রভাকৰ শৰ্মা নেওগ (talk) 17:54, 3 আগষ্ট 2014 (UTC)


ইংৰাজী উচ্চাৰণটো উল্লেখ কৰি অসমীয়া অদ্য প্ৰচলিত নামটো ৰাখিলে কেনে হয়? হিন্দী ভাষাৰ ৱিকিত ইতিমধ্যে প্ৰচলিত হিন্দী ৰূপটোকে লোৱা হৈছে। উদাহৰণ ইয়াত পাব : https://hi.wikipedia.org/wiki/सुकरात

আনহে নালাগে গ্ৰীছ দেশকো হিন্দী ৱিকিপৃষ্ঠাসমূহত য়ুনান নামেৰেই অভিহিত কৰা হৈছে। গতিকে মই ভাবোঁ আমাৰ প্ৰচলিত উচ্চাৰণসমূহক ৰাখি থোৱাটো কোনো অযুক্তিকৰ কথা নহ'ব সদস্য:Santulan Mahanta (talk) 01:11, 4 আগষ্ট 2014

|p|ɪ|ˈ|θ|æ|g|ə|r|ə|s এইটোৰ উচ্চাৰণ IPA মতে 'পিথেগাৰাছ'হে। মূল প্ৰবন্ধত এইটো নাম ৰাখি বাকী নামাবোৰ পুনঃনিৰ্দেশ কৰি দিলেই হ'ল। কিন্তু ইংৰাজী ভাষাৰমতে সকলো উচ্চাৰণ কিজানি নাখাটিব। তেওঁলোকে আন ভাষাৰ শব্দ জিভাত নুফুটিলে নিজৰ সুবিধামতে উচ্চাৰণ এটা দি লয়। ফুটবলাৰৰ তালিকা এখন কৰোঁতে ম‌ই ইংৰাজীমতে নামবোৰ নাৰাখি স্থানীয় উচ্চাৰণমতে ৰাখিছিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 20:09, 3 আগষ্ট 2014 (UTC)
হয়, IPA মতে পিথেগাৰাছ হে হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 21:35, 3 আগষ্ট 2014 (UTC)
পাইথাগোৰাছপাইথেগাৰাছলৈ পুনঃনিৰ্দেশনা কৰা হৈছে --SlowPhoton (talk) 06:38, 23 August 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Pythagoras (Πυθαγόρας)
Bust of Pythagoras of Samos in the Capitoline Museums, Rome
সম্পূৰ্ণ নাম Pythagoras (Πυθαγόρας)
জন্ম c. 570 BC

Samos

মৃত্যু c. 495 BC (aged around 75)

Metapontum

যুগ Ancient philosophy
অঞ্চল Western philosophy
ধাৰা Pythagoreanism
আগ্ৰহ Metaphysics, Music, Mathematics,Ethics, Politics
উল্লেখযোগ্য কৰ্ম Musica universalis, Pythagorean tuning, Pythagorean theorem

পাইথাগোৰাছ , (ইংৰাজী ভাষাত:Pythagoras, /pɪˈθæɡərəs/;প্ৰাচীন গ্ৰীক: Πυθαγόρας ὁ Σάμιος Pythagóras ho Sámios "Pythagoras theSamian", বা Πυθαγόρας; আয়'নিয়ান গ্ৰীকত Πυθαγόρης) (আনুমানিক খ্ৰী:পূ: ৫৭০-খ্ৰী: পূ: ৪৯৫) আছিল প্ৰাচীন গ্ৰীছৰ গনিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক । তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায় । তেওঁৰ জন্ম হৈছিল গ্ৰীছৰ ছামোছত । পাইথাগোৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে । ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল । খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰিইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে । কোনো কোনোৱে বিশ্বাস কৰে যে পাইথেগাৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল । থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয় । পাইথেগাৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই । তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি । জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথাগোৰাছৰ সূত্ৰ’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয় । পঞ্চম শতিকাৰ মাজভাগত পাইথেগাৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয় । পাইথেগাৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল । পাছৰ দাৰ্শনিক এৰিষ্ট’টলএ এই সকলো ধাৰণাকে পাইথাগোৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে । পাইথাগোৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী৷ তেওঁ আছিল গণিত, দৰ্শন,জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত৷পাইথেগাৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায় ৷ তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে ৷ প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই (১, ২, ৩, ৪, ………..) যথেষ্ট নহয় ৷ তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰআৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেখেতে এহাতে সংখ্যাৰ লগতজ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে- তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল ৷ ত্ৰিভুজ,বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল ৷

তথ্যৰ মতভেদ[সম্পাদনা কৰক]

পাইথাগোৰাছৰ বিষয়ে থকা তথ্যসমোহৰ মাজত মতভেদ দেখা যায়। প্ৰায়বোৰ জীৱনীতে তেওঁক ঈশ্বৰীক আৰু পবিত্ৰ দেখোৱা হৈছে। তেওঁৰ শৰীৰৰ পৰা দৈবিক পোহৰ ওলোৱাৰ কথাও কোৱা হয়।

জীৱন[সম্পাদনা কৰক]

প্ৰায়বোৰ তথ্যৰ মতে তেওঁৰ জন্ম গ্ৰীচ দেশৰ চাম'চত, ব্যবসায়ী নেচৰ্কাচৰ ঘৰত প্ৰায় ৫৭০ খ্ৰীষ্টপূৰ্বত হৈছিল। তেওঁ ক্ৰেওফিলাচ, হাৰ্মদমাচ, বাইআচ, থেলেচ, এনেক্সিমেণ্ডাৰ, ফেৰেচাইদ্চ, থেমিষ্টীবা আদিৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা অৰ্জনৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ কথা জানিব পৰা যায়। শিক্ষিত হৈ তেওঁ চাম'চ এৰি ক্ৰতনলো গ'ল। বিভিনন পণ্ডিতে বিভিনন কাৰণ দেখুৱাই। ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য হ'ল।