বাৰ্তা:বিহু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


Collected from Facebook

..তৰা-ছিঙা বিহু...

অসমীয়া সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা আন এক বিহু হ’ল "তৰা-ছিঙা" বিহু | বিহুৰ আগজাননী অৰ্থাত্‍ বিহুৰ আৰম্ভনী অনুস্থান হ’ল "তৰাছিঙা" বিহু | চ’ত মাহৰ ৪ তাৰিখে এই বিহু অনুষ্ঠিত হয় | এই বিহুৰ আৰম্ভণিতে গাঁওবাসীয়ে গাঁৱৰে এজোপা বৰ গছৰ তলত বিহু থাপনা স্থাপন কৰে | কাৰণ গাঁওবাসীৰ লোক বিশ্বাস যে বৰগছত বিহু ডাঙৰীয়া থাকে আৰু সেই বৰ গছৰ তলত থাপনাৰ চাৰিখুটিত চাৰিজোপা তৰাগছ ৰোৱে | এই তৰাগছ গা...ঁওবাসীয়ে ঢোলতাল বজাই বিহুনাম গাই গাঁৱৰ হাবিৰ পৰা তুলি আনি বিহু থাপনাৰ চাৰিওদিশে ৰোপন কৰে, লগতে বৰগছৰ তলত পতা বিহু থাপনাখনত তামোল-পানৰ টোপোলা আৰু এটা ভূজনি দিয়ে | এইদৰে বিহুনামৰ মাজেৰে বিশেষ ৰীতি-নীতিৰে ৰঙালী বিহুৰ আগজাননীৰে অনুস্থিত হয় "তৰা-ছিঙা" বিহু | উল্লেখযোগ্য যে ব’হাগ মাহৰ সাত তাৰিখ অথাত্‍ সাত বিহুৰ দিনা গাঁওবাসীয়ে বিহু উৰুৱাই বৰগছৰ তলত থকা বিহু থাপনাখন তোলে | সাধাৰণতে বিহুৱা ডাঙৰীয়াই দোষ-দাই নধৰিবলৈ বুলি বৰগছৰ তলত থাপনা পাতিছোঁ, এই কথা জানিবলৈ দিয়ে, যিহেতু বিহু কৃষিভিত্তিক উত্‍সৱ আৰু তৰাগছ কৃষিৰ লগত জড়িত সেয়ে কৃষি ভাল হ’বৰ বাবেই তৰাগছক প্ৰতীক হিচাবে লৈ বিহু আগজাননীৰে এই বিহু পতা হয় | "তৰা-ছিঙা" বিহু বৰ্তমান প্ৰজন্মৰ মাজত আজিও একেবাৰে অপৰিচিত হৈয়ে আছে | টকা বিহু:

টকা বিহুৰ পৰম্পৰা মূলত: ঢকুৱাখানাৰ অঞ্চলৰ | এই অঞ্চলৰ মহিলা সকলে টকা বজাই বিহু নাম গাই বিহুমৰাৰ বাবে ৰঙালী বিহুৰ এই পৰম্পৰাক টকা বিহু নামেৰে জনাজাত হ’ল | ঢকুৱাখানাৰ অঞ্চলৰ মহিলা সকলে দৈনন্দিন কাম কাজ সামৰি চুবুৰীয়া গৃহিনী সকলৰ লগ লাগি ঘৰতে বাঁহৰ টকা আৰু গগণা বজাই ৰং ধেমালী কৰি বিহু মৰা প্ৰথাটোক টকা বিহু বোলে | টকা বিহু গাভৰু বিহুৰে নামান্তৰ বুলিব পাৰি | গাভৰু বিহু আৰু টকা বিহু প্ৰায় একেই | ইয়াত পুৰুষৰ স্থান নাই | পাৰ্থক্য কেৱল গাভৰু বিহুৰ দৰে এই বিহু বৰগছৰ তলত নামাৰি ঘৰতেই মৰা হ্য় | সেই বাবে এই বিহুক বহুতে "ঘৰ বিহু" বুলিও কয় | পূৰ্বৰ গাভৰু বিহুৰে ধৰুৱা ৰূপ, ইয়াত মহিলা সকলৰ প্ৰতিগৰাকীয়ে টকা বজাই বিহু মাৰে বাবেই সম্ভৱ এই বিহুৱে টকা বিহু নাম পালে |

Minor নাচনীৰ ফটো[সম্পাদনা কৰক]

বিহু নৃত্য যৌৱনৰ নৃত্য। ইয়াত সৰু ছোৱালী এজনীৰ ফটো দিয়া মোৰ পছন্দ হোৱা নাই। মই ফটোখন উঠাই দিলোঁ। কাৰোবাৰ কিবা আপত্তি থাকিলে ইয়াত লিখক। প্রভাকৰ শৰ্মা নেওগ (talk) 21:12, 27 মে' 2012 (UTC)

Hi There is a translation going on about this article in Bengali Wikipedia. But we are facing some difficulties during translation. If anyone from Assamese Wikipedia helps to translate the untranslated portions, we will be grateful. Thanks. -- Bodhisattwa (talk) 13:11, 13 ফেব্ৰুৱাৰী 2014 (UTC)

লগ ইন নকৰাকৈ বাৰে বাৰে কৰা সম্পাদনা[সম্পাদনা কৰক]

এপ্ৰিল মাহৰ পৰা আজিলৈকে এই প্ৰবন্ধটোত লগ ইন নকৰাকৈ মুঠ ১২ টা গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। গতিকে এই প্ৰবন্ধটো আংশিকভাৱে তলা লগাই কেৱল পঞ্জীয়নভুক্ত সদস্যইহে সম্পাদনা কৰিব পৰাকৈ ৰাখিবলৈ প্ৰস্তাৱ আগবঢ়ালো। প্ৰশাসকসকলে মন কৰিব। --Chiring chandan (talk) 10:12, 9 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাতি বিহুৰ অলপ ইতিহাস সংযোজন কৰাহেতেন ভাল আছিল।[সম্পাদনা কৰক]

কাতি বিহুৰ বিষয়ে খুব চমুকৈ উল্লেখ কৰা আছে । ইয়াৰ বিষয়ে অলপ বিতংকৈ উল্লেখ কৰিলে ছাত্ৰ-ছাত্ৰীসকল লাভম্বিত হ'ব । 2409:4065:D8F:4A94:0:0:E1C9:9D04 15:54, 19 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]