বাৰ্তা:বুধ গ্ৰহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত বুধ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ৷ ই আকাৰত পৃথিৱীতকৈ সৰু৷ বুধৰ ব্যাস প্ৰায় ৪,৮৫১ কিলোমিটাৰ৷ বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ সূৰ্যৰ পৰা বুধৰ গড় দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ৷ সূৰ্যৰ চাৰিওফালে এপাক ঘুৰিবলৈ ৮৭.৯৭ পৃথিৱী-দিন সময় লাগে৷

বুধৰ পৃষ্ঠভাগ শিলাময়, শুকান৷ ইয়াত ঠায়ে ঠায়ে বহল সমভুমি, থিয় গৰা আৰু দ ফাঁক আদিও পোৱা যায়৷

দিনৰ ভাগত বুধৰ তাপমাত্ৰা বাঢ়ি গৈ প্ৰায় ৩৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ এইদৰে ৰাতিৰ ভাগত অতি কমি প্ৰায় -১৯৩ ডিগ্ৰী চেলছিয়াছ মান পাইগৈ৷

বুধৰ বায়ুমণ্ডলত অতি কম পৰিমাণে হাইড্ৰোজেন, আৰ্গন, নিয়ন আদি গেছ আছে৷ বায়ুমণ্ডলৰ বেছিভাগেই হিলিয়াম গেছেৰে ভৰা৷ এনে বায়ুমণ্ডলত জীৱৰ স্থিতি অসম্ভৱ৷ বুধৰ কোনো উপগ্ৰহ নাই৷

--অম্লান জ্যো ব 17:31, 26 জানুৱাৰী 2012 (UTC)