বাৰ্তা:শ্ৰীনিবাস ৰামানুজন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোন ব্ল'গ ? Gitartha.bordoloi 09:12, 19 জানুৱাৰী 2012 (UTC)

অনামিকা বৰুৱাৰ লিখনি[সম্পাদনা কৰক]

অনামিকা বৰুৱা নতুন সদস্য, ফেচবুকত আমি কথা বতৰা হৈ থাকো| তেখেতে নিজেই অসমীয়া ৱিকিত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে| কিন্তু প্ৰবন্ধসমূহ হুবহু তুলি দিয়াৰ বাবে অলপ অসুবিধা হৈছে| ম‍ই এই বিষয়ে বাৰ্তা দিছো| ইচ্ছুকজনে তেখেতক অলপ সহায় কৰিবা| ৰামানুজন প্ৰবন্ধটো কাট কুট কৰি দৰকাৰীখিনি ৰাখিব পৰা যাব| নতুন বাবে ম‍ই তেখেতক ৱিকিপিডিয়াৰ লিখনশৈলী সম্পৰ্কে বৰ বিশেষ জোৰ দিয়া নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:14, 17 মাৰ্চ 2012 (UTC)

ৱিকিপিডিয়া:Your first article‎ৰ পৰা লৈ অনা হ’ল:-

শ্ৰীনিবাস ৰামানুজন......

বিশ্ববিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামনুজনৰ জন্ম হয় ১৮৮৮ চনৰ ২২ ডিচেম্বৰত দক্ষিণ ভৰতৰ ইৰোডত| তেওঁৰ দেউতাক এজন কাপোৰ ব্যৱসায়ীৰ হিচাপ ৰক্ষক আছিল| পাঁচ বছৰ বয়সত ৰামানুজন প্ৰথম পঢ়াশালিত ভৰ্তি হৈছিল| কিন্তু দুবছৰৰ ভিতৰতে তেওঁ সেই পঢ়াশালিৰ পৰা গৈ কুম্ভকোনামৰ হাইস্কুলত বিনামূলীয়া শিক্ষা লাভৰ সুবিধা লাভ কৰে| শিক্ষা গ্ৰহণৰ সেই প্ৰাৰম্ভিক কালতে ৰামানুজনে অসাধাৰণ মেধাৰ পৰিচয় দি সকলোকে সচকিত কৰি তোলে| তেওঁৰ বিশেষ ধৰণৰ আগ্ৰহ দেখা যায় গণিত আৰু সংস্কৃত এই দুটা বিষয়ৰ প্ৰতি| মাত্ৰ ১০ বছৰ বয়সতে এই দুয়োটা বিষয়ত ৰামানুজনে যি অদ্ভুত পাৰদৰ্শিতা দেখুৱায়, তালৈ লক্ষ্য কৰি সেই সময়তে সকলোৱেই আশা কৰে যে সেই অদ্ভুত মেধাসম্পন্ন শিশুটি এদিন হয়্তো কোনো এটা ক্ষেত্ৰত ভৰতৰ গৰ্বৰ স্থল হ’ব| পঢ়া-শুনাক লৈ ব্যস্ত হৈ থকাৰ বাহিৰে ৰামানুজনে অন্য একো খেলা-ধূলা ভাল নাপাইছিল| আজৰি সময়ত বাহিৰা কিতাপ-পত্ৰ একোখন পঢ়িলেও তেওঁৰ প্ৰিয় বিষয় গণিত অথবা সংস্কৃত ভাষা-সাহিত্য বিষয়ক গ্ৰন্থহে পঢ়িছিল| এই দিশৰ পৰা তেওঁ ’বাহিৰা কিতাপ’ হিছাপে সেই বয়সতে (অৰ্থাত্‌ ১০/১২ বছৰতে) অধ্যয়ন কৰিছিল বিশ্ববিখ্যাত গণিতজ্ঞ কাৰ’ৰ Synopses of Pure Mathematics গ্ৰন্থখন| এই গ্ৰন্থই তেওঁ কোমল মনত গভীৰ প্ৰভাৱ পেলায়| তেওঁ সেই গ্ৰন্থত থকা সূত্ৰ সমূহৰ আধাৰত কেতবোৰ নতুন উপপাদ্য উদ্ভৱ কৰি তেওঁৰ সহপাঠী সকলৰ আগত তাক বিশ্লেষণ কৰিও দেখুৱায়| কুম্ভকোনামৰ সেইখন বিদ্যালয়ৰ পৰাই ১৯০৪ চনত ৰামানুজনে ’মেট্ৰিক’ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ’সুব্ৰমন্য বৃত্তি’ লাভ কৰি কুম্ভাকোনাম চৰকাৰী কলেজত পঢ়িবলৈ লয়| কিন্তু কুম্ভকোনাম চৰকাৰী কলেজত প্ৰৱেশ লাভ কৰাৰ পিছৰে পাৰা তেওঁ কেৱল গণিতৰ চৰ্চাতেই সময় কটাবলৈ ধৰে আৰু তাৰেই ফলস্বৰূপে বাকী বিষয় সমূহত আশানুৰূপ সুফল লাভ কৰাত অসমৰ্থ হয়| প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত কেৱল গণিতৰ বাহিৰে আন প্ৰায়বোৰ বিষয়তে তেওঁ অকৃতকাৰ্য্য হয় আৰু দ্বিতীয় বাৰ্ষিকলৈ উন্নীত হ’ব নোৱাৰাৰ বাবে তেওঁ ’জলপানি’ হেৰুৱাব লগা হয় আৰু ইয়াৰ লগে লগে অৰ্থৰ অভাৱত কলজীয়া শিক্ষা বাদ দিব লগা হয়| ইয়াৰ পিছত অ’ত ত’ত চাকৰিৰ সন্ধানত ঘূৰি ফুৰিয়েই ৰামানুজনে বহু সময় অপচয় কৰে| অৱশ্যে ইয়াৰ মাজতে ১৯০৬ চনত তেওঁ এবাৰ পৰীক্ষাত বহে, কিন্তু তাতো অকৃতকাৰ্য্য হৈ হতাশ হৈ পৰে| ইয়াৰ পিছৰ কেইটামান বছৰ ৰামানুজনে পাৰ কৰে প্ৰায় অৰ্দ্ধাহাৰে| গভীৰ অৰ্থ সংকটৰ সমুখত তেওঁ হৈ পৰে দিশহাৰা| কিন্ত পেটৰ ভোকত বহু নিশালৈ তেওঁ উজাগৰে কটাবলগীয়া হোৱা সময়তো তেওঁৰ মনে বিচাৰি ফুৰে গণিতৰ একোটা সূত্ৰৰ সমাধান| সেই আৰ্থিক অনাটন আৰু তাৰ পৰা উদ্ভৱ হ’ব পৰা সকলো সমস্যাৰ মাজতো তেওঁ নিজৰ অধ্যয়ন চলাই যোৱাৰ লগতে সমাধানৰ ওপৰত ৰচনা কৰে এখন মূল্যবান গ্ৰন্থ| ১৯০৯ চনত ৰামানুজনে বিয়া কৰায় আৰু পুনৰবাৰ চাকৰিৰ বাবে চেষ্টা চলাবলৈ ধৰে| সেই সময়তে তেওঁ ভাৰতীয় গণিত সমাজৰ প্ৰতিষ্ঠাতা ভি.ৰামস্বামী আয়াৰৰ সংস্পৰ্শলৈ আহে| একে সময়তে তেওঁ পৰিচিত হয় নেলোৰৰ জিলা প্ৰশাসক দেৱান বাহাদুৰ ৰামচন্দ্ৰৰ ৰাওৰ হৈতে| গণিতৰ এজন পৃষ্ঠপোষক হিছাপে এই ৰামচন্দ্ৰ ৰাওৱে, ৰামানুজনে এইক্ষেত্ৰত চলোৱা তেওঁৰ গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিবৰ বাবে তেওঁলৈ আৰ্থিক সাহায্য আগবঢ়ায়| অৱশ্যে ৰামচন্দ্ৰ ৰাওৰ ওপৰত নিজে বোজা হ’বলৈ নিবিচাৰি সেই সাহায্য বিনম্ৰতাৰে প্ৰত্যাখান কৰে আৰু মাদ্ৰাজ পৰ্ট ট্ৰাষ্টৰ অধীনত এটা অতি সাধাৰণ চাকৰি গ্ৰহণ কৰে| ১৯১১ চনত মাদ্ৰাজ পৰ্ট ট্ৰাষ্টৰ চাকৰি গ্ৰহণ কৰাৰ বছৰতেই ’Journal of Indian Mathematical Society’ত প্ৰকাশ পায় ৰামানুজনৰ এটি চিন্তাগধুৰ নিৱন্ধ Some Properties of Bernoulli’s members আৰু গণিতৰ কিছুমান জটিল প্ৰশ্নৰ আকাৰত আন এটি নিবন্ধ| তেওঁৰ এই নিবন্ধ দুটি অৱশ্যে সাধাৰণ পঠকৰ বাবে একেবাৰে দুৰ্বোধ্য হয়| সেই সময়ত ৰামানুজন চৰ্চাৰ বিষয় আছিল ’মৌলিক সংখ্যাৰ উপপাদ্য’| বিখ্যাত গণিতজ্ঞ প্ৰফেচাৰ জি. এইচ.হাৰ্ডিয়ে তেওঁৰ ’Orders of Infinity’ নামৰ গণিতৰ এখন ৰচনাত উত্থাপিত কৰা ’প্ৰব্লেম’ সমূহৰ সমাধান সূত্ৰ তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল| ৰামানুজনে সেই সকলো প্ৰব্লেমৰ সমাধান উলিওৱাৰ লগে লগে সেই সময়ত কেমব্ৰিজ বিশ্ববিদ্যালয়ত কাৰ্যৰত প্ৰফেছাৰ হাৰ্ডিয়ে এই বিষয়ে জানিবলৈ পায় আৰু ইয়াৰ পিছতে ৰামানুজনৰ হৈতে গ্ঢ় লৈ উঠে তেওঁৰ এক মধুৰ সম্পৰ্ক| এই সম্পৰ্কৰ আধাৰেতেই পৰৱৰ্তী কালত ৰামানুজনৰ প্ৰতিভাই বিকাশ লাভ কৰাৰ সুবিধা পায়| এই সময়তে ৰামানুজনৰ চিনাকি হয় আন এজন বিখ্যাত গণিতজ্ঞ, এসময়ৰ ’ট্ৰিনিটি কলেজৰ গণিতৰ অধ্যাপক ড: জি টী ওৱকাৰৰ সৈতে| ড: ওৱকাৰ সেই সময়ত ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক হিছাপে কৰ্মৰত আছিল| ৰামানুজনৰ সৈতে হোৱা প্ৰথম সাক্ষাতৰ পিছত ড: ওৱেকাৰে গণিত বিষয়টোৰ ওপৰত থকা ৰামানুজনৰ অসাধাৰণ পাণ্ডিত্যৰ ভু পায় আৰু এই ক্ষেত্ৰত চিন্তা-চৰ্চা চলাই নিবৰ বাবে তেওঁলৈ মাহে ৭৫ টকাৰ এটি বৃত্তি আগবঢ়ায়| ইয়াৰ লগে লগে ড: ওৱেকাৰে ৰামানুজনক ইংলণ্ডলৈ পঠোৱাৰ চেষ্টা চলাবলৈ ধৰে| অৱশেষত তেওঁৰেই নিৰন্তৰ প্ৰচেষ্টাত ১৯১৪ চনত এপ্ৰিল মাহত ৰামানুজন ইংলণ্ডত উপস্থিত হয়গৈ| ইংলণ্ডত ৰামানুজনে ২৫০ পাউণ্ডৰ এটি বৃত্তি লাভ কৰে| ইয়াৰে ৫০ পাউণ্ড তেওঁ ভাৰতত থকা পৰিয়ালবৰ্গৰ ভৰণ-পোষণৰ বাবে পঠায় আৰু ২০০ পাউণ্ড তেওঁৰ নিজা খৰছৰ বাবে ৰাখে| এই বৃত্তিৰ উপৰিও তেওঁ ট্ৰিনিটি কলেজৰ পৰা লাভ কৰে ৬০ পাউণ্ডৰ আন এটি বৃত্তি| এটা অতি সহজ সাধৰণ জীৱনত অভ্যস্ত ৰামানুজনৰ কাৰণে এই পৰিমাণৰ ধন তেওঁৰ প্ৰয়োজনতকৈ বহু বেছি আছিল| সেয়ে তেওঁ ইয়াৰ মাজৰ পৰা গধূৰ পৰিমাণৰ ধন সাঁচিব পাৰিছিল| ইয়াৰ পিছত ৰামানুজনে সম্পূৰ্ণ একাগ্ৰতাৰে চলাই যাবলৈ ধৰে তেওঁৰ গৱেষণামূলক চৰ্চা| তেওঁৰ গৱেষণাত সকলো প্ৰকাৰে সহায় আগবঢ়াই যাবলৈ ধৰে প্ৰফেছাৰ হাৰ্ডিয়ে| এটা সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত প্ৰায় চাৰিবছৰ কাল কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা চলাই ৰামানুজনে গণিত শাস্ত্ৰত সংযোগ কৰে বহুতো নতুন নতুন সূত্ৰ আৰু ’নাম্বাৰ থিয়ৰি’ শীৰ্ষক এটি নতুন অধ্যায় গণিতশাস্ত্ৰত সংযোজিত কৰে| ৩১ বছৰ বয়সত ১৯১৮ চনত ৰামানুজনক ’ৰয়েল চছাইটি’ৰ ফেলোশিপ প্ৰদান কৰা হয় আৰু সেই একে বছৰতে, গণিতশাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ট্ৰিনিটি কলেজৰ ফেলো হিছাপে সন্মানিত কৰা হয়| ১৯১৯ চনত ৰামানুজন ভাৰতলৈ ঘূৰি আহে| কিন্তু ইতিমধ্যে ইংলণ্ডত থকা সময়তে দুবাৰকৈ মাৰাত্মক অসুখত ভোগা এই অনন্য সাধাৰণ গণিতজ্ঞ গৰাকী বেছিদিন জীয়াই থাকিবলৈ নাপালে| ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁৰ স্বাস্থ্য পুনৰ বৰ বেয়াকৈ ভাগি পৰে আৰু ১৯২০ চনৰ ১৬ এপ্ৰিল তাৰিখে মাদ্ৰাজত শেষ নিশ্বাস ত্যাগ কৰে| সেই সময়ত অসাধাৰণ প্ৰতিভাসম্পন্ন এই গণিতজ্ঞ গৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ| (আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা কনকসেন ডেকা)