বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ ১৭২৬ চনৰ ৰূপচিত্ৰ(পোট্ৰেইত)ৰ আলোকচিত্ৰ । মূল চিত্ৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হেৰাল ।

বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি ডি ফ্ৰানচেস্কো (৪ মে' ১৬৫৫- ২৭ জানুৱাৰী ১৭৩১)ইটালীৰ এজন বাদ্যযন্ত্ৰ নিৰ্মাতা আছিল যাক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে সাধাৰণতে গণ্য কৰা হয় । (বিঃদ্ৰঃ-ফৰ্তেপিয়ানো হৈছে পিয়ানোৰ আদিম প্ৰকাৰ)

জীৱন[সম্পাদনা কৰক]

ক্ৰিষ্টফ'ৰিৰ পিয়ানো সমূহ[সম্পাদনা কৰক]

ৰোম চহৰৰ "মিউজিঅ' নেজিয়নেল ডেগলি ষ্ট্ৰোমেণ্টি মিউজিকেলি"ত সংৰক্ষিত ১৭২২ চনত নিৰ্মিত ক্ৰিষ্টফ'ৰি পিয়ানো ।

ক্ৰিষ্টফ'ৰিয়ে কেইখন পিয়ানো নিৰ্মাণ কৰি উলিয়াইছিল সেই কথা সঠিক ভাৱে জনা নাযায় । তেওঁ ১৭২০ৰ দশকত নিৰ্মাণ কৰা মাত্ৰ তিনিখন পিয়ানোহে বৰ্তমান পোৱা যায় ।

  • প্ৰথমখন নিউ য়ৰ্ক চহৰত অৱস্থিত "মেট্ৰ'পলিটান মিউজিয়াম (সংগ্ৰহালয়)"ত পোৱা যায় । এইখন পিয়ানোৰ বহু অংশ পৰৱৰ্তী সময়ত সলনি কৰা হয় । সেয়ে বহুতে ইয়াৰ পৰা সেই পুৰণা প্ৰকাৰৰ শব্দ বা সুৰ নোলায় বুলি ভাৱে ।
  • দ্বিতীয়খন ৰোম চহৰৰ "মিউজিঅ' নেজিয়নেল ডেগলি ষ্ট্ৰোমেণ্টি মিউজিকেলি"ত সংৰক্ষিত হৈ আছে । বৰ্তমান ই বজাব পৰা অৱস্থাত নাই ।
  • তৃতীয়খন লেইপজিগ বিশ্ববিদ্যালয়ৰ বাদ্যযন্ত্ৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে । বৰ্তমান ইয়ো বজাব পৰা অৱস্থাত নাই যদিও ইয়াৰ পূৰ্বৰ ৰেকৰ্ডিং সমূহ পোৱা যায় ।

উল্লেখযোগ্য যে তিনিওখন পিয়ানোত লেটিন ভাষাত লিখা আছে "BARTHOLOMAEVS DE CHRISTOPHORIS PATAVINUS INVENTOR FACIEBAT FLORENTIAE [date]" য'ত তাৰিখ লিখা আছিল ৰোমান নম্বৰত । কথাষাৰিৰ অৰ্থ হৈছে "পাদোৱাৰ বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ দ্বাৰা [date] তাৰিখে ফ্লোৰেন্সত নিৰ্মিত ।

ক্ৰিষ্টফ'ৰিৰ সোঁৱৰণত ওলোৱা গুগল দুদল[সম্পাদনা কৰক]

গুগলএ বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ ৩৬০ সংখ্যক জন্মদিনৰ উপলক্ষে এটি আকৰ্ষণীয় গুগল দুদল উলিয়াই ।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]