বিঘা
বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল, বাংলাদেশ আৰু ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰু অসমত ব্যৱহাৰ কৰা হয়। 'বিঘা'ৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গমিটাৰত এক বিঘা হয় বুলি পোৱা যায়। কিছু সৰু অঞ্চলত ১ বিঘাক ১২,৪০০ বৰ্গমিটাৰ বুলিও ধৰা হয়।
সূচী |
[সম্পাদনা কৰক] ভাৰতৰ ৰাজ্য সমূহত বিঘাৰ ব্যৱহাৰ
পাৰম্পৰিক ভাৱে ভাৰতৰ বিভিন্ন ৰাজ্যত বিঘা মাটিকালিৰ ওখৰ একক। অসমকে ধৰি কেবাখনে ৰাজ্যত 'বিঘা'ৰ জোখতে ভূ-সম্পত্তিৰ বেচা-কিনা হয়। অঞ্চলভেদে বিঘাৰ জোখ ভিন্ন হয়।
- অসমত এক বিঘা মাটি ১৪,৪০০ বৰ্গ ফুটৰ সমান। এক বিঘাক ৫ কঠা ভাগত ভগোৱা হয়। ২০ লেচা-ই এক কঠা বুজায়। এক লেচাৰ ফুট পদ্ধতিত জোখ হয় ১৪৪ বৰ্গ ফুট। এই হিচাপত এক কঠা কালিৰ পৰিমাণঃ ২৮৮০ বৰ্গ ফুট (এই জোখ কেতিয়াবা ভিন্ন হয়।[উদ্ধৃতিৰ প্ৰয়োজন])
- বিহাৰৰ অঞ্চলভেদে বিঘাৰ বেলেগ বেলেগ জোখ মনা হয়। পাটনাৰ কাষৰীয় অঞ্চলসমূহত, ১ বিঘাৰ জোখ ২০ কঠাৰ সমান, প্ৰতি কঠাৰ জোখ ১৩৬১ বৰ্গ ফুট। প্ৰতিটো কঠাক ২০ ঢুৰৰ (धुर) সমান ভাগত ভগোৱা হয়। সেয়ে ১ ঢুৰ প্ৰায় ৬৮.০৬ বৰ্গ ফুটৰ সমান।
- হিমাচল প্ৰদেশত ৫ বিঘাক ১ একৰ-ৰ সমান হিচাপে লোৱা হয়।
- মধ্য ভাৰতৰ ক্ষেত্ৰসমূহত ১ বিঘাৰ মান ৩০২৫ বৰ্গ গজ (yard) বা ৫/৮ একৰ (০.২৫২৯) বুলি ধাৰ্য্য কৰা হৈছে।
- মধ্য প্ৰদেশত ১ কঠা=৬০০ বৰ্গ ফুট।
- উত্তৰ প্ৰদেশত ১ বিঘাক ২০ বিশ্ব-ৰ (BIswas) সমান বুলি ধৰা হয়। এক বিশ্বৰ জোখ ১২৫ বৰ্গ মিটাৰ বা ১৫৪.৩২ বৰ্গ গজ। সেয়ে, ১ বিঘা=০.২৫ হেক্টৰ (=২৫০০ বৰ্গ মিটাৰ বা ৩০৮৭.৪১ বৰ্গ গজ)। পশ্চিম উত্তৰ প্ৰদেশত এই জোখৰ সামান্য সলনি হয়। এই অঞ্চলত ১ বিঘা = ২০ বিশ্ব = ৬০ ডেচিমেল (Decimal) = ২৪২৮.৮০ বৰ্গ মিটাৰ।
- উত্তৰাখণ্ড ৰাজ্যত ১ বিঘাক ১৯ বিশ্ব বা ১২ নালিত ভগোৱা হয়। ইয়াত এক বিঘাৰ জোখ ৯৬৮ বৰ্গ গজ বা ৮০০ বৰ্গ মিটাৰ।
- পশ্চিম বংগত ব্ৰিটিছ ৰাজত্বৰ কালত এক বিঘাৰ মান্য জোখ ১৬০০ বৰ্গ গজ বুলি ধাৰ্য্য কৰা হয়। (১৬০০ বৰ্গ গজ = ০.১৩৩৮ হেক্টৰ বা ০.৩৩০৬ একৰ)। এই জোখক ১ একৰৰ ৩ ভাগৰ ১ অংশ বুলি চমুৱাই লোৱা হয় (প্ৰকৃত জোখ ৪০/১২১ একৰ)। মেট্ৰিক পদ্ধতিত ১ বিঘা হয়গৈ ১৩৩৩.৩৩ বৰ্গ মিটাৰ।
[সম্পাদনা কৰক] নেপালত বিঘাৰ ব্যৱহাৰ
নেপালত এক বিঘা = ৬,৭৭২.৬৩ বৰ্গ মিটাৰ। চৰকাৰী ভাৱে মাটি-কালিৰ জোখৰ বাবে 'বিঘা' (টেৰাই অঞ্চলত) আৰু 'ৰোপ্নি' (रोपनी) (পাৰ্বত্য অঞ্চলত) ব্যৱহাৰ কৰা হয়। নেপালত মাটি-কালিৰ জোখৰ বাবে মেট্ৰিক পদ্ধতিৰ ব্যৱহাৰ খুব কম।
বিঘাৰ হিচাপৰ কালিৰ জোখঃ
- ১ বিঘা = ২০ কঠা (প্ৰায় ৬,৭৭২.৬৩ মি² ৭২,৯০০ বৰ্গ ফুট)
- ১ কঠা = ২০ ঢুৰ (धुर) (প্ৰায় ৩৩৮.৬৩ মি² বা ৩,৬৪৫ বৰ্গ ফুট)
- ১ ঢুৰ = ১৬.৯৩ মি² বা ১৮২.২৫ বৰ্গ ফুট
- ১ বিঘা = ১৩.৩১ ৰোপ্নী (रोपनी)
- ১ ৰোপ্নী = ১৬ আনা (आना) (প্ৰায় ৫০৮.৭২ মি² বা ৫৪৭৬ বৰ্গ ফুট)
- ১ আনা = ৪ পইচা (पैसा) (প্ৰায় ৩১.৮০ মি² বা ৩৪২.২৫ বৰ্গ ফুট)
- ১ পইচা = ৪ দাম (दाम) (৭.৯৫ মি²)
- ১ বিঘা = ১৭৭৬৪ বৰ্গ মিটাৰ
ওপৰৰ বিভিন্ন ৰোপ্নী জোখৰ মেট্ৰিক মানঃ
- ১ বিঘা = .৬৭৭২৬৩ হেক্টৰ = ১.৬৭৩৫ একৰ = ১৩.৩১ ৰোপ্নী
- ১.৫ বিঘা = ১ হেক্টৰ
- ১ হেক্টৰ = ১৯.৯৯৫ ৰোপ্নী
- ১ ৰোপ্নী = ৫০৮.৮৩৭৭১ মি²
[সম্পাদনা কৰক] বাংলাদেশত বিঘাৰ ব্যৱহাৰ
বাংলাদেশত এক বিঘাক ২০ কঠাৰ সমান বুলি ধৰা হয়। ১ কঠা প্ৰায় ৭২০ বৰ্গ ফুটৰ (৬৬.৮৯ বৰ্গমিটাৰ) সমান। অৱশ্যে মেট্ৰিক পদ্ধতিৰ প্ৰচলনৰ পাছৰেপৰা কঠাৰ ব্যৱহাৰ কমি আহিছে।
- ১ কঠা = ৭২০ বৰ্গ ফুট
- ২০ কঠা = ১ বিঘা
- ৩ বিঘা = প্ৰায় ১ একৰ (১৬০০ ব্ৰগ গজ)
- ১ বিঘা = ১৪,৪০০ বৰ্গফুট
বাংলাদেশৰ নোৱাখলি অঞ্চলত মাটি-কালিৰ জোখৰ বাবে গন্ডা-কৰা-কনি পদ্ধতিৰ প্ৰয়োগো আছেঃ
- ৪ কৰা = ১ গন্ডা
- ২০ গন্ডা = ১ কনি
- ১২০ দশমিক (Decimal) = ১ কনি
- ৮০ কৰা = ১ কনি
- ১ গন্ডা = ৮৬৪ বৰ্গফুট
- ১ কনি = ১৭,২৮০ বৰ্গফুট
[সম্পাদনা কৰক] ফিজি-ত বিঘাৰ ব্যৱহাৰ
ফিজি দেশৰ ভাৰতীয় মূলৰ লোকে ব্যৱহাৰ কৰা 'ফিজি-হিন্দী' ভাষাত মাটিৰ জোখৰ বাবে বিঘাৰ ব্যৱহাৰ আছে। এই ব্যৱস্থাত ১ বিঘাক ১ একৰৰ সমান বুলি ধৰা হয়।