বিদ্যুৎ চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যুৎ চক্ৰৱৰ্তী
জন্ম ১ জানুৱাৰী, ১৯৬০
গুৱাহাটী, অসম
মৃত্যু ১৫ এপ্ৰিল, ২০১৫
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী মুনমী ঠাকুৰ

বিদ্যুৎ চক্ৰৱৰ্তী (ইংৰাজী: Bidyut Chakrabarty) (জ. ১ জানুৱাৰী, ১৯৬০ - মৃ. ১৫ এপ্ৰিল, ২০১৫) এগৰাকী দক্ষ অসমীয়া অভিনেতা আৰু চলচিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক। বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰথমে সহকাৰী পৰিচালক ৰূপে কাম কৰে আৰু 'ৰাগ-বিৰাগ' (১৯৯৬) ছবিৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। ছাত্ৰাৱস্থাৰপৰাই মঞ্চত অভিনয় কৰা চক্ৰৱৰ্তীয়ে পাছলৈ চলচ্চিত্ৰতো অভিনেতাৰূপে কাম কৰে। অনাতাৰ শিল্পী হিচাপেও বিদ্যুৎ চক্ৰৱৰ্তীয়ে অভিনয় কৰিছিল। তেখেতে পৰিচালনা কৰা আন কেইখনমান চলচ্চিত্ৰ হ'ল, 'নিষিদ্ধ নদী' (১৯৯৮),'গুণ গুণ গানে গানে', 'অনুৰাগ' (২০০৫) আৰু 'দুৱাৰ' (২০১৩)। কেমেৰাৰ সন্মুখত বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰথম পৰিচালনা কৰিছিল 'কুকুৰনেচীয়া মানুহ' নামৰ এখন টেলিফিল্ম। 'ৰাগ-বিৰাগ' ছবিৰ বাবে বিদ্যুৎ চক্ৰৱৰ্তীয়ে পৰিচালকৰ প্ৰথম ছবিৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেখেতৰ 'দুৱাৰ' ছবিখনে ২০১৩ চনত পূব মণ্ডলৰ প্ৰথম ফিল্মফেয়াৰ বঁটাত শ্ৰষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল। চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক মণ্ডলীৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

জন্ম আৰু পিতৃ-মাতৃ[সম্পাদনা কৰক]

বিদ্যুৎ চক্ৰৱৰ্তীৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ভূৱনেশ্বৰ চক্ৰৱৰ্তী আৰু মালতী চক্ৰৱৰ্তী। গুৱাহাটীত জন্মগ্ৰহণ কৰা বিদ্যুৎ চক্ৰৱৰ্তীয়ে বাণিজ্যৰ স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। কিন্তু স্নাতক পৰ্যায় পাছ কৰাৰ আগৰেপৰাই চক্ৰৱৰ্তীয়ে মঞ্চ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।[1]

চলচ্চিত্ৰ পৰিচালনা[সম্পাদনা কৰক]

ছাত্ৰাৱস্থাতে অভিনয় কৰিবলৈ আৰম্ভ কৰা বিদ্যুৎ চক্ৰৱৰ্তী গুৱাহাটীৰ বিভিন্ন এমেচাৰ নাট্য গোষ্ঠীৰ লগত জড়িত আছিল। পাছলৈ তেখেতে ড. ভবেন্দ্ৰনাথ শইকীয়া, পুলক গগৈ আদিৰ সৈতে সহকাৰী চলচ্চিত্ৰ পৰিচালক হিচাপে কাম কৰে। ১৯৮৫ চনত বিদ্যুৎ চক্ৰৱৰ্তীয়ে নাট্যকাৰ অৰুণ শৰ্মাৰ 'কুকুৰনেচীয়া মানুহ' নাটকখনিক টেলিফিল্ম হিচাপে প্ৰথমবাৰৰ বাবে পৰিচালনা কৰে।[1]

ৰাগ-বিৰাগ (১৯৯৬)[সম্পাদনা কৰক]

১৯৯৬ চনত বিদ্যুৎ চক্ৰৱৰ্তীয়ে স্বাধীনভাৱে পৰিচালনা কৰে 'ৰাগ-বিৰাগ'। ৰাগ-বিৰাগ চলচ্চিত্ৰখনে পৰিচালকৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা উপৰিও ছবিখনৰ কেমেৰামেন মৃণালকান্তি দাস-এ অদাহ্য আৰু ৰাগ-বিৰাগৰ কামৰ বাবে যৌথ ভাৱে শ্ৰেষ্ঠ কেমেৰামেনৰ ৰাষ্ট্ৰীয় বঁটা আৰু ছবিখনৰ সম্পাদক শ্ৰীকৰ প্ৰসাদে শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[3] ইজিপ্টৰ কাইৰো চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হয়। লগতে 'ৰাগ-বিৰাগ' ১৯৯৭ চনৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 'ইণ্ডিয়ান পেনোৰামা' শাখাৰ উদ্বোধনী ছবি হিচাপেও নিৰ্বাচিত হৈছিল।[2] ইণ্ডিয়ান পেনোৰামা-ত উদ্বোধনীত ছবি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি আছিল 'ৰাগ-বিৰাগ'।

নিষিদ্ধ নদী (১৯৯৮)[সম্পাদনা কৰক]

১৯৯৮ বিদ্যুৎ চক্ৰৱৰ্তীৰ পৰিচালিত দ্বিতীয়খন ছবি 'নিষিদ্ধ নদী' মুক্তি দিয়া হয়। 'নিসিদ্ধ নদী' ১৯৯৮ চনৰ কলিকতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হয়, আৰু ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পাঁচটা বঁটা লাভ কৰে।

গুণ গুণ গানে গানে (২০০২)[সম্পাদনা কৰক]

বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত তৃত্বীয়খন ছবি 'গুণ গুণ গানে গানে' (২০০২)। বাণ্যিজ্যিক ধাৰাৰ এই ছবিখন মুক্তি দিয়া হৈছিল ২০০২ চনত, আৰু বাণিজ্যিক দিশত সফল ছবি হিচাপে পৰিগণিত হৈছিল।

অনুৰাগ (২০০৪))[সম্পাদনা কৰক]

চতুৰ্থখন পৰিচালিত ছবি 'অনুৰাগ'। মুক্তি দিয়া হৈছিল ২০০৪ চনত।

দুৱাৰ (২০১৩)[সম্পাদনা কৰক]

২০১৩ চনত বিদ্যুৎ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰে 'দুৱাৰ'। অৰুণ শৰ্মাৰ কাহিনীৰে ওপৰত আধাৰিত 'দুৱাৰ' ছবিখনে ২০১৩ চনৰ প্ৰথম পূৱ মণ্ডল ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ ছবি হিচাপে পুৰস্কৃত হোৱাৰ উপৰিও ছবিখনে শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বঁটা লাভ কৰে।[4]

মঞ্চ অভিনেতা আৰু পৰিচালক[সম্পাদনা কৰক]

বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰথমে মঞ্চ অভিনেতাৰূপে সাংস্কৃতিক জগতৰ লগত জড়িত হৈছিল। তেখেতৰ অভিনয়েৰে সমৃদ্ধ কেইখনমান নাটক হ'ল 'মৃত্যুঞ্জয়', 'অন্তৰংগ আলাপ', 'ভয়' আদি। চলচ্চিত্ৰতো চক্ৰৱৰ্তীয়ে নিয়মীয়াকৈ অভিনয় কৰিছিল। তেখেতে অভিনয় কৰা উল্লেখযোগ্য ছবি হ'ল 'কোলাহল', 'গ্ৰহণ', 'প্ৰভাতী পখীৰ গান', 'হলধৰ', 'ধুনীয়া তিৰোতাবোৰ', 'অহিৰ ভৈৰৱ', 'টি আৰ পি আৰু' ইত্যাদি। ১৯৮৫ চনত তেখেতে অৰুণ শৰ্মাৰ নাটক 'কুকুৰনেচীয়া মানুহ'ৰ টেলিফিল্ম ৰূপ পৰিচালনা কৰিছিল।[1][2]

গুৱাহাটীৰ সাংস্কৃতিক অনুষ্ঠান 'সূৰ্য্য'ৰ প্ৰতিষ্ঠাপক সদস্য আছিল বিদ্যুৎ চক্ৰৱৰ্তী।[1]

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

১৯৯৩ চনত বিদ্যুৎ চক্ৰৱৰ্তীয়ে ছবি পৰিচালক 'শিৱপ্ৰসাদ ঠাকুৰ'ৰ কন্যা, অভিনেত্ৰী মুনমী ঠাকুৰৰ সৈতে বিবাহ-পাশত আৱদ্ধ হয়।

মৃত্যু[সম্পাদনা কৰক]

বিদ্যুৎ চক্ৰৱৰ্তীয়ে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভোগাৰ উপৰিও যকৃতৰ সমস্যাত ভূগি আছিল। স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হয়। হস্পিটেলতে ১৫ দিন থকাৰ পাছত বিদ্যুৎ চক্ৰৱৰ্তীৰ মৃত্যুৰ হয় ১৫ এপ্ৰিল তাৰিখে ৰাতিপুৱা ৭ বজাত। নৱগ্ৰহ শ্মশানত দিনৰ আঢ়ৈ বজাত মৃতদেহ সৎকাৰ কৰা হয়।[5] [6] মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু মাতৃক এৰি থৈ যায়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 পৰিচালক অভিনেতা বিদ্যুৎ চক্ৰৱৰ্তীৰ বিয়োগ, আমাৰ অসম, ১ম পৃষ্ঠা, ১৭ এপ্ৰিল, ২০১৫
  2. 2.0 2.1 2.2 মনোজ বৰপূজাৰী, অনুভূতি প্ৰৱণ সততাৰে পূৰ্ণ শিল্প-ব্যক্তিত্বক হেৰুৱালো, আমাৰ অসম, ১ম পৃষ্ঠা, ১৭ এপ্ৰিল, ২০১৫
  3. * 44th National Film Awards 44th National Film Awards (PDF)
  4. 'Dwaar' steals show at Filmfare, March 31, 2014
  5. "Award-winning Assamese film director Bidyut Chakraborty passes away, IBNLIve news, April 16, 2015, আহৰণ কৰা তাৰিখ ২১ এপ্ৰিল ২০১৫". Archived from the original on 2015-04-17. https://web.archive.org/web/20150417024127/http://ibnlive.in.com/news/awardwinning-assamese-film-director-bidyut-chakraborty-passes-away/540127-8-66.html। আহৰণ কৰা হৈছে: 2015-04-21. 
  6. "Bidyut Chakrabarty passes awaay". http://zeenews.india.com/entertainment/regional/assamese-director-actor-bidyut-chakraborty-dies_1579223.html। আহৰণ কৰা হৈছে: 22 এপ্ৰিল 2015.