বিনোৱা ভাৱে
|
|
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| আচাৰ্য বিনোৱা ভাবে | |
|---|---|
| জন্ম | ১১ ছেপ্টেম্বৰ, ১৮৯৫ গাগড, কোলাৰ, মহাৰাষ্ট্ৰ |
| মৃত্যু | ১৫ নৱেম্বৰ, ১৯৮২ (৮৭ বছৰ) পোৱানাৰ, বৰ্দ্ধ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ধৰ্ম | হিন্দু |
আচাৰ্য বিনোৱা ভাবে (ইংৰাজী: Archarya Binoda Bhabe) (১৮৯৫-১৯৮২)মহাত্মা গান্ধীৰ প্ৰধান শিষ্য আছিল। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন প্ৰদান কৰিছিল। তেওঁ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী আছিল।[1]
সূচী |
জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]
বিনোৱা ভাবেৰ জন্ম হয় ১৮৯৫ চনত মহাৰষ্ট্ৰৰ কোলাৰৰ গেগড গাঁৱৰ এটি ব্ৰাহ্মণ পৰিয়ালত। তেওঁচ প্ৰকৃত্ব নাম আছিল- বিনাৰক নৰহৰ ভাবে। তেওঁৰ পিতৃৰ নাম হৈছে নৰহৰ সম্ভুৰাও ভাবে আৰু মাতৃ আছিল ৰুক্মিণী দেৱী।[1]
শিক্ষা জীৱন[সম্পাদনা কৰক]
বিনোৱা ভাবে সৰুৰে পৰাই ধৰ্মৰ প্ৰতি অনুৰাগ আছিল আৰু কিতাপ পঢ়াতো এটা অভ্যাসত পৰিণত কৰিছিল। তেওঁ সৰুতেই ভাৰতৰ প্ৰায়বোৰ শ্ৰেষ্ঠ পুথিভঁড়ালৰ কিতাপ পঢ়ি শেষ কৰিছিল। নিয়মিত বাতৰি-কাকত পঢ়াতো তেওঁৰ সৰুকালিতে গঠিত হোৱা অভ্যাসৰ ফল। সৰুকালৰে পৰাই তেওঁ বিনয়ী আৰু মানুহৰ লগত মিলা-মিচা বা আদান-প্ৰদানৰ স্বভাব গঢ়িছিল। তেওঁ পাঠ্যপুথিৰ জীৱন আৰম্ভ কৰিছিল ১৯১০ চনৰ পৰা। কিন্তু তেওঁৰ স্কুলীয়া প্ৰামাণ-পত্ৰসমূহো এদিন জুইত পুৰিছিল। তেওঁ ইণ্টাৰমিডিয়েটলৈ পঢ়ি, বেনাৰসলৈ গৈ সংস্কৃত অধ্যয়নত মনোযোগ দিছিল। তেওঁ মনোযোগ দিছিল মহাৰাষ্ট্ৰৰ ধৰ্মগ্ৰন্থসমূহ কণ্ঠস্থ কৰাত। এফালে তেওঁ যিমান সময় অধ্যয়নত কটাইছিল, আনফালে প্ৰতিদিনে বাৰমাইল পৰ্যন্ত খোজ কঢ়াৰো অভ্যাস কৰিছিল।[1]
কৰ্মজীৱন[সম্পাদনা কৰক]
বিনোৱা ভাবেই মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি গভীৰ ভাবে আকৃষ্ট হয় । লগে লগে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে কাম কৰা প্ৰতিজ্ঞাবদ্ধ হয়। ১৯১৬ চনৰ ৭ জুনত মহাত্মা গান্ধীক কচাৰাব আশ্ৰমত দেখা কৰে আৰু আশ্ৰমৰ বিষয়ে ভালেখিনি কথা আলচ কৰাৰ সুবিধা পায়। তেতিয়াৰে পৰা তেওঁ আশ্ৰমৰ এগৰাকী সভ্য হয় আৰু আশ্ৰমৰ সেৱাত একান্তভাবে নিবিড় হয়। ১৯২১ চনৰ ৪ জানুৱাৰীত চেঠ যমুনালাল বাজাজৰ পৰামৰ্শত স্থাপন কৰা ওৱাৰ্দ্ধাৰ সত্যাগ্ৰহ আশ্ৰমৰে তেওঁ অন্যতম কৰ্মী হৈ পৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট মুক্তি যোদ্ধা আছিল আৰু কেইবাবাৰো কাৰাবৰণ খাটিছিল।তেওঁৰ জীৱনৰ অন্যতম স্বাক্ষৰ হ'ল সৰ্বোদয় সমাজ। এই সৰ্বোদয় সমাজৰ জৰিয়তে তেওঁ ভাৰতত প্ৰেম, শান্তি, ভাতৃত্ব, সত্য আৰু অহিংসাৰ বাণী সিঁচিছিল। তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি জমিদাৰ সকলৰ পৰা মাটি দান লৈ- সেই মাটি জনসেৱাত লগাইছিল। এনে মাটি তেওঁ ১৯৫২ চনৰ ভিতৰত প্ৰায় ৪,৪৩,১৯৪ একৰ আৰু ১৯৫৪ চনৰ জানুৱাৰীলৈ প্ৰায় ২৪,০৭,০২৩ একৰ সংগ্ৰহ কৰিছিল।[1]
পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]
- ভাৰত-ৰত্ন, (১৯৮৩)
মৃত্যু[সম্পাদনা কৰক]
আচাৰ্য বিনোৱা ভাবেৰ পৰলোক প্ৰাপ্তি ঘটে ১৯৮২ চনত।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- : Website to spread the thoughts, philosophy and works of Vinoba Bhave
- The King of Kindness: Vinoba Bhave and His Nonviolent Revolution
- "Talks on The Gita" by Vinoba Bhave
- Citation for 1958 Ramon Magsaysay Award for Community Leadership
- Pen and Ink Portrait of Vinoba Bhave
- Vinoba Bahve - his work on leprosy (with photo 1979)
- Vallabh Niketan - Blogspot
- A Man on Foot - Time magazine cover page article dated Monday, May 11, 1953
|
|||||||