বিশ্বনাথ চাৰিআলি
| বিশ্বনাথ চাৰিআলি | |||
| চাৰিআলি | |||
| — নগৰ — | |||
|
|
|||
|
|
|||
| স্থানাঙ্ক | |||
| দেশ | |||
| অঞ্চল | উজনি অসম | ||
| ৰাজ্য | Assam | ||
| জিলা | শোণিতপুৰ জিলা | ||
| উপায়ুক্ত | |||
| জনসংখ্যা | 16,830 (2001[update]) | ||
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) | ||
|
ক'ড
|
|||
বিশ্বনাথ চাৰিআলি শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ সদৰ। ই তেজপুৰৰ পৰা প্ৰায় ৭৫ কি:মি: আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৫৫ কি:মি: নিলগত অৱস্থিত। বিশ্বনাথ মন্দিৰ বা গুপ্তকাশী আৰু বিশ্বনাথ ঘাট পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই। বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগান এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাহবাগান[1]।
সূচী |
[সম্পাদনা কৰক] ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি
বিশ্বনাথ চাৰিআলিৰ স্থানাংক হৈছে [2] আৰু গড় উচ্চতা 72 মিটাৰ (236 ফুট)। বিশ্বনাথ চাৰিআলিৰ পূবে বৰগাং নৈ, পশ্চিমে ঘিলাধাৰী নৈ, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।
২০০১ চনৰ লোকপিয়লৰ তথ্য মতে নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ১৬,৮২৫ জন যাৰ ভিতৰত পুৰুষ ৫৩ % আৰু মহিলা ৪৭ %[3]। স্বাক্ষৰতাৰ হাৰ ৮০ %[4], পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ই ৮৫ % আৰু ৭৫ %। ৬ বছৰৰ তলৰ জনসংখ্যা হ'ল ৯ %।
[সম্পাদনা কৰক] যোগাযোগ
বিশ্বনাথ চাৰিআলিৰ মাজেৰে ৫২নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈছে।এই পথেৰে পূৱলৈ লখিমপুৰ আৰু পশ্চিমলৈ গুৱাহাটিলৈ যাব পাৰি।বিশ্বনাথ চাৰিআলি নগৰৰ মাজ বা কেন্দ্ৰৰ পৰা উত্তৰলৈ পাভৈ চাহ বাগিচাহৈ অৰুনাচললৈ যাব পাৰি।এই পথৰে ৩কি:মি: উত্তৰলৈ বিশ্বনাথ ৰেল ষ্টেচন পাব পাৰি।আন হাতে চাৰিআলিৰ কেন্দ্ৰৰ পৰা দক্ষিনলৈ যোৱা গড়কাপ্টানি বিভাগৰ পথৰে প্ৰায় ৬কি:মি: দুৰলৈ গলে বিশ্বনাথ ঘাটপোৱা যায়।নগৰৰ সোমাজতে 'অসম ৰাজ্যিক পথ পৰিবহন নিগম'ৰ বাছ আস্থান অৱস্থিত।ইয়াৰে আশে পাশে বে-চৰকাৰী বাছ সেৱাৰ বাবে বিভিন্ন আস্থান সমুহ আছে।
[সম্পাদনা কৰক] বিশ্বনাথ চাৰিআলি নামৰ উৎপত্তি
এই নগৰৰ নিচেই ওছৰত থকা বুৰঞ্জী প্ৰসিদ্ধ বিশ্বনাথঅঞ্চলৰ নাম অনুসৰি এই নগৰৰ নাম বিশ্বনাথ চাৰিআলি হয়।পুৰ্বতে বৃটিছ শাসন কালত এই নগৰৰ আশে-পাশে থকা চাহ বাগিচা সমুহৰ উৎপাদিত চাহ কলিকতাৰ বন্দৰলৈ নিবলৈ একমাত্ৰ পথ আছিল ব্ৰহ্মপুত্ৰ নদীৰ জলপথটো।সেয়ে সেই সময়ত বিশ্বনাথ ঘাট আছিল উল্লেখযোগ্য স্থান।গতিকে বৰ্তমানৰ চাৰিআলি নগৰৰ মাজ মজিয়াত থকা চাৰিআলিটোক বিশ্বনাথ চাৰিআলি বোলা হয়।
[সম্পাদনা কৰক] সাহিত্য-সংস্কৃতি
বিশ্বনাথ চাৰিআলি এখন সাংস্কৃতিকভাৱে আগবঢ়া ঠাই। ইয়াত দুটা ছবিঘৰ আৰু এটা ৰাজহুৱা প্ৰেক্ষাগৃহ আছে।বৰ্তমান এটা ছবিঘৰ বন্ধ হৈছে। "বীণাপাণি নাট্য মন্দিৰ"এ বহুকাল ধৰি সাংস্কৃতিক ক্ষেত্ৰত উদ্যোগ লৈ আহিছে। "মুৰ্চ্ছনা" বিশ্বনাথ চাৰিআলিৰ আন এটি উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানৰ জন্ম হৈছিল ২০ জুন, ১৯৯৭ চনত। অনুষ্ঠানটিৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে কন কন শিশু সকলৰ সবল মানসিকতা গঢ়ি তোলাৰ লগতে উঠি অহা যুৱক যুৱতী সকলক বিভিন্ন সাহিত্য-সংস্কৃতিৰ জ্ঞাণ দি সৰ্বাঙ্গীন উন্নতি সাধন কৰা।
[সম্পাদনা কৰক] নগৰখনৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি
- প্ৰমোদ বৰুৱা
- ড: সুশীল গোস্বামী
- পদ্ম কৈৰী
- অসীম বোথ্ৰা(ৰাজ্যিক বঁটা প্ৰাপ্ত চলচিত্ৰ কৰ্ম্মী)
- অকু বোথ্ৰা(ৰূপসজ্জাকাৰ)
- ব্ৰজেন কলিতা
- ৰিমঝিম বৰা
- দ্বিজেন মহন্ত (চলচ্চিত্ৰৰ লগত জড়িত)
- মৃদুলা বৰুৱা
- হীৰা নেওগ
- জুমণি নেওগ(আভিনত্ৰী)
- ৰবিন নেওগ
[সম্পাদনা কৰক] এই অঞ্চলৰ উল্লেখযোগ্য সাহিত্যিক সকল
- কমলাকান্ত ভট্টাচাৰ্য্যএখেতক অগ্নিকবি বুলি জনা যায়।১৮৫৩ চনত বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত এখেতৰ জন্ম হয়।এখেত একেধাৰে কবি, প্ৰৱন্ধকাৰ আৰু সমাজ সংস্কাৰক আছিল। "চিন্তানল" আৰু "চিন্তাতৰঙ্গ" তেখেতৰ দুখন গভীৰ জাতীয় চেতনাৰ উদ্বুদ্ধ কবিতা পুথি।তেখেতৰ চিন্তাত সদায় এখন কৰ্ম্মমুখী, স্বাধীন আৰু সমতাৰ ভাৰত গঢ়াৰ গভীৰ চিন্তা দেখা ষায়।১৯২২ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি বিশ্বনাথ চাৰিআলিৰ গৌৰৱ বঢ়াইছিল।১৯৩৬ চনত এইজনা মহান সাহিত্যিকৰ মৃত্যু হয়।
- লক্ষ্মীধৰ শৰ্মা এই অঞ্চলৰ আন এজন সাহিত্যিক হ'ল দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা।এখত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা নামে জনাজাত। তেখেত এজন স্বাধীনতা সংগ্ৰামী আছিল।তেখেতৰ প্ৰধান সাহিত্য সম্ভাৰ হ'ল:- "বৰ্থতাৰ দান", "দেশৰ কথা", "নিৰ্মলা" আদি।'চিৰাজ' আৰু 'বিদ্ৰোহিনী' গল্প তেওঁৰ অমৰ সৃষ্টি। 'ছিৰাজ' গল্পৰ আলমত ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ) কথাছবি নিৰ্মাণ হৈছিল। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ১৯৩৪ চনত মৃত্যু হয়।
- দীননাথ শৰ্মাবিশ্বনাথ চাৰিআলিৰ আন এগৰাকী সাহিত্যিক হ'ল ৰ্স্বগীয় দীননাথ শৰ্মা। হাইস্কুলত পঢ়িথকা সময়ৰ পৰাই এখেতে আৱাহনত লিখামেলা কৰিছিল। এখেতক ১৯৪০ চনত সত্যনাথ বৰা দেৱৰ জীৱনীৰ বাবে অসম সাহিত্য সভাৰ 'কমলা দেৱী শিশু সাহিত্য' পুৰস্কাৰৰে পুৰস্কৃত কৰা হয়।পূবভৰলী অঞ্চলৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ।
- জীৱন চন্দ্ৰ বৰুৱা
- স্নেহলতা দেবী
- সুৰেশ ভট্টাচাৰ্য্য:- এখেত কমলাকান্ত ভট্টাচাৰ্য্যৰ ভতিজা পুত্ৰ।এখেতে ব্ৰহ্মদেশৰ(বৰ্তমান ম্যানমাৰ)পৰা প্ৰকাশিত 'ৰেংগুন মেইল' নামৰ দৈনিক বাতৰি কাকতখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।২য়মহাসমৰৰ সময়ত জাপানী আক্ৰমনৰ সময়ত তেখেত অসমলৈ প্ৰত্যাবৰ্তণ কৰে।
- তৰুণ শইকীয়া(সৰ্বভাৰতীয় বঁটাপ্ৰাপ্ত নাট্যকাৰ)
- ৰঞ্জু হাজৰিকা
- পবিত্ৰ কুমাৰ শৰ্মাগুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ শৰ্মা এজন চিন্তাশীল প্ৰৱন্ধকাৰ। এখেতে ভালেমান বিজ্ঞান বিষয়ৰ গ্ৰন্থ লিখিছে।ইতিমধ্যে এখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।
- ক্ষীৰধৰ বৰুৱা (বিজ্ঞান লেখক):বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰুৱা এজন বিজ্ঞান সাহিত্যৰ সুপ্ৰতিষ্ঠিত লেখক। এখেত কিছুদিন অসমৰ জনপ্ৰিয় বিজ্ঞান আলোচনী "বিজ্ঞান জেউতি"ৰ সম্পাদকৰ দায়িত্বত আছিল। জনসাধাৰণৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে এখেতে বহুদিন ধৰি কাম কৰি আহিছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে এখেতে ২০০৪ চনত, "বিজ্ঞান জনপ্ৰিয়কৰণ"ৰ ৰাষ্টীয় বঁটা লাভ কৰি চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে।
- ফতিক হাজৰিকা
- শশী ফুকন ( অসমীয়া আলোচনী "বিস্ময়"ৰ সম্পাদক)
- মাইনী মহন্ত (অসমীয়া আলোচনী "নন্দিনী"ৰ সম্পাদক)
- জীমণি চৌধুৰী(অসমীয়া আলোচনী "প্ৰিয় সখী'ৰ সম্পাদক)
[সম্পাদনা কৰক] উল্লেখযোগ্য ঠাই
[সম্পাদনা কৰক] শৈক্ষিক প্ৰতিষ্ঠান
বিশ্বনাথ উন্নয়ন খণ্ড, সাকোমঠা উন্নয়ন খণ্ড আৰু বিশ্বনাথ চাৰিআলি নগৰত থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১০৩ খন।
- জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ:-১৯৫৫ চনত প্ৰতিস্থা কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ ঠাইত চৰকাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ(DIET) প্ৰতিস্থা কৰে।ইয়াৰ প্ৰথম অধক্ষ্য আছিল ড: লোহিত গোস্বামী।
[সম্পাদনা কৰক] মহাবিদ্যালয় সমুহ
- বিশ্বনাথ মহাবিদ্যালয়;-১৯৬০ চনত প্ৰথম কলা শাখাৰে এই মহাবিদ্যালয় আৰম্ভ কৰা হয়।১৯৭০ চনত বিজ্ঞান শাখা খোলা হয়।মহাবিদ্যালয়ৰ প্ৰথম অধক্ষ্য আছিল কমল নাৰায়ন দাস।
- বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়।:- ১৯৮৮ চনত এই মহাবিদ্যালয় স্থাপন হয়।এই মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধক্ষ্য আছিল তীৰ্থেশ্বৰ শৰ্ম্মা।
- কৃষি মহাবিদ্যালয়:-১৯৮৮ চনত বিশ্বনাথ চাৰিআলিত এই কৃষি মহাবিদ্যালয় স্থাপন হয়।
- বিশ্বনাথ কলেজ অৱ এডুকেশ্বন:-১৯৯২ চনত স্থাপন হয়।
[সম্পাদনা কৰক] উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমুহ
- চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় :-১৯৪১ চনত স্থাপন হোৱা এই বিদ্যালয়ে ২০০৫ চনত হীৰক জয়ন্তী বৰ্ষ পালন কৰিছে।প্ৰতিস্থাপক প্ৰধান শিক্ষক ৰমেশ শৰ্ম্মা।
- চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়:- এই বিদ্যালয় ১৯৫৬ চনত স্থাপন হয়।প্ৰতিস্থাপক প্ৰধান শিক্ষয়িত্ৰী বীণা আগৰৱালা।১৯৯১ চনত এই বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়।
- চাৰিআলি একাডেমী:- ১৯৬০ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক তুলসী ফুকন।
- চাৰিআলি আদৰ্শ বিদ্যাপীঠ :- ১৯৮২ চনত স্থাপন হোৱা এই বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক নগেন চন্দ্ৰ বৰা।
- জৱাহৰ নৱোদয় বিদ্যালয়:-১৯৯৪ চনত এই বিদ্যালয় স্থাপন হয়।বিদ্যালয়খন চি.বি.এচ.চি ৰ অধিন।
[সম্পাদনা কৰক] ব্যক্তিগত খণ্ডৰ উল্লেখযোগ্য বিদ্যালয়
- শংকৰ দেৱ শিশু/বিদ্যা নিকেতন
- লিটিল ষ্টাৰ স্কুল
- ইষ্ট ইণ্ডিয়া স্কুল
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Bishwanath Chariali, Sonitpur". অসম. Indianetzone. http://www.indianetzone.com/6/bishwanath_chariali.htm. Retrieved ২০১১-১১-২৮.
- ↑ [1]Biswanath, India page
- ↑ "Alphabetical list of towns and their population". অসম. ভাৰত চৰকাৰ. http://censusindia.gov.in/towns/asm_towns.pdf. Retrieved ২০১১-১১-২৮.
- ↑ http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999
![]() |
অৰুণাচল প্ৰদেশ | ![]() |
||
| ঘিলাধাৰী নৈ | বৰগাং নৈ | |||
| ব্ৰহ্মপুত্ৰ নদী / নগাঁও জিলা |
|
|||||
