বৃত্ত

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


বৃত্ত
CIRCLE LINES-bn.svg
জ্যা, ব্যাস, ব্যাসাৰ্ধ, স্পৰ্শক আৰু ছেদক
ক্ষেত্ৰফল π r2 (য’ত r = ব্যাসাৰ্ধ)

সংজ্ঞা: ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা(কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসাৰ্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল'কাচ) বৃত্ত বোলা হয়।

বৃত্তৰ উপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয়। বৃত্তৰ ব্যাস হ’ল তাৰ দীৰ্ঘতম জ্যা। ব্যাসৰ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ দুগুন হয়।

বৃত্তৰ সীমাক পৰিধি বোলা হয় আৰু পৰিধিৰ অংশক বৃত্তচাপ বোলা হয়।

সূচী

[সম্পাদনা কৰক] ইতিহাস

Circles on an old astronomy drawing
The compass in this 13th century manuscript is a symbol of God's act of Creation. Notice also the circular shape of the halo

লিখিত ইতিহাস সংৰক্ষণ আৰম্ভ হোৱাৰ আগলৈকে বৃত্ত সম্পৰ্কে মানুহৰ ধাৰণা আছিল চকা, যি মানৱ সভ্যতাৰ অগ্ৰগতিত ব্যাপক অৱদান আগবঢ়াইছে, বৃত্তাকাৰ। গণিতত বৃত্তৰ অধ্যয়ন পৰবৰ্তী জ্যামিতি আৰু কেলকুলাছৰ দৰে উচ্চতৰ শাখাবোৰৰ উন্নয়নত অৱদান আগবঢ়াইছে। বৃত্তৰ ইতিহাসত কেইটিমান গুৰুত্বপূৰ্ণ ঘটনা হল :

  • ১৭০০ খৃষ্টপূৰ্ব - ৰাইন্ড প্যাপিৰাছে বৃত্তৰ ক্ষেত্ৰফল নিৰ্নয়ৰ এটি পদ্ধতি লিপিৱদ্ধ হয়। তাতেই ২৫৬/৮১ ক π ৰ মান ধৰা হয়।
  • ৩০০ খৃষ্টপূৰ্ব - ইউক্লিডৰ এলিমেন্টছৰ তৃতীয় গ্ৰন্থত বৃত্তৰ বৈশিষ্ট্য সমূহৰ বিষয়ে বিস্তাৰিত আলোচনা কৰা হয়।
  • ১৮৮০ - লিন্ডেমানে প্ৰমান কৰে যে π এটি transcendental সংখ্যা। ইয়াৰ ফলত হাজাৰ বছৰ ধৰি চলি অহা বৃত্তক বৰ্গ ৰূপান্তৰৰ সমস্যাটিৰ সমিধান ঘটে।

[সম্পাদনা কৰক] বৈশিষ্ট্য

  • বৃত্ত হল নিৰ্দিষ্ট পৰিসীমাৰ মধ্যত আৱদ্ধ বৃহত্তম ক্ষেত্ৰফল
  • বৃত্ত বিশেষ ধৰনৰ প্ৰতিসাম্যৰ অধিকাৰী এক আকৃতি। কেন্দ্ৰগামী যিকোনো ৰেখাই প্ৰতিফলন প্ৰতিসম অক্ষ হিচাপে কাম কৰে আৰু কেন্দ্ৰৰ সাপেক্ষে যিকোনো কোণত ঘূৰ্নণ প্ৰতিসাম্য তৈয়াৰ হয়।
  • প্ৰতিটো বৃত্তৰ আকৃতি অভিন্ন।
  • বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত একটি ধ্ৰুৱ সংখ্যা, ইয়াক π দ্বাৰা প্ৰকাশ কৰা হয়।
  • কাৰ্তেছীয় স্থানাঙ্ক ব্যাৱস্থাত মূলবিন্দুত কেন্দ্ৰ বিশিষ্ট একক ব্যাসাৰ্ধৰ বৃত্তক "একক বৃত্ত" বোলা হয়।

[সম্পাদনা কৰক] গাণিতিক তথ্য

Arc, sector, and segment
বৃত্তৰ ক্ষেত্ৰফল = π × ছাঁ কৰা বৰ্গৰ ক্ষেত্ৰফল

x-y কাৰ্তেছীয় স্থানাঙ্ক ব্যাৱস্থাত, (a, b) কেন্দ্ৰ আৰু r ব্যাসাৰ্ধৰ বিশিষ্ট বৃত্তৰ সমীকৰণ হ’ল :


\left( x - a \right)^2 + \left( y - b \right)^2=r^2.

বৃত্তস্থঃ যিকোনো বিন্দুৰ ওপৰত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি বৃত্তৰ এই সমীকৰণটো পোৱা যায়। মূলবিন্দুত কেন্দ্ৰ হ’লে সমীকৰণটো হ’ব :

x^2 + y^2 = r^2. \!\

পৰিমিতিত সমীকৰণ ৰূপান্তৰ কৰিলে :

x = a+r\,\cos t,\,\!
y = b+r\,\sin t\,\!

[সম্পাদনা কৰক] ব্যাস

জ্যামিতিত বৃত্তৰ ব্যাস হ’ল এদাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে । এই সৰলৰেখাৰ দৈৰ্ঘ্যকেই ব্যাস বোলা হয়। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা

[সম্পাদনা কৰক] পাই (π)

"পাই" (π) হল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত, যি এক ধ্ৰূবক। পাই অত্যন্ত বিখ্যাত এটি ধ্ৰূবক। গণিতবিদৰ মতে পাই হ’ল বিশ্বৰ সবাতোকৈ সুন্দৰ।

[সম্পাদনা কৰক] ক্ষেত্ৰফল

বৃত্তৰ ভিতৰৰ চক্ৰ আকাৰৰ অঞ্চলটিৰ ক্ষেত্ৰফল \pi আৰু তাৰ ব্যাসাৰ্ধৰ বৰ্গৰ গুণফলৰ সমান।

 Area = \pi \cdot r^2

[সম্পাদনা কৰক] তথ্যসংগ্ৰহ

  1. Chronology for 30000 BC to 500 BC
  2. Squaring the circle
  3. Measurement of a Circle by Archimedes
  4. Johnson, Roger A., Advanced Euclidean Geometry, Dover Publ., 2007.
  5. Harkness, James (1898). Introduction to the theory of analytic functions. London, New York: Macmillan and Co.. pp. 30.
  6. Ogilvy, C. Stanley, Excursions in Geometry, Dover, 1969, 14–17.
  7. Altshiller-Court, Nathan, College Geometry, Dover, 2007 (orig. 1952).
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত