বৃহৎ উইণ্ডমিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৃহৎ উইণ্ডমিল (Great Windmill)
Male above and female below
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Byasa
প্ৰজাতি: B. dasarada
বৈজ্ঞানিক নাম
Byasa dasarada[1]
(Moore, 1857)[1]
Subspecies

5; see text

সমাৰ্থক
  • Atrophaneura dasarada (Moore, 1857)
  • Papilio dasarada Moore, 1857

বৃহৎ উইণ্ডমিল (ইংৰাজী: Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷

বিৱৰণ[সম্পাদনা কৰক]

পশ্চিমবংগৰ দাৰ্জিলিঙত এটা বৃহৎ উইণ্ডমিল পখিলা

বৃহৎ উইণ্ডমিল পখিলাৰ পাখিৰ দৈৰ্ঘ্য ১০০-১৪০ মিমি৷ ইয়াৰ দেহত বগা ফোঁট কিছুমান থকা দেখা যায়৷ মতা আৰু মাইকী উভয়ে দেখিবলৈ প্ৰায় একে৷ অৱশ্যে মাইকী বৃহৎ উইণ্ডমিল পখিলাৰ পিছফালৰ পাখি (hindwing) ডাঙৰকৈ বগা দাগ থকা দেখা পোৱা যায়৷

টেক্সন'মি[সম্পাদনা কৰক]

Byasa dasarada at Samsing in Darjeeling district, West Bengal, India.

বৃহৎ উইণ্ডমিল পখিলাৰ পাঁচবিধ উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰৰ ভিতৰত তলৰ তিনিবিধ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়-

  • B. d. dasarada (Frederic Moore)-ছিক্কিমৰ পৰা অসমলৈকে
  • B. d. ravana (Frederic Moore)- কাশ্মীৰৰ পৰা কুমায়ুনলৈকে৷
  • B. d. barata (Walter Rothschild)-ম্যানমাৰ

বিতৰণ[সম্পাদনা কৰক]

উত্তৰ ভাৰত, নেপাল, ভুটান, ম্যানমাৰ, উত্তৰ-দক্ষিণ চীন আদি দেশত এই পখিলাবিধ বিস্তৃত হৈ আছে৷

আচৰণ[সম্পাদনা কৰক]

বৃহৎ উইণ্ডমিল পখিলাই সাধাৰণতে কাঠনিত বাস কৰে৷ ই মুকলি অঞ্চলৰ মাজেদি লাহেকৈ উৰি যোৱা দেখা যায়৷ ই সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ৪০০০-৯০০০ ফুটৰ উচ্চতাত বাস কৰে৷

জীৱনচক্ৰ[সম্পাদনা কৰক]

কণী[সম্পাদনা কৰক]

পলু[সম্পাদনা কৰক]

বৃহৎ উইণ্ডমিল পখিলাৰ গাৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হয় আৰু তাত ক'লা বৰণীয়া আঁচ কিছুমান থকা দেখা যায়৷

লেটা[সম্পাদনা কৰক]

এই পখিলাবিধৰ লেটাৰ বৰণ সেউজ-হালধীয়া আৰু নীলা আঁচ থকা হয়৷ ইয়াৰ পিছফালে কমলা বৰণৰ এটা আগবাঢ়ি থকা অংশ থাকে৷

পোষক উদ্ভিদ[সম্পাদনা কৰক]

বৃহৎ উইণ্ডমিল পখিলাৰ পলুৱে ঘাইকৈ Aristolochia griffithiউদ্ভিদক পোষক হিচাপে বাচি লয়৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Häuser, Christoph L.; de Jong, Rienk ; Lamas, Gerardo ; Robbins, Robert K.; Smith, Campbell & Vane-Wright, Richard I. (28 July 2005). "Papilionidae – revised GloBIS/GART species checklist (2nd draft)". Entomological Data Information System. Staatliches Museum für Naturkunde Stuttgart, Germany. Archived from the original on 9 September 2010. https://web.archive.org/web/20100909141739/http://www.insects-online.de/frames/papilio.htm। আহৰণ কৰা হৈছে: 21 June 2013. 
  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.