বেৰেটা এম নাইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেৰেটা এম নাইন
M9-pistolet.jpg
বেৰেটা এম নাইন
প্ৰকাৰ অৰ্ধস্বয়ংক্ৰিয় পিষ্টল
উদ্ভাৱনকৰ্তা ইটালি, আমেৰিকা যুক্তৰাষ্ট্ৰ
ব্যৱহাৰৰ ইতিহাস
ব্যৱহাৰকাল ১৯৯০ ৰ পৰা বৰ্তমানলৈকে
ব্যৱহাৰকাৰী মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকাৰ সৈন্যবাহিনী
যুদ্ধত ব্যৱহাৰ Operation Just Cause
পাৰ্চিৰ গাল্ফ যুদ্ধ
আফগানিস্থানৰ যুদ্ধ
ইৰাকৰ বিপক্ষে হোৱা আমেৰিকাৰ যুদ্ধ
উৎপাদনৰ ইতিহাস
উৎপাদন কৰ্তা Fabbrica d'Armi Pietro Beretta
তথ্যৱলী
ওজন
  • ৯৫২ গ্ৰাম (খালী অৱস্থাত)
  • ১১৬২ গ্ৰাম (গুলীভৰ্তি অৱস্থাত)
দৈৰ্ঘ্য ২১৭ মিলিমিটাৰ
বেৰেলৰ দৈৰ্ঘ্য ১২৫ মিলিমিটাৰ

কাৰ্টিজ ৯x১৯ মিলিমিটাৰ পাৰাবেলাম
কাৰ্যপদ্ধতি/একশ্যন কম দূৰত্বৰ যুদ্ধত
নিক্ষেপণ বেগ ৩৮১ মিটাৰ/ছেকেণ্ড
কাৰ্যকৰ পাল্লা ৫০ মিটাৰ
ফিডিং ১৫ ৰাউণ্ড গুলী ধৰা মেগাজিন
ছাইট লোৰে গঠিত

বেৰেটা এম নাইন (ইংৰাজী: Beretta M9) এবিধ ৯x১৯ মিলিমিটাৰ পাৰাবেলাম (9×19mm Parabellum) ধৰণৰ পিষ্টল। ইয়াক পূৰ্বতে অৰ্ধস্বয়ংক্ৰিয় ৯ মি. মি. এম-নাইন পিষ্টল (Pistol, Semiautomatic, 9mm, M9) বুলিহে জনা গৈছিল। ১৯৮৫ চনত আমেৰিকাৰ সৈন্যবাহিনীয়ে ইয়াক প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ব্যৱহাৰত লগাইছিল।

১৯৮০ চনত আমেৰিকাৰ সৈন্যবাহিনীৰ বাবে কোনটো বেছি ভাল সহজে কঢ়িয়াই লৈ ফুৰিব পৰা আগ্নেয়াস্ত্ৰ (handgun) হ’ব, তাক ঠিৰাং কৰিবলৈ অনুষ্ঠিত হোৱা এখন প্ৰতিযোগিতাত এই এম-নাইন পিষ্টলে M1911A1 পিষ্টলৰ বিপৰীতে জয়ী হৈছিল।[1] M1911A1 ৰ উপৰিও তাত SIGP226 ও প্ৰতিযোগীৰ তালিকাত আছিল। পিছে ১৯৯০ চনতহে ইয়াক প্ৰকৃত স্বীকৃতি দিয়া হৈছিল।[2] [3]একে ধৰণৰ আন এবিধ পিষ্টল হ’ল এম-১১ পিষ্টল (M11 pistol)।

ইতিহাস[সম্পাদনা কৰক]

১৯৭০ চনত M1911 ৰ সলনি আন আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ কথা আলোচনাৰ বাবে যুটীয়া সৰু আগ্নেয়াস্ত্ৰ পৰিকল্পনা আয়োগ (Joint Services Small Arms Planning Commission) গঠন কৰা হৈছিল। তাত প্ৰধানকৈ পাঁচবিধ বেলেগ বেলেগ আগ্নেয়াস্ত্ৰৰ কথা আলোচনা হৈছিল। শেষত এম নাইনক NATO ৰ দ্বাৰা থাকিব লাগিব বুলি কোৱা বৈশিষ্টবোৰৰ সকলোখিনি থকা বুলি বিবেচনা কৰা হৈছিল। ১৯৮০ চনত বেৰেটা এছ ৯২-১ (Beretta 92S-1) ক ক’ল্ট (Colt), স্মিথ এণ্ড ৱেছন (Smith and Wesson), ৱাল্টাৰ (Walter), ষ্টাৰ এম-২৮, ফেব্ৰিক নেচনালে (Fabric Nationale), হেক্‌লাৰ এণ্ড কোছ (Heckler & Koch) আদিতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰা হৈছিল।

পিছত সৈন্যবাহিনীৰ ফালৰপৰা বিভিন্ন ধৰণৰ পৰীক্ষা নীৰিক্ষা চলোৱা হ’ল। ১৯৮৪ চনত স্মিথ এণ্ড ৱেছন, ৱাল্টাৰ, ফেব্ৰিক নেচনালে (Fabric Nationale) আৰু হেক্‌লাৰ এণ্ড কোছৰ পৰা নতুন নতুন মডেল কিছুমান আগবঢ়োৱা হ’ল। এইবোৰৰ মাজতে বেৰেটা শ্ৰেষ্ঠ বিবেচিত হ’ল। বেৰেটা ৯২-এফ নামৰ পিষ্টলটোৱে -৪০ ডিগ্ৰীৰপৰা ৬০ ডিগ্ৰী ছেলছিয়াছ লৈকে উষ্ণতাৰ তাৰতম্য বহন কৰিব পাৰিছিল। তাৰোপৰি কংক্ৰিটৰ ওপৰত বহু ওপৰৰ পৰা কেইবাবাৰো পেলাই দিয়াৰ পিছত, বালি, বোকা আৰু বৰফত পুতি থোৱাৰ পিছতো ইয়াৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল। তাৰোপৰি ইয়াৰ MBRF (mean rounds before failure)ৰ আছিল ৩৫,০০০ ৰাউণ্ড। এই সংখ্যা সাধাৰণ পিষ্টলৰ পাঁচ-ছয়গুণ হ’ব। ইৰাক যুদ্ধ ৰ ক্ষেত্ৰত বিভিন্ন কোঠাই কোঠাই প্ৰৱেশ কৰি যুদ্ধ কৰিবলগীয়া হোৱা হেতুকে এই পিষ্টলৰ যথেষ্ট ব্যৱহাৰ হৈছিল। [4]

প্ৰযুক্তিবিদ্যা[সম্পাদনা কৰক]

মেগাজিন উলিয়াই থোৱা অৱস্থাত M1911A1 আৰু এম নাইন পিষ্টল

এম নাইন হ’ল চমু ৰিক’ইল (Short recoil), অৰ্ধস্বয়ংক্ৰিয়, এবাৰতে কাৰ্য্য কৰা (single action)/ দ্বিকাৰ্য্য (double action) পিষ্টল। ইয়াৰ মেগাজিন এটা ১৫ ৰাউণ্ড গুলী ধৰা দীঘলীয়া বাকচ আকৃতিৰ। এই পিষ্টলত এটা থকা এটা প্ৰতিৱৰ্তী বাটনেৰে মেগাজিনটো সোঁহতীয়া বা বাওঁহতীয়া লোকৰ বাবে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা থাকে। এম নাইনক বিৰাঞ্চি এম-১২ হ’লষ্টেৰৰ সৈতেও একেলগে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিভিন্ন বৈশিষ্টসমূহ হ’ল:

  • ইয়াৰ বিভিন্ন অংশসমূহ ইটোৰ লগত আনটো সলনি কৰিব পৰা বিধৰ (interchangable)। গতিকে ইয়াৰ মেৰামতিত যথেষ্ট সুবিধা হয়।
  • ঘোৰা (trigger) ৰ সন্মুখ অংশ এনেদৰে তৈয়াৰ কৰা হৈছে যাতে লক্ষ্য স্থিৰ কৰিবলৈ সহজ হয়।
  • পিষ্টলটোৰ হাতেৰে ধৰা অংশ অতিকৈ সুবিধাজনক। সেয়েহে অতি সহজে লক্ষ্য স্থিৰ কৰিব পাৰি।
  • ক্ষয়ীভৱনৰ পৰা ৰক্ষা পৰিব পৰাকৈ বিশেষ পদ্ধতিৰে তৈয়াৰ কৰা বেৰেল।
  • নতুনকৈ ইয়াত ব্ৰুনিট’ন নামৰ এবিধ বিশেষ প্ৰলেপ দিয়া হয় যিয়ে ইয়াক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে।
  • ইয়াৰ স্লাইডখনৰ তলত এবিধ সৰু হাতুৰি আকৃতিৰ পিন থাকে। ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল কেনেবাকৈ ফ্ৰেমটো ফাটিলে তাক চিটিকি ওলাই যোৱাৰ পৰা বচাই ৰখাটো। আমেৰিকাৰ সেনাবাহিনীয়ে পিষ্টলটোত এইটোৱেই খুত বিচাৰি পাইছিল। পিছত তেওঁলোকে কথাটো কোম্পানীক জনোৱাত কোম্পানীয়ে এই পিনটো সংযোগ কৰে।
এম নাইন পিষ্টলৰ বিভিন্ন অংশসমূহ
এম নাইন পিষ্টলত ব্যৱহৃত ৯x১৯ মিলিমিটাৰ পাৰাবেলাম গুলী

২০০৬ চনত এম-নাইনক পুনৰ উন্নীতকৰণ কৰা হয় আৰু ইয়াক এম নাইন এ ওৱান (M9A1) নামেৰে নামাকৰণ কৰা হয়। [5] ইয়াত পিকাটিনি ৰে’ল (Picatinny rail) নামৰ এটা অংশ সংযোগ কৰা হয়। পিকাটিনি ৰে’লত বিভিন্ন ধৰণৰ লাইট, লেজাৰ আদিকে ধৰি আন আন সজুলি সংযোগ কৰিব পৰা ব্যৱস্থা আছে। এই পিষ্টলৰ ৰিল’ড (reload) কৰাটোও আন বহুততকৈ সহজ। তাৰোপৰি ইয়াৰ মেগাজিনবোৰত Physical vapor deposition পদ্ধতিৰে এটা প্ৰলেপ দিয়া হয়। এই প্ৰলেপে ইয়াক ধূলিময় পৰিবেশত হ’ব পৰা ক্ষয় ক্ষতিৰপৰা বচাই ৰাখে। [6]

ইয়াত এক বিশেষ ‘পিন ব্লক’ ব্যৱহাৰ কৰা হৈছে যিয়ে ট্ৰগাৰ নিটিপালৈ ফায়াৰিং পিনটোক একেঠাইতে ধৰি ৰাখে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]