ব্যৱস্থাপনা

Wikipedia -ৰ পৰা

ব্যৱসায় আৰু মানব সংগঠনৰ ক্ষেত্ৰত, সাধৰণ ভাষাত ব্যৱস্থাপনা(Management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনিত হোৱা । ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰু সংগঠন(organization)(কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱ এক বা তাতোধিক মানুহ্ বা বস্তু(entities)ৰ সমষ্টি) নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যৱস্থাপনা হ'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰি(technological) সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু প্ৰয়োগ ।


[সম্পাদন কৰক] আৰম্ভণী

Management ৰ অসমীযয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূর্ণ শুদ্ধ বুলি ক'ব নোৱৰি যদিও সম্পূর্ণ ভুল নহয়্ । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ । হিন্দী ভাষাৰ 'প্ৰৱন্ধন' শব্দটো কোনো এখন অভিধানত নোপোৱৰ বাবে এই শব্দটো ব্যৱহাৰৰ সমূচিন ন্হ'ব । অসম উচ্চতৰ মধ্যমিক পৰিষদৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে প্ৰণয়ন কৰা অসমীয়া বিষয়ৰ পাঠ্যপুথিত Distaster Management ৰ অসমীয়া ৰূপান্তৰ দুৰ্যোগ ব্যৱস্থাপনা দিয়াৰ বাবে 'ব্যৱস্থাপনা' শব্দটোকেই শুদ্ধ মানি লোৱা হ'ল ।

Manage শব্দটো ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰ্থ 'হাত') ৰ পৰা অহা । ১৭ শ আৰৃ ১৮ শ শতাব্দিত ফ্ৰাঞ্চিচ শব্দ mesnagement (later ménagement) ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ্'ল্ ।


[সম্পাদন কৰক] তাত্বিক ব্যাখ্যা

ম্যৰি পাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ'ল কোনো কাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰু পৰিকল্পনা যুগুত কৰা বা নিৰ্দিষ্ট লক্ষ্যত উপনিত হ'বলৈ কৰা কর্যক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনা প্ৰযোয্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰাঞ্চৰ হেনৰি ফ'য়েল্ (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্ ছ্টা কার্যত ভাগ কৰিছিল -

  1. পৰিকল্পনা কৰা (planning)
  2. সংগঠিত কৰা (organizing)
  3. নেতৃত্ব লোৱা (leading)
  4. সমন্ময়্ স্থাপন কৰা (co-ordinating)
  5. নিয়ন্ত্ৰণ কৰা (controlling)
  6. নিয়োজিত কৰা (staffing)