ব্ৰহ্মপুত্ৰ নদ
|
|
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইছা কৰিলে এই লিংক চাওক। যদি এই প্ৰৱন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহলে এই সাঁচটো আঁতৰাই দিব পাৰিব। |
| Brahmaputra River | |
| Countries | Bangladesh, India, China |
|---|---|
| States | Assam, Arunachal Pradesh |
| Autonomous Region | Tibet |
| Tributaries | |
| - left | Dibang River, Lohit River, Dhansiri River |
| - right | Kameng River, Raidak River, Jaldhaka River, Teesta River |
| City | Guwahati |
| Source | Chemayungdung Glacier [1] |
| - location | Himalayas, China |
| - elevation | 5,210 m (17,093 ft) |
| - coordinates | 30°23′N 82°0′E / 30.383°N 82°E |
| Mouth | Bay of Bengal |
| - location | Ganges Delta, Bangladesh |
| - elevation | 0 ft (0 m) |
| - coordinates | 25°13′24″N 89°41′41″E / 25.22333°N 89.69472°E |
| Length | 2,900 km (1,800 mi) [1] |
| Basin | সাঁচ:Unit area |
| Discharge | |
| - average | সাঁচ:Unit discharge |
| - max | সাঁচ:Unit discharge |
লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ এক অন্যতম প্ৰধান নদী ৷ প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী । ই ভাৰতৰ একমাত্র পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত ৷ সভ্যতা সদায় নদী-কেন্দ্ৰিক ৷ প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি৷ এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে৷
সূচী |
[সম্পাদনা কৰক] কিম্বদন্তি
ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকাপুৰাণত এটি আখ্যান আছে৷ অসমৰ পূবফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে৷ ই হিন্দু সকলৰ অতি পবিত্ৰ তীৰ্থ৷ এই ব্ৰহ্মকুণ্ডতেই পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে৷ ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়৷ এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়৷
[সম্পাদনা কৰক] উৎপত্তি আৰু গতিপথ
ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভুমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এটি নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ দিহিং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে৷ দিহিঙৰ লগত অৰুণাচলৰ দিবং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে৷ ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে৷ ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাৰ লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয় । তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ । ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত [2] ৷
[সম্পাদনা কৰক] ব্ৰহ্মপুত্ৰ আৰু অসম :
ব্ৰহ্মপুত্ৰৰ লগত অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক৷ অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী৷ অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ,ধুবুৰী, আদি নগৰ গঢ়ি উঠিছিল ৷ এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,তেজপুৰ, শিলঘাট, খাৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত ৷ প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ৷ ভাৰত বিভক্ত হোৱাৰ আগলৈকো কলিকতাৰ লগত বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী৷ ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে৷ আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে৷ এতিয়াও নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি৷ এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷
ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল৷ নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু বিপদজনক৷ ইয়াৰ ওপৰত নিৰ্মান হোৱা শৰাইঘাত দলঙে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে৷ ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে৷ আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাওঁ-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে৷ যাৰ কাৰণে বানপানী অসমৰ এটা প্ৰধান সমস্যা হৈ উঠিছে৷
[সম্পাদনা কৰক] অসমত ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমুহ:
[সম্পাদনা কৰক] সামৰণি :
১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলি তৰাং হোৱাত অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে৷ ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি ইয়াৰ পানী সঠিক ব্যৱহাৰৰ কাৰণে "ব্ৰহ্মপুত্ৰ আয়োগ" নামে এখন কমিটিও গঠন কৰা হয়৷ ব্ৰহ্মপুত্ৰ নদীত সঠিকভাৱে মঠাউৰি বান্ধি, ঠায়ে ঠায়ে শ্লুইচ গেটৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে আৰ্শীবাদ হৈ উঠিব৷ ইয়াৰ বাহিৰেই জলবিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰিও অসমৰ বিদ্যুত নাটনিৰ পৰিমান কমাব পৰা যাব৷ কিন্তু আজিলৈকে এই দুয়োটা কাম সুচাৰুৰূপে হৈ উঠা নাই যাৰ কাৰণে এসময়ৰ মানুহৰ আৰ্শীবাদ মহাবাহু ব্ৰহ্মপুত্ৰ নদী এতিয়া মানুহৰ কাৰণে সময়ে সময়ে অভিশাপ হৈ উঠিছে৷ আনপিনে অসমৰ অৱহেলা, আৰু উচিত ব্যৱহাৰ নকৰাৰ কাৰণেই পৰৰাষ্ট্ৰই ইয়াৰ পানী নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰি আছে [3]৷ যিটোৱে অসমত সুদূৰ ভৱিষ্যতে ব্যাপক প্ৰভাৱ পেলাব৷
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 Brahmaputra River, Encyclopædia Britannica
- ↑ http://www.indianetzone.com/29/origin_brahmaputra_river.htm
- ↑ http://news.outlookindia.com/item.aspx?724905
|
|||||