বৰআই ছিটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰআইৰ ছিটা প্ৰদানৰ ছবি, মূৰ ফলা বেজীটো মন কৰক[1]

বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে 'গো-বসন্ত' (cow pox) ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়। তেওঁ দেখুৱাইছিল যে গো-বসন্তৰ বীজাণু গাত থাকিলে বৰআইৰপৰা ৰক্ষা পাব পাৰি।

প্ৰতিষেধক বা ছিটা বুজাবলৈ ইংৰাজীত ব্যৱহৃত vaccine শব্দটি আহিছিল গৰুৰ বৰআই বুজাবলৈ ব্যৱহৃত Variolae Vaccinae শব্দৰপৰা। জেনাৰে গো-বসন্ত বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিছিল আৰু তাৰপৰাই ভেকচিন শব্দটো জনপ্ৰিয় হৈ পৰে।[2] Vaccination (প্ৰতিষেধক ছিটা প্ৰদান) শব্দটো ছপা আখৰত প্ৰথম ব্যৱহাৰ কৰিছিল জেনাৰৰ বন্ধু ৰিচাৰ্ড ডেনিংয়ে ১৮০০ চনত।[3] প্ৰাৰম্ভিক সময়ত অকল বৰআইৰ প্ৰতিষেধক ছিটাৰ বাবেহে vaccine শব্দটো ব্যৱহাৰ হৈছিল যদিও ১৮৮১ চনত আন এগৰাকী বিজ্ঞানী লুই পেষ্ট'ৰ-য়ে জেনাৰৰ সন্মানত নতুনকৈ আৱিষ্কৃত সকলো প্ৰতিষেককে ভেকচিন বোলাৰ প্ৰস্তাৱ ৰাখে।

ছিটা আৱিষ্কাৰৰ পূৰ্বৰ ইতিহাস[সম্পাদনা কৰক]

বৰআইৰ ভাইৰাছ (জীৱিত) অৱস্থাত থকা এটা প্ৰতিষেধক ভায়েল (vial), ভাৰতীয়

ছিটাৰ আৱিষ্কাৰৰ আগলৈ বৰআই এটা মৰাত্মক ৰোগ হিচাপে গণ্য কৰা হৈছিল। মহামাৰী ৰূপে বিয়পা এই ৰোগত কেতিয়াবা ৩৫%-ৰ ওপৰত মৃত্যুৰ হাৰ দেখা গৈছিল।[4] ইতিহাসৰ লিপিবদ্ধ তথ্যৰপৰা জনা যায় যে কৃত্ৰিম ভাৱে বৰআইৰ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস আগেয়েও আছিল। ভাৰতত খ্ৰী.পূ. ১৫০০ শতিকাতে কৃত্ৰিম ভাৱে বৰআইৰ বীজাণু গাত সুমুৱাই প্ৰতিৰোধ গঢ়াৰ উপায়ৰ বিষয়ে চিকিৎসক ধনন্তৰীয়ে উল্লেখ কৰিছিল।[5][6] অৱশ্যে এই বিষয়ে মত-পাৰ্থক্য নথকা নহয়। কিছুসংখ্যক গৱেষকৰ মতে সংস্কৃত পুথিত উল্লেখিত প্ৰতিষেধক ব্যৱস্থা ছিটাৰ দৰে নাছিল।[7] বৰআইৰ ছিটা প্ৰদানৰ বিষয়ত নিশ্চিত উল্লেখ পোৱা যায় চীনা লিখক ৱান কুৱান-ৰ (১৪৯৯-১৫৮২) দুঝেন হিন্‌ফা গ্ৰন্থত। এই গ্ৰন্থ ১৫৪৯ খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিল।[8] অৱশ্যে বৰআইৰ বাবে ছিটা প্ৰদান চীনত ব্যাপকভাৱে প্ৰচলিত হৈছিল মিং বংশৰ সম্ৰাট লংগিং-ৰ সময়ত (১৫৬৭-১৫৭২)।[9] বৰআইৰ উখহা দোবৰা-ৰ শুকাই যোৱা অংশৰ গুড়ি সুস্থ মানুহৰ নাকত ফুৱাই সুমুৱাই দি ছিটা প্ৰদান কৰা হৈছিল। এনেদৰে ছিটা প্ৰদান কৰা ব্যৱস্থাক ইংৰাজীত variolation বোলা হয়। variolation-ৰ দ্বাৰা গাত বীজাণু সোমোৱাৰ ফলত বৰআইৰ খন্তেকীয়া আৰু নৰম ৰূপ এটা প্ৰকাশ পায়, আৰু আগলৈ বৰআই হোৱাৰ সম্ভাৱনা নাথাকে। অৱশ্যে এই পদ্ধতিত ০.৫-২.০% ব্যক্তিৰ ৰোগত মৃত্যু হোৱাৰ আশংকা থাকে।

বীজাণু গাত সুমুৱাই প্ৰতিৰোধ দিয়াৰ ব্যৱস্থা সপ্তদশ শতিকাৰ তুৰস্ক, পাৰস্য আৰু আফ্ৰিকাৰ চিকিৎসকসকলে ব্যৱহাৰ কৰা জানিবলৈ পোৱা যায়। ১৭১৪ আৰু ১৭১৬ চনত তুৰস্কৰ পদ্ধতিৰে ইংৰাজ ৰাজ-প্ৰতিনিধিৰ ইষ্টানবুল স্থিত কাৰ্যালয়ত দুগৰাকী ব্যক্তিক ছিটা দিছিল ইংৰাজ চিকিৎসক ইমানুৱেল টিম'নি[10] আৰু গিয়াক'ম' পাইলাৰিনিয়ে। বৃটিছ ৰাজদূতৰ পত্নী মেৰী ৱৰ্টলী মণ্টেগু-য়ে ১৭২১ চনত ছিটা প্ৰদানৰ এই পদ্ধতি (variolation) ইংলেণ্ডলৈ নিয়ে।[11] ১৭২১ চনত লণ্ডনত বৰআইৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াত ৰাজপৰিয়ালটো ৰোগ সংক্ৰমণৰ ভয়ে দেখা দিয়ে[10] আৰু লেডী মণ্টেগুৱে কৰা প্ৰচেষ্টাৰে ছিটা প্ৰদানৰ সিদ্ধান্ত লয়। মেৰী মণ্টেগুৱে নিজৰ ৫ আৰু ৪ বছৰীয়া পুত্ৰ আৰু জীয়ৰীকো ছিটা প্ৰদান কৰাইছিল। অৱশ্যে ৰাজপৰিয়ালৰ চিকিৎসকে এই ব্যৱস্থা নিৰাপদ নহ'বও পাৰে বুলি মত দিয়ে আৰু প্ৰথমে কাৰাবন্দীৰ গাত প্ৰদান কৰা হয়। কেই সপ্তাহমানৰ ভিতৰতে কাৰাবন্দীসকলৰ ৰোগ ভাল হোৱা দেখি ৰাজপৰিয়ালৰ সদস্যয়ো ছিটা লয় আৰু ব্ৰিটিছ জনসাধাৰণকো ছিটাৰ নিৰাপত্তাৰ আশ্বাস দিয়ে।

এক মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত ১৭২১ চনত উত্তৰ আমেৰিকাত ছিটা প্ৰদান (variolation) ব্যৱস্থাৰ আৰম্ভণি হয়। এই ব্যৱস্থাৰ কথা ১৭০৬ চনত প্ৰথম জানিব পৰা গৈছিল। বষ্টন চহৰৰ এজন দাস অনিছমাছ (Oneismus)-ৰ দেহত আফ্ৰিকাত থকা সময়তে ছিতা প্ৰদান কৰা হৈছিল। [12] অৱশ্যে এইদৰে ছিটা প্ৰদান কৰা ব্যৱস্থাক তীব্ৰ সমালোচনা কৰা হৈছিল।[13] কিন্তু পৰীক্ষাত দেখা যায় যে ২৪৪ জন ছিটা লোৱা ব্যক্তিৰ মাজত বৰাইৰ ৰোগত মাত্ৰ ৬ জনৰ মৃত্যু হোৱাৰ বিপৰীতে, ছিটা নোলোৱা ৫৯৮০ জন ৰোগীৰ ৮৪৪ গৰাকী বৰআইত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল। লাহে সমগ্ৰ উপনিৱেশতে ছিটা-প্ৰদানৰ ব্যৱস্থা গঢ়ি উঠে।[14]

Early vaccination[সম্পাদনা কৰক]

জেম্‌ছ গিল্‌ৰে-ৰ দ্বাৰা অংকিত কাৰ্টুন: ইয়াত জেনাৰৰ প্ৰৱৰ্তিত ছিটা প্ৰদান বিষয়ত সেই সময়ত হোৱা বিতৰ্ক প্ৰতিফলিত হৈছে (১৮০২)

ছিটা-প্ৰদানৰ প্ৰাৰম্ভিক কালছোৱাত সংক্ৰমণৰ মাত্ৰা অতি বেছি আছিল। পেষ্ট'ৰৰ বীজাণু তত্ব আৰু লিষ্টাৰৰ 'সংক্ৰমণনাশক'ৰ বিষয়ে তেতিয়াও জনা হোৱা নাছিল। সেয়ে ছিটা নিৰ্মাণৰ সময়ত দুই-তিনিটা বীজাণুৰ প্ৰৱেশ ঘটিছিল। লণ্ডনৰ বৰআই চিকিৎসালয়ৰ মূৰব্বী আৰু ছিটা-দায়ক উইলিয়াল উডভিলে ছিটা প্ৰস্তুত কৰাৰ সময়ত গো-বসন্তৰ বীজাণূৰ লগত বৰআইৰ বীজাণু অজ্ঞাতে মিহলোৱাৰ ফলতে variolation হৈছিল বুলি কোৱা হয়। ছিটা প্ৰস্তুত কৰাৰ বাবে গো-বসন্তৰ নমুনা আহৰণ কৰাৰ সময়ত ভুল হোৱাৰ বাবে অন্যান্য ৰোগৰ বীজাণু মিহলি হোৱা বুলিও অনুমান কৰা হয়।[15]

প্ৰাম্ভিক পৰীক্ষণৰ সময়ছোআত ১৭৫৮ চনত এগৰাকী আমেৰিকান ব্যক্তি জনাথন এডৱাৰ্ডছৰ ছিটা লোৱা কালত মৃত্যু ঘটে। বৰ আইৰ ছিতাৰ প্ৰথম পৰিসংখ্যা গ্ৰহন আৰু বিশ্লেষণৰ কাম ১৭২৭ চনতে আৰম্ভ হৈছিল, কাম কৰিছিল জেম্‌ছ জুৰিনে। ১৭৬৬ চনত ডেনিয়েল বাৰ্নুলিয়ে পুনৰ পৰিসংখ্যা সংগ্ৰহ আৰু বিশ্লেষণ কৰে।[16] আন এগৰাকী গৱেষক ডা. জন ফিউষ্টাৰে ১৭৬৫ চনত "Cowpox and its ability to prevent smallpox" নামৰ এক গৱেষণা পত্ৰ লণ্ডন মেডিকেল ছ'চাইটিৰ আগত পাঠ কৰে।[17] তেওঁ দেখুৱাইছিল যে ছিটা প্ৰদানৰ পাছত আগতে গো-বসন্ত হৈ যোৱা ৰোগীৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া দেখা নাযায়।

এডৱাৰ্ড জেনাৰৰ জন্ম আৰু মৃত্যু হৈছিল ইংলেণ্ডৰ বাৰ্কলিত। ১৩ বছৰ বয়সত তেখেত ডেনিয়েল লুডল'ৰ অধীনত আৰু পাছলৈ শল্য-চিকিৎসক জৰ্জ হাৰ্ডৱিক-ৰ অধীনত কাম কৰে। ছডবুৰী নামৰ ঠাইত থাকোঁতেই তেখেতে লক্ষ্য কৰিছিল যে গৰু-ম'হৰ লগত কাম কৰা মানুহৰ মাজত বৰআই ওলোৱা দেখা নাযায়। তেখেতে দুয়োটাৰ মাজত এটা কাৰ্য-কাৰণ সম্পৰ্ক অনুমান কৰিছিল, কিন্তু সেই সময়ত তেখেতে ইয়াতকৈ বেছি ভবা নাছিল। ১৭৭০ চনৰপৰা ১৭৭২ চনলৈ জেনাৰে লণ্ডনৰ ছেইণ্ট জৰ্জেছ হস্পিটাল-ত উচ্চ প্ৰশিক্ষণ লয়। প্ৰশিক্ষণৰ অন্তত বাৰ্কলী-লৈ উভতি আহি ৰোগী চোৱা আৰম্ভ কৰে।[3] বৰআয়ে মহামাৰী ৰূপ লোৱাৰ সময়ত তেখেতে গো-পালনৰ লগত জড়িত লোকসকলক ছিটা ল'বলৈ উপদেশ দিয়ে, কিন্তু তেওঁলোকে কৈছিল যে আগতে গো-বসন্ত হৈ যোৱাৰ বাবে তেওঁলোকক বৰ আই নোলায়। এই খবৰে তেখেতে আগতে অনুমান কৰা সম্বন্ধটো নিশ্চিত কৰে। ইয়াৰ পাছতে তেওঁ বৰ আইৰ ওপৰত মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে, আৰু স্থানীয় মেডিকেল ছ'চাইটি-ক বৰআই সম্বন্ধে এখন পত্ৰ পাঠ কৰে।

বৰআইৰৰ প্ৰতিৰোধ আৰু গৰু-ম'হৰ লগত কাম কৰাৰ মাজৰ সম্বন্ধৰ বিষয়ে আন বহুতেই অনুমান কৰিছিল। ১৭৭০ চনৰ পাছত কম পক্ষেও চাৰিজন ব্যক্তিয়ে বৰআইৰ প্ৰতিৰোধৰ বাবে গো-বসন্তৰ টীকা দিয়াৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। এই ছয়গৰাকী ব্যক্তিৰ ভিতৰত আছিল: ছেভেল (Sevel), জেনছেন (Jensen), বেঞ্জামিন জেষ্টি (Benjamin Jesty, ১৭৭৪), ৰেণ্ডেল (Rendall), আৰু প্লেট (Plett, ১৭৯১). ১৭৯৬ চনত এগৰাকী গুৱালনী ছাৰা নেল্ম্‌ছ গো-বসন্তৰ চিকিৎসাৰ বাবে জেনাৰৰ ওচৰলৈ আহে। জেনাৰে নিজৰ তত্ব পৰীক্ষা কৰিবলৈ ছাৰাৰ আঠ বছৰীয়া পুত্ৰ জেম্‌ছ ফিপ্‌ছ-ৰ গাত মাকৰ গো-বসন্তৰ জোলাৰ দ্ৰৱ টীকা হিচাপে সুমুৱাই দিয়ে। পাতলীয়া জ্বৰ আৰু ক্ষত স্থানত এটা জোলা উঠি জেম্‌ছৰ ৰোগ ভাল হৈ যায়। ইয়াৰে দুমাহ পাছত জেনাৰে জেম্‌ছৰ গাত বৰআইৰ জোলাৰ দ্ৰৱ সুমুৱাই চায়। কিন্তু জেম্‌ছৰ গাত কোনো লক্ষণ ফুটি উঠা দেখা নগ'ল। ল'ৰাটোৱে বৰআইৰ প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিছিল।

জেনাৰে পৰ্যবেক্ষণ কৰা কথাখিনি এখন গৱেষণা পত্ৰ হিচাপে ৰয়েল ছ'চাইটী-লৈ প্ৰেৰণ কৰে ১৭৯৭ চনৰ এপ্ৰিল মাহত। তেখেতৰ পত্ৰখন এতিয়া পোৱা নাযায়। কাৰণ তেখেতে সেইখন ছ'চাইটীৰ ঠিকনালৈ পঠিওৱা নাছিল, পঠিয়াইছিল ছ'চাইটি-ৰ সভাপতি ছাৰ জোছেফ বেংকছলৈ ব্যক্তিগত পত্ৰ হিচাপেহে। জোছেফ বেংকছে পত্ৰখনক এভৰাৰ্ড হোম-লৈ মতামতৰ বাবে প্ৰেৰণ কৰে। এভৰাৰ্ড হোম-ৰ মন্তব্যহে প্ৰকাশিত হৈছিল। প্ৰকাশ পাইছিল ১৭৯৯ চনত। তেখেতৰ মন্তব্যত তেখেতে জেনাৰৰ তত্ব সম্পূৰ্ণ ৰূপে বিশ্বাস কৰা নাছিল যদিও আৰু পৰীক্ষা কৰি চাবলৈ পৰামৰ্শ দিছিল।[18] জেনাৰে পৰামৰ্শ মানি তেখেতৰ পৰীক্ষা চলাই যায় আৰু ১৭৯৮ চনত তেখেতৰ ২৩-টা কেছ-ৰ বিশ্লেষণ প্ৰকাশ কৰে। এই ২৩ টা কেছৰ ভিতৰত ভিতৰত ছিটা দিয়া ৰোগীৰ উপৰিও প্ৰাকৃতিকভাৱে গো-বসন্ত হৈ যোৱাৰ পাছত বৰআই নোলোৱা ৰোগীও আছিল। জেনাৰে ঠিক কিমানজন ৰোগীত পৰীক্ষা কৰিছিল শুদ্ধকৈ জনা নাযায়। কাৰণ ২৩ নং কেছৰ বিৱৰণীত জেনাৰে 'কেবাজনো শিশু আৰু প্ৰাপ্তবয়স্ক' বুলি উল্লেখ কৰিছে। সম্ভৱত: কমেও চাৰিগৰাকী ৰোগী য'ত জেনাৰে বৰআইৰে টীকা দিছিল, তেওঁলোক কোনো অসুবিধা নোহোৱাকৈ ৰৈছিল। সিদ্ধান্ত হিচাপে জেনাৰে দেখুৱাইছিল যে গো-বসন্তৰে প্ৰস্তুত কৰা টীকাৰে নিৰাপদ ভাৱে বৰআই প্ৰতিহত কৰিব পাৰি। কিন্তু দিৰ্ঘদিনীয়া পৰীক্ষা অবিহনেই তেওঁ এইবুলিও ঘোষণা কৰিছিল যে এই প্ৰতিৰোধ ব্যৱস্থা জীৱনজোৰা হয়। জীৱনজোৰা প্ৰতিৰোধ ক্ষমতা প্ৰকৃততে এই ছিটাৰপৰা হোৱা নাছিল।[2] জেনাৰে 'আচল' গো-বসন্ত আৰু 'নকল' গো-বসন্ত বুলি দুটা ভাগত ভগোৱাৰ প্ৰয়াস কৰিছিল। যিবোৰ গো-বসন্তৰ টীকাই হ'বলগীয়া লক্ষণবোৰ সৃষ্টি কৰা নাছিল বা প্ৰয়োজনতকৈ বেছিকৈ কৰিছিল, তেনেবোৰক জেনাৰে 'নকল' গো-বসন্ত বুলি অভিহিত কৰিছিল। আধুনিক গৱেষণাৰপৰা জনা গৈছে যে জেনাৰে আচল আৰু নকল বুলি অসংক্ৰামক ছীটা, বা আন ভাইৰাছ (যেনে. paravaccinia/milker's nodes), বা বেক্টেৰিয়াৰে সংক্ৰমিত হৈ পৰা কোনো জোলাৰ কথা বুজাইছিল। এই বিষয়টোৱে সেই সময়ত বেছ খেলিমেলিৰ সৃষ্টি কৰিছিল যদিও, পাছলৈ এইখিনি প্ৰতিষেধকৰ গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ দিশ বুলি বিবেচিত হয়।[19]

By 1800, Jenner's work had been published in all the major European languages and had reached Benjamin Waterhouse in the United States — an indication of rapid spread and deep interest.[20] Despite some concern about the safety of vaccination the mortality using carefully selected vaccine was close to zero, and it was soon in use all over Europe and the United States.[21] [22]

The Balmis Expedition took the vaccine to Spanish America in 1804

In 1804 the Balmis Expedition, an official Spanish mission commanded by Francisco Javier de Balmis, sailed to spread the vaccine throughout the Spanish Empire, first to the Canary Islands and on to Spanish Central America. While his deputy, José Salvany, took vaccine to the west and east coasts of Spanish South America, Balmis sailed to Manila in the Philippines and on to Canton and Macao on the Chinese coast. He returned to Spain in 1806.[23]

The question of who first tried cowpox inoculation/vaccination cannot be answered with certainty. Most, but still limited, information is available for Benjamin Jesty, সাঁচ:Ill and John Fewster. In 1774 Jesty, a farmer of Yetminster in Dorset, observing that the two milkmaids living with his family were immune to smallpox, inoculated his family with cowpox to protect them from smallpox. He attracted a certain amount of local criticism and ridicule at the time then interest waned. Attention was later drawn to Jesty, and he was brought to London in 1802 by critics jealous of Jenner's prominence at a time when he was applying to Parliament for financial reward.[24] During 1790-92 Peter Plett, a teacher from Holstein, reported limited results of cowpox inoculation to the Medical Faculty of the University of Kiel. However, the Faculty favoured variolation and took no action.[25]John Fewster, a surgeon friend of Jenner's from nearby Thornbury, discussed the possibility of cowpox inoculation at meetings as early as 1765. He may have done some cowpox inoculations in 1796 at about the same time that Jenner vaccinated Phipps. However Fewster, who had a flourishing variolation practice, may have considered this option but used smallpox instead. He thought vaccination offered no advantage over variolation, but maintained friendly contact with Jenner and certainly made no claim of priority for vaccination when critics attacked Jenner's reputation.[26] It seems clear that the idea of using cowpox instead of smallpox for inoculation was considered, and actually tried in the late 18th century, and not just by the medical profession. Therefore, Jenner was not the first to try cowpox inoculation. However, he was the first to publish his evidence and distribute vaccine freely, provide information on selection of suitable material, and maintain it by arm-to-arm transfer. The authors of the official WHO account Smallpox and its Eradication assessing Jenner's role wrote:[27]

Publication of the Inquiry and the subsequent energetic promulgation by Jenner of the idea of vaccination with a virus other than variola virus constituted a watershed in the control of smallpox for which he, more than anyone else deserves the credit.

As vaccination spread, some European countries made it compulsory. Concern about its safety led to opposition and then repeal of legislation in some instances.[28][29] Compulsory infant vaccination was introduced in England by the 1853 Vaccination Act. By 1871, parents could be fined for non-compliance, and then imprisoned for non-payment.[30] This intensified opposition, and the 1898 Vaccination Act introduced a conscience clause. This allowed exemption on production of a certificate of conscientious objection signed by two magistrates. Such certificates were not always easily obtained and a further Act in 1907 allowed exemption by a statutory declaration which could not be refused. Although theoretically still compulsory, the 1907 Act effectively marked the end of compulsory infant vaccination in England.[31]

In the United States vaccination was regulated by individual states, the first to impose compulsory vaccination being Massachusetts in 1809. There then followed sequences of compulsion, opposition and repeal in various states. By 1930 Arizona, Utah, North Dakota and Minnesota prohibited compulsory vaccination, 35 states allowed regulation by local authorities, or had no legislation affecting vaccination, whilst in ten states, including Washington D.C. and Massachusetts, infant vaccination was compulsory.[32] Compulsory infant vaccination was regulated by only allowing access to school for those who had been vaccinated.[33] Those seeking to enforce compulsory vaccination argued that the public good overrode personal freedom, a view supported by the U.S. Supreme Court in Jacobson v. Massachusetts in 1905, a landmark ruling which set a precedent for cases dealing with personal freedom and the public good.

Louis T. Wright,[34] an African American and Harvard Medical School graduate (1915), introduced intradermal vaccination for smallpox for the soldiers while serving in the Army during World War I.[35]

Leslie Collier developed a freeze-drying method to produce a more heat-stable smallpox vaccine in the late 1940s.[36][37] Collier added a key component, peptone, a soluble protein, to the process. This protected the virus, enabling the production of a heat-stable vaccine in powdered form. Previously, smallpox vaccines would become ineffective after one to two days at ambient temperature.

The development of his vaccine production method played a large role in enabling the World Health Organization to initiate its global smallpox eradication campaign in 1967.

নিৰ্মূলকৰণ[সম্পাদনা কৰক]

বৰাআই নিৰ্মূল আঁচনিৰ প'ষ্টাৰ

বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৭ চনত বৰআই নিৰ্মূল কৰে। বিশ্বজুৰি মহামাৰীৰ ব্যাপক সন্ধান আৰু প্ৰতিষেধক আঁচনিৰ দ্বাৰা এই কাম সিদ্ধ হৈছিল। কিন্তু বৰ‌আইৰ কাৰক ভেৰিঅ'লা ভাইৰাছটো সম্পূৰ্ণকৈ ধ্বংস কৰা নহ'ল। ভাইৰাছবিধৰ তিনিটা জ্ঞাত ভঁৰালৰ এটা ইংলেণ্ডৰ বাৰ্মিংহামত অৱস্থিত আছিল আৰু দুৰ্ঘটনাবশতঃ জেনেট পাৰ্কাৰ নামৰ কৰ্মীগৰাকীৰ মৃত্যুৰ পিছত ইয়াক ধ্বংস কৰা হয়। আন দুটা ক্ৰমে আটলাণ্টা, জৰ্জিয়াৰ Centers for Disease Control and Prevention আৰু ক'ল্‌স্ত'ভ', ৰাচিয়াৰ State Research Center of Virology and Biotechnology (VECTOR)ত অৱস্থিত। সম্ভাব্য জৈৱিক অস্ত্ৰৰ মোকাবিলা কবিবলৈ আৰু ভৱিষ্যতে আৱিষ্কাৰ হ'ব পৰা প্ৰাকৃতিক ভেৰিঅ'লা ভাইৰাছৰ গৱেষণাৰ বাবে এই ভঁৰাল দুটা ৰখা হৈছে বুলি তেওঁলোকে কয়।

উত্তৰ-নিৰ্মূলকৰণ প্ৰতিষেধক[সম্পাদনা কৰক]

চিত্ৰ:Smallpoxday10.jpg
Smallpox vaccination lesion, ten days after vaccination.

জেনাৰে প্ৰতিষেধকৰ বাবে গো-বসন্তৰ ভাইৰাছ ব্যৱহাৰ কৰিছিল যদিও আজিকালি ছিটাত গো-বসন্ত আৰু বৰ‌আইৰ লগত মিল থকা vaccinia (fলেটিন vacca = গৰু) নামৰ এবিধ ভাইৰাছ থাকে। ই কম মাত্ৰাৰ সংক্ৰমণ কৰিব পাৰে। কিন্তু দেহৰ প্ৰতিৰোধ তন্ত্ৰ দুৰ্বল হৈ থাকিলে (যেনে- কিম'থেৰাপী লৈ থকা ৰোগী, এইড্‌ছ ৰোগী, বেচু হোৱা লোক) ই জটিলতাৰ সৃষ্টি কৰে আৰু সেইবাবে ইয়াক গৰ্ভৱতী মহিলাৰ বাবে নিৰাপদ বুলি গণ্য কৰা নহয়। এমাহৰ ভিতৰত গৰ্ভ ধাৰণ কৰাৰ পৰিকল্পনা থাকিলে সন্তান জন্ম নোহোৱালৈকে এই ছিটা ল'ব নালাগে। মহামাৰীৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে সম্ভৱ হ'লে গৰ্ভধাৰণ পিছুৱাব লাগে। অতি কম সংখ্যক মানুহৰ দেহত প্ৰতিষেধকটোৱে নানা বিৰূপ ক্ৰিয়া কৰিব পাৰে যাৰ ভিতৰত সকলোতকৈ গভীৰ হৈছে স্নায়ৱিক প্ৰণালীৰ ক্ষতি।[38] দুৰ্বল কৰি তোলা vaccinia ভাইৰাছেৰে ছিটা নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে, কিন্তু তেনে ছিটাৰ কাৰ্যকাৰিতা সম্পৰ্কে কিছু গৱেষকে প্ৰশ্ন তুলিছে। Centers for Disease Control and Prevention (CDC),ৰ মতে "অনাবৃত হোৱাৰ ৩ দিনৰ ভিতৰত ছিটা ল'লে বেছিভাগ মানুহৰে বৰ‌আই প্ৰতিৰোধ হ'ব বা লক্ষণৰ প্ৰাবল্য বহুগুণে কমি যাব। অনাবৃত হোৱাৰ ৪-৭ দিনৰ ভিতৰত ছিটা ল'লে ৰোগটোৰ পৰা কিছু সুৰক্ষা পোৱা যাব বা প্ৰাবল্যৰ তাৰতম্য হ'ব।"

২০০৭ চনৰ মে' মাহত FDA-ৰ প্ৰতিষেধক আৰু জৈৱিক সামগ্ৰী সম্পৰ্কীয় উপদেষ্টা সমিতিয়ে প্ৰকাশ কৰে যে Acambis-এ প্ৰস্তুত কৰা জীৱিত ভাইৰাছ ACAM2000 বৰ‌আইৰ বাবে সুৰক্ষিত আৰু উপযুক্ত। কিন্তু পিছত দেখা যোৱা অত্যাধিক বিৰূপ ক্ৰিয়াৰ বাবে এই প্ৰতিষেধকটো CDC-ৰ ওচৰত জৰুৰীকালিন অৱস্থাৰ বাবেহে সাঁচি ৰখা হৈছে।[39]

এটা নতুন, সুৰক্ষিত প্ৰতিষেধক বিকাশ কৰাৰ মুখ্য সমস্যা এয়ে যে প্ৰতিৰোধী ক্ষমতাযুক্ত ব্যক্তিৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাহিৰে ইয়াৰ গুণাগুণ মানুহৰ ওপৰত পৰীক্ষা কৰিব নোৱাৰি আৰু আন জন্তুৰ প্ৰাকৃতিকভাৱে বৰআই নহয়। গৱেষণাগাৰত বান্দৰক সংক্ৰমিত কৰি চোৱা হৈছে যদিও কেৱল জন্তুক মানুহৰ ৰোগেৰে কৃত্ৰিমভাৱে সংক্ৰমিত কৰি চালে মিছা আৰু অনুপযুক্ত ফলাফল ওলাব পাৰে। সুৰক্ষা আৰু গুণাগুণ সাব্যস্ত কৰিবলৈ জন্তুৰ ওপৰত কৰা পৰীক্ষাৰ তথ্য মানুহৰ লগত মিলাই চাব‌ই লাগিব।

আমেৰিকা যুক্তৰাষ্ট্ৰত FDA-ই বৰ‌আই আৰু বান্দৰ-বসন্তৰ বাবে কেৱল বৰ‌আইৰ ছিটাকে অনুমোদন দিছে। সংক্ৰমণ হোৱাৰ পিছত ছিটা দিলে লক্ষণসমূহ ফুটি উঠাৰ আগতেই দিব লাগে।

বৰ্তমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই এই নিয়ম কৰি দিছে যে মধ্য-পূব এছিয়াত কৰ্মত নিয়োজিত সকলো কৰ্মচাৰীয়েই যোৱাৰ আগতে বৰ‌আইৰ ছিটা লব লাগিব। যুক্তৰাষ্ট্ৰৰ সীমাৰ বাহিৰলৈ যোৱা স্থলসেনা, জলসেনা বা নাবিকৰ বাবেও এই নিয়মটো প্ৰযোজ্য।

HIV-ৰ বিৰুদ্ধে সুৰক্ষা[সম্পাদনা কৰক]

শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে বৰ‌আই ভাইৰাছে HIVৰ বিৰুদ্ধে কিছু সুৰক্ষা প্ৰদান কৰে। বৰ‌আইৰ ভাইৰাছ আৰু HIV দুয়োটাই শ্বেত ৰক্ত কণিকাৰ পৃষ্ঠভাগত থকা CCR5 নামৰ উপগ্ৰাহকবিধৰ লগত সংযুক্ত হয়। গৱেষকসকলে অনুমান কৰামতে আশীৰ দশকৰ প্ৰথমভাগত HIV ভয়াবহভাৱে বিয়পি পৰাৰ কাৰণ আছিল সত্তৰৰ দশকৰ শেষৰফালে বৰ‌আইৰ নিৰ্মূলকৰণ আৰু বিশ্বজুৰি এই প্ৰতিষেধকৰ ব্যৱহাৰ বন্ধ কৰা। এটা পৰীক্ষাত বৰ‌আই ছিটাই HIV-ৰ সংজনন পাঁচগুণ কমাই পেলোৱা দেখা গৈছে।[40]

প্ৰতিষেধক ভঁৰাল[সম্পাদনা কৰক]

২০০১ চনৰ শেষৰফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত ৰাজ্য চৰকাৰে ৰাইজক জৈৱসন্ত্ৰাসবাদৰ কোনো "নিৰ্দিষ্ট বা বিশ্বাসযোগ্য" ভাবুকি নাই বুলি কৈও বৰ‌আইৰ ছিটা সাঁচি ৰখাৰ কথা চিন্তা কৰে।[41] পিছলৈ State Research Center of Virology and Biotechnology VECTOR প্ৰতিষ্ঠানৰ সঞ্চালকে সঁকিয়াই দিয়ে যে সন্ত্ৰাসবাদীয়ে সহজেই কম মজুৰি পোৱা ছোভিয়েট গৱেষকক ফুচুলাই বৰ‌আইৰ সঁচ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁ এই বুলি কয়- "All you need is a sick fanatic to get to a populated place. The world health system is completely unprepared for this."[42]

সংযুক্ত ৰাজ্যত প্ৰতিষেধকবিধ যোগান ধৰিবলগীয়া প্ৰতিষ্ঠানৰটোৰ মালিক পল ড্ৰেয়চনৰ ৰাজনৈতিক সংযোগৰ কথা ফাদিল হোৱাত বিতৰ্কৰ সৃষ্টি হয়। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ কৰা প্ৰতিষেধককৈ ইয়াৰ প্ৰকাৰ বেলেগ হোৱাকো লৈ প্ৰশ্ন উঠে।[43] প্ৰতিষেধকৰ প্ৰয়োজনীয়তা আৰু বিৰূপ ক্ৰিয়াক লৈ প্ৰশ্ন উঠাত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰিকল্পনা কৰা সমূহীয়া টীকাকৰণ স্থগিত ৰখা হয়।[44]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Rubin, Benjamin (1980). "A note on the development of the bifurcated needel for smallpox vaccination". WHO Chronicle খণ্ড 34 (5): 180–1. PMID 7376638. 
  2. 2.0 2.1 Baxby, Derrick (1999). "Edward Jenner's Inquiry; a bicentenary analysis". Vaccine খণ্ড 17 (4): 301–7. doi:10.1016/S0264-410X(98)00207-2. PMID 9987167. 
  3. 3.0 3.1 Bailey, Ian (1996). "Edward Jenner (1749-1823); naturalist, scientist, country doctor, benefactor to mankind". Journal of Medical Biography খণ্ড 4 (1): 63–70. 
  4. Ryan KJ, Ray CG (eds) (2004). Sherris Medical Microbiology (4th সম্পাদনা). McGraw Hill. পৃষ্ঠা. 525–8. ISBN 0-8385-8529-9. 
  5. Shelton, Herbert M. (ca. 1950). Vaccine and Serum Evils (1966 সম্পাদনা). প্ৰকাশক San Antonio, TX: Dr. Shelton's Health School. পৃষ্ঠা. 5. OCLC 69696522. 
  6. Bourzac K; Bernoulli, D (2002). "Smallpox: Historical Review of a Potential Bioterrorist Tool". Journal of Young Investigators খণ্ড 6 (3): –. http://www.jyi.org/volumes/volume6/issue3/features/bourzac.html. 
  7. Wujastyk D (1995). "Medicine in India". Oriental Medicine: An Illustrated Guide to the Asian Arts of Healing. প্ৰকাশক London: Serindia Publications. পৃষ্ঠা. 19–38.. ISBN 0-906026-36-9. 
  8. Needham J (1999). "Part 6, Medicine". Science and Civilization in China: Volume 6, Biology and Biological Technology. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 134. 
  9. Temple R (1986). The Genius of China: 3,000 Years of Science, Discovery, and Invention. প্ৰকাশক New York: Simon and Schuster. পৃষ্ঠা. 137. ISBN 0-671-62028-2. 
  10. 10.0 10.1 Behbehani AM; Blower, Sally (1983). "The smallpox story: life and death of an old disease". Microbiol Rev খণ্ড 47 (4): 455–509. PMID 6319980. 
  11. Aboul-Enein, Basil H.; Ross, Michael W.; Aboul-Enein, Faisal H. (2012). "Smallpox inoculation and the Ottoman contribution: A Brief Historiography". Texas Public Health Journal খণ্ড 64 (1): 12. http://www.academia.edu/1546580/Smallpox_inoculation_and_the_Ottoman_contribution_A_brief_historiography. 
  12. Willoughby B (12 February 2004). "BLACK HISTORY MONTH II: Why Wasn't I Taught That?". Tolerance in the News. http://www.tolerance.org/news/article_tol.jsp?id=942। আহৰণ কৰা হৈছে: 4 December 2008. 
  13. "Open Collections Program: Contagion, The Boston Smallpox Epidemic, 1721". http://ocp.hul.harvard.edu/contagion/smallpox.html। আহৰণ কৰা হৈছে: 27 August 2008. 
  14. Fenner, F.; Henderson, D. A.; Arita, I.; Jezek, Z.; Ladnyi, I.D. (1988) (PDF). Smallpox and Its Eradication (History of International Public Health, No. 6). প্ৰকাশক Geneva: World Health Organization. ISBN 92-4-156110-6. http://whqlibdoc.who.int/smallpox/9241561106.pdf। আহৰণ কৰা হৈছে: 5 November 2013. 
  15. http://lachlan.bluehaze.com.au/london2001/august2001/18aug2001c/
  16. Blower S, Bernoulli D (2004). "An attempt at a new analysis of the mortality caused by smallpox and of the advantages of inoculation to prevent it. 1766" (pdf). Rev. Med. Virol. খণ্ড 14 (5): 275–88. doi:10.1002/rmv.443. PMID 15334536. Archived from the original on 2006-09-05. http://web.archive.org/20060905063413/www.semel.ucla.edu/biomedicalmodeling/pdf/Bernoulli&Blower.pdf. 
  17. Hopkins, Donald R. (2002). The greatest killer: smallpox in history. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 80. ISBN 0226351661. 
  18. Baxby, Derrick (1999). "Edward Jenner's unpublished cowpox Inquiry and the Royal Society: Everard Home's report to Sir Joseph Banks". Medical History খণ্ড 43 (1): 108–110. doi:10.1017/S0025727300064747. PMID 10885136. 
  19. Baxby, Derrick (2001). Smallpox Vaccine, Ahead of Its Time – How the Late Development of Laboratory Methods and Other Vaccines Affected the Acceptance of Smallpox Vaccine. প্ৰকাশক Berkeley, UK: Jenner Museum. পৃষ্ঠা. 12–16. ISBN 978-0-9528695-1-1. 
  20. Hopkins 2002, p. 262–267
  21. Bazin, Hervé (2000). The Eradication of Smallpox. প্ৰকাশক London: Academic Press. পৃষ্ঠা. 94–102. ISBN 0-12-083475-8. 
  22. Rusnock, Andrea (2009). "Catching Cowpox: the early spread of smallpox vaccination". Bull. Hist. Med. খণ্ড 83 (1): 17–36. 
  23. Smith, Michael M (1970). "The 'Real Expedición Marítima de la Vacuna' in New Spain and Guatemala". Trans Amer. Phil. Soc. N.s. খণ্ড 64 (4): 1–74. doi:10.2307/1006158. 
  24. Pead, Patrick P (2003). "Benjamin Jesty: new light in the dawn of vaccination". Lancet খণ্ড 362 (9401): 2104–9. doi:10.1016/S0140-6736(03)15111-2. PMID 14697816. 
  25. Plett, Peter C (2006). "Übrigen Entdecker der Kuhpockenimpfung vor Edward Jenner" (in German ভাষাত). Sudhoffs Arch. খণ্ড 92 (2): 219–32. PMID 17338405. 
  26. Williams, Gareth (2010). Angel of Death; the story of smallpox. প্ৰকাশক Basingstoke: Palgrave Macmillan. পৃষ্ঠা. 162–173. ISBN 978-0-230-27471-6. 
  27. Fenner et al 1988, p. 264.
  28. Williams p. 236–240.
  29. Williamson, Stanley (2007). Vaccination Controversy; the rise, reign and decline of compulsory vaccination. প্ৰকাশক Liverpool: Liverpool University Press. ISBN 9781846310867. 
  30. Williamson 2007, p. 202−213.
  31. Williamson 2007, p. 233–238.
  32. Hopkins 2002, p. 84–86.
  33. George, Newell A (1952). "Compulsory Smallpox Vaccination". Publ. Hlth. Rep. খণ্ড 67 (11): 1135–1138. 
  34. "A Brief Biography of Dr. Louis T. Wright". North by South: from Charleston to Harlem, the great migration. http://northbysouth.kenyon.edu/1998/health/wright.htm। আহৰণ কৰা হৈছে: 23 September 2006. 
  35. "Spotlight on Black Inventors, Scientists, and Engineers". Department of Computer Science of Georgetown University. http://www.cs.georgetown.edu/~blakeb/mm/BHM/Spotlight%20on%20Black%20Inventors,%20Scientists,%20and%20Engineers.htm। আহৰণ কৰা হৈছে: 23 September 2006. [সংযোগবিহীন উৎস]
  36. Collier, L H (1955). "The development of a stable smallpox vaccine". The Journal of hygiene খণ্ড 53 (1): 76–101. doi:10.1017/S002217240000053X. ISSN 0022-1724. PMID 14367805. 
  37. "Professor Leslie Collier". The Telegraph. 22 March 2011. http://www.telegraph.co.uk/news/obituaries/8399116/Professor-Leslie-Collier.html। আহৰণ কৰা হৈছে: 2 May 2013. 
  38. Joanne Cono, M.D, Christine G. Casey, M.D, David M. Bell, M.D (2 অক্টোবৰ, 2013). "Smallpox Vaccination and Adverse Reactions". Centers for Disease Control and Prevention. http://www.cdc.gov/mmwr/preview/mmwrhtml/rr5204a1.htm। আহৰণ কৰা হৈছে: 30 ডিচেম্বৰ 2013. 
  39. "Vaccines and Related Biological Products Advisory Committee Meeting". Food and Drug Administration. 17 May 2007. http://www.fda.gov/ohrms/dockets/ac/07/briefing/2007-4292B2-00-index.htm। আহৰণ কৰা হৈছে: 2 May 2013. 
  40. "Smallpox demise linked to spread of HIV infection". The BBC. 17 May 2010. http://news.bbc.co.uk/2/hi/health/8686750.stm। আহৰণ কৰা হৈছে: 18 May 2010. 
  41. Womack, Sara (22 October 2001). "Talks on medicines to fight bio-terrorism". প্ৰকাশক London: The Telegraph. http://www.telegraph.co.uk/news/main.jhtml?xml=/news/2001/10/22/wthrax22.xml। আহৰণ কৰা হৈছে: 23 November 2007. 
  42. Aris B, Highfield R, Broughton PD (6 November 2001). "Warning of smallpox terror risk". The Daily Telegraph (London). http://www.telegraph.co.uk/news/main.jhtml?xml=/news/2001/11/06/wpox06.xml। আহৰণ কৰা হৈছে: 23 November 2007. 
  43. Elliott, Francis (14 April 2002). "Labour claims unravel over vaccine deal". প্ৰকাশক London: The Telegraph. http://www.telegraph.co.uk/news/uknews/1390812/Labour-claims-unravel-over-vaccine-deal.html। আহৰণ কৰা হৈছে: 4 December 2008. 
  44. DeBoer, Kara (20 May 2002). "Study: Should America vaccinate?". The Michigan Daily. http://www.michigandaily.com/content/study-should-america-vaccinate। আহৰণ কৰা হৈছে: 23 November 2007. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বহিঃ সংযোগ[সম্পাদনা কৰক]

সাঁচ:Vaccines