বৰটোকোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰটোকোলা (Lesser Adjutant)
বৰটোকোলা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Leptoptilos
প্ৰজাতি: L. javanicus
বৈজ্ঞানিক নাম
Leptoptilos javanicus
Horsfield, 1821

বৰটোকোলা ইংৰাজী নাম: Lesser Adjutant Stork, বৈজ্ঞানিক নাম: (Leptoptilos javanicus); ‘Ciconiidae ‘ পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই৷ এই গোত্ৰৰ অন্যন্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)৷ ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়৷ বৰটোকোলা দক্ষিণ-পূব এছিয়াভাৰত ৰ পৰা জাভা লৈকে বহুল ভাৱে বিস্তৃত৷

বিৱৰণ[সম্পাদনা কৰক]

বৰটোকোলাৰ মূৰ অংশ

বৰটোকোলা হ'ল ডাঙৰ ঠোঁট, তপামূৰীয়া, থিয় দীঘল প্রায় পাখিহীন ডিঙিৰে বগলীজাতীয় অলপ ডাঙৰ আকাৰৰ চৰাই । ইয়াৰ কান্ধ, পেট, বুকুত বগা পাখি আছে ৷ পিঠি আৰু ডেউকা ক'লা । ঠেং মটীয়া বৰণৰ ৷[2] ইয়াৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪৭-৯৩ ছে: মি: ; উচ্চতা প্ৰায় ১১০-১২০ ছে: মি: আৰু ইয়াৰ ওজন প্রায় ৪-৫.৭১ কি.গ্রা. হয় । [3][4][5] বৰটোকোলাৰ লগত প্ৰায়েই সামঞ্জস্য দেখা পোৱা অন্যবিধ চৰাইৰ প্ৰজাতি হ'ল হাড়গিলা ( Greaterer Adjutant), ইয়াৰ ডিঙিত এটা টোপোলা থাকে৷ কিন্তু বৰটোকোলাৰ ডিঙিত টোপোলা নাথাকে আৰু ই হাড়গিলাতকৈ আকাৰত সৰু । উৰন্ত অৱস্থাত ডিঙি ভাজটো টোপোলাৰ দৰে দেখা বাবে দূৰৈৰপৰা ইয়াক হাড়গিলা বুলি প্রায়ে ভুল কৰা হয় ।[6]মতা আৰু মাইকী চৰাটো দখাত একে যদিও মতাটোৰ ঠোঁটটোৰ আকাৰ অলপ ডাঙৰ ৷ [5][7]প্ৰজননৰ সময়ত ইয়াৰ মুখৰ অংশ ৰঙা আৰু ডিঙি অংশ কমলাৰঙী হৈ পৰে ।


বিতৰণ আৰু বসতিস্থল[সম্পাদনা কৰক]

বৰটোকোলা বহুলভাৱে বিস্তৃত আৰু প্ৰায়বোৰ অঞ্চলতে ই থলুৱা৷ ইয়াক সাধাৰণতে ঘন কাঠনিৰ মাজত ডাঙৰ নদী আৰু হ্ৰদ সমূহত দেখা পোৱা যায়৷ বৰটোকোলা ভাৰত, নেপাল[8] শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ [9] আদি দেশত পোৱা যায়৷ ভাৰতৰ পূৰ্বত্তৰ ৰাজ্য যেনে- অসম, পশ্চিমবংগ, বিহাৰ আদিত ইয়াৰ অধিক বিস্তৃতি দেখা যায় । ভুটানত ইয়াক অঘৰী পক্ষী হিচাবেহে দেখা যায় । [10]দক্ষিণ ভাৰতত ইয়াক প্রায় দেখা নাযায় বুলিব পাৰি ৷[11][12]

আচৰণ[সম্পাদনা কৰক]

বৰটোকোলাই জলাশয় সমূ্হত প্ৰধানকৈ মাছ, ভেকুলী, সৰীসৃপ আৰু ডাঙৰ আকাৰৰ অমেৰুদণ্ডী প্ৰাণীসমূহ খাই জীয়াই থাকে৷ প্ৰজননৰ সময়ত ইহঁতে কেতিয়াবা সৰু চৰাই আৰু নিগনি আদিও ধৰি খায়৷ সেই সময়ৰ বাদে অন্য সময়ত ই অকলশৰে থাকে৷ [3] উত্তৰ-পূব ভাআৰু দক্ষিণ ভাৰতত বৰটোকোলাৰ প্ৰজননৰ সময় ক্ৰমান্বয়ে নৱেম্বৰ-জানুৱাৰী আৰু ফেব্ৰুৱাৰী-মে’ হয়৷[13] ইয়াৰ বাহ প্ৰধানকৈ ওখ গছত ঠাল-ঠেঙুলী আদি দি বনোৱা হয়৷ বাহটোৰ দীঘ আৰু প্ৰস্থ ১ মিটাৰৰো অধিক আৰু সিমানেই গভীৰো হোৱা দেখা যায়৷[3] এবাৰত তিনিৰ পৰা চাৰিটাকৈ পোৱালি জন্ম হয়৷[13][14] সাধাৰণতে বৰটোকোলা নীৰৱ চৰাই৷ [6]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Leptoptilos javanicus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003840। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Blanford, WT (1898). The Fauna of British India. Birds. Volume 4. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 374–375. http://archive.org/stream/birdsindia04oaterich#page/375/mode/1up. 
  3. 3.0 3.1 3.2 Ali, S & SD Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 107–109. 
  4. Elliot, A. (1994). "Order Ciconiiformes. Family Ciconiidae (Storks)". In del Hoyo, J., A. Elliot & J. Sargatal. Handbook of the Birds of the World. Volume 1. Ostrich to Ducks. প্ৰকাশক Barcelona, Spain: Lynx Edicions. পৃষ্ঠা. 436–465. 
  5. 5.0 5.1 Hancock & Kushan, Storks, Ibises and Spoonbills of the World. Princeton University Press (1992), ISBN 978-0-12-322730-0
  6. 6.0 6.1 Rasmussen PC & JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 64. 
  7. Weckauf R & M Handschuh (2011). "A method for identifying the sex of lesser adjutant storks Leptoptilos javanicus using digital photographs". Cambodian Journal of Natural History (1): 23–28. http://www.cambosastra.org/wp-content/uploads/2011/08/CJNH-2011-July-2011.pdf. 
  8. Baral HS (2005). "Surveys for Lesser Adjutant Leptoptilos javanicus in and around Koshi Tappu Wildlife Reserve, Nepal". Forktail খণ্ড 21: 190–193. http://www.orientalbirdclub.org/publications/forktail/21pdf/Baral-Adjutant.pdf. 
  9. Subaraj R and A. F. S. L. Lok (2009). "Status of the Lesser Adjutant Stork (Leptoptilos javanicus)". Nature in Singapore খণ্ড 2: 107–113. http://rmbr.nus.edu.sg/nis/bulletin2009/2009nis107-113.pdf. 
  10. Choudhury, A. (2005). "First record of Lesser Adjutant Leptoptilos javanicus for Bhutan". Forktail খণ্ড 21: 164–165. http://www.orientalbirdclub.org/publications/forktail/21pdf/Choudhury-Adjutant.pdf. 
  11. Andheria, A. P. (2001). J. Bombay Nat. Hist. Soc. খণ্ড 98 (3): 443–445. 
  12. Andheria, A. (2003). "First sighting of lesser adjutant-stork Leptoptilos javanicus from Sanjay Gandhi National Park, Mumbai". J. Bombay Nat. Hist. Soc. খণ্ড 100 (1): 111. 
  13. 13.0 13.1 Baker, ECS (1929). Fauna of British India. Birds. Volume 6 (2 সম্পাদনা). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 329–330. http://archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n369/mode/1up. 
  14. Maust, M., Clum, N. and Sheppard, C. (2007). "Ontogeny of chick behavior: a tool for monitoring the growth and development of lesser adjutant storks". Zoo Biol. খণ্ড 26 (6): 533–538. doi:10.1002/zoo.20156. PMID 19360599. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]