বৰদৈবাম বিলমুখ পক্ষী উদ্যান
| বৰদৈবাম বিলমুখ পক্ষী উদ্যান | |
| — সংৰক্ষিত পক্ষী উদ্যান — | |
|
|
|
| স্থানাঙ্ক | 27°4′00″N 94°30′00″E / 27.066667°N 94.5°E |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | লখিমপুৰ, ধেমাজি |
| নিকটৱর্তী চহৰ | ধেমাজি,ঢকুৱাখনা,উত্তৰ লখিমপুৰ |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি • উচ্চতা |
• 55 m (180 ft) |
| দৰ্শনাৰ্থী | |
| প্ৰশাসক | ভাৰত চৰকাৰ, অসম চৰকাৰ |
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (ইংৰাজী: Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে। বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান।
সূচী |
[সম্পাদনা কৰক] বিৱৰণ
বৰদৈবাম বিলমুখ সমুদ্ৰপৃষ্ঠৰ প্ৰায় ৫০-৫৫ মি উচ্চতাত অৱস্থিত। এই বিলখন ১৯৫০ চনৰ বৰ ভুইকঁপৰ সময়ত সৃষ্টি হয়। বৰ ভুইকঁপ ইমান প্ৰবল আছিল যে সোৱণশিৰি নদীয়ে এই সময়তে ইয়াৰ গতিপথ সলনি কৰে, ফলস্বৰূপে বিল খনৰ সৃষ্টি হয়। সংৰক্ষিত পক্ষী উদ্যানখন বিলৰ পানী ভাগ আৰু চাৰিওফালৰ দলনি অঞ্চলেৰে আগুৰা পক্ষী আৰু জলজ প্ৰাণীৰ বাবে এক স্বৰ্গ। বিলখন ধেমাজি চহৰৰ পৰা ৫০ কিমি আৰু উত্তৰ লক্ষীমপুৰৰ পৰা প্ৰায় ৪৫ কিমি দূৰত্বত অৱস্থিত। প্ৰকৃতি প্ৰেমী আৰু পৰ্যতকৰ বাবেও ই এক মনোৰম স্থান। [1]
[সম্পাদনা কৰক] বৰদৈবামৰ প্ৰাণীকুল
[সম্পাদনা কৰক] পৰিভ্ৰমী আৰু দেশীয় পক্ষীসমূহ
প্ৰায় ২৫ বিধ মান পৰিভ্ৰমী আৰু দেশীয় পক্ষী বৰদৈবামত দেখিব পোৱা যায়। যেনে
- মাছোৰোকা
- হাড়গিলা
- পানী কাউৰি
পক্ষী কুলৰ বাহিৰেও বিলখন বিভিন্ন জলজ প্ৰাণী যেনে বিভিন্ন থলুৱা মাছ, কাছ, সাপ আদি আৰু বিভিন্ন জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰৰে ভৰপুৰ।