এই প্ৰবন্ধটো বৰপেটা জিলাৰ বিষয়ে। বৰপেটা জিলাৰ সদৰৰ বাবে
বৰপেটা চাওক।
বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।
অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল।[1] ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহ্কুমা সৃষ্টি হৈছিল, জ’ন্ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পুৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে বৰপেটা আৰু বজালী। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা বাক্সা জিলাত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।[1]
[সম্পাদনা কৰক] ভৌগলিক অবস্থিতি আৰু ভুখণ্ড
নামনি অসমৰ এই জিলা খনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ। বৰপেটা জিলাৰ উত্তৰে ভুটান পাহাৰ, পূবে নলবাৰী জিলা,দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও জিলা। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোনত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বয় গৈছে।
বছৰতোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়| গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে মাহলৈ, পিচত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্তোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।
ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।
|
|
|
| থোৰতে |
|
|
|
| ৰাজধানী |
|
|
| জিলা |
|
|
| মহকুমা |
|
|
| মুখ্য নগৰ |
|
|